গুৱাহাটী, ৩১ জানুৱাৰীঃ অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰূপে শুকুৰবাৰে নিযুক্তি দিয়া হৈছে অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া পল্লৱ ভট্টাচাৰ্যক । সুদীৰ্ঘ সময় বিশেষ শাখাৰ আৰক্ষী সঞ্চালক প্ৰধানৰ পদমৰ্যদাৰে কাৰ্যনিৰ্বাহ কৰি ভট্টাচাৰ্যই অৱসৰ গ্ৰহণ কৰিছিল । ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালৰ অনুমোদনৰ পিছত শুকুৰবাৰে তেওঁক আনুষ্ঠানিকভাৱে অসম লোকসেৱা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি দিয়া হয় । ইয়াৰ উপৰিও অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া সঞ্জীৱ গোহাঁই বৰুৱা আৰু গুৱাহাটীৰ এছ বি দেওৰা কলেজৰ উপাধ্যক্ষ নিৰঞ্জন কলিতাক আয়োগৰ সদস্য ৰূপে নিযুক্তি দিয়া হৈছে ।
লগতে পঢ়ক:728 গৰাকী নাৰ্চ আৰু 400 জন চাৰ্ভিলেঞ্জ ৱৰ্কাৰক নিযুক্তি পত্ৰ বিতৰণ