গুৱাহাটী, 27 ডিচেম্বৰঃ আঞ্চলিকতাবাদী নেতা তথা জাতীয় নায়ক সকল, যিয়ে আন্দোলন কৰি নেতা হৈছিল সেই সকলে ৰাজ্যৰ খিলঞ্জীয়া জনগণৰ আৱেগ বুজি নোপোৱাটো গৰিহণাৰ যোগ্য বুলি মন্তব্য কৰে প্ৰাক্তন সাংসদ কিৰিপ চলিহাই ৷ শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি এনেদৰে মন্তব্য কৰে প্ৰাক্তন সাংসদ গৰাকীয়ে ৷
লগতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে আন্দোলনত শ্বহীদ হোৱা সকলৰ প্ৰতি বিজেপি দল আৰু ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰা সন্দৰ্ভত সৰৱ হৈ উঠিল কিৰিপ চলিহা । সংবাদমেলত চৰকাৰক গৰিহণা দিয়াৰ লগতে কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰতিজন নিহত নিৰীহলৈ 10 লাখ টকা দিয়া হৈছিল বুলি মন্তব্য কৰে কিৰিপ চলিহাই ৷
নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত পাঁচজনকৈ নিৰীহৰ মৃত্যু হোৱাৰ পাচতে বৰ্তমান লৈ শাসনাধীস্থ চৰকাৰে তদন্তৰ ঘোষণা নকৰাৰ কথাটো আশ্চৰ্যজনক বুলিও উল্লেখ কৰে সাংসদ গৰাকীয়ে ৷ অসম আন্দোলনত শ্বহীদ হোৱা 855 জন নিৰীহৰ বিচাৰ নহ'ল যদিও এইবাৰ এনে হ'বলৈ দিব নোৱাৰি বুলি মন্তব্য কৰিলে কিৰিপ চলিহাই ৷ দৰকাৰ হ'লে তদন্তৰ বাবে সাংসদ গৰাকী নিজেই ওলাই আহিব বুলিও জানিবলৈ দিয়ে সংবাদমেলত ।
আৰু পঢ়কঃ নৱবৰ্ষ উদযাপনঃ কঠোৰ হ'ব মহানগৰ প্ৰশাসন !