গুৱাহাটী, 26 ছেপ্তেম্বৰ: সামান্য উন্নত অৱস্থালৈ ঘূৰি আহিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক অচ্যুত বৈশ্যই সদৰি কৰা মতে, চিকিৎসকৰ এটা বিশেষ দলে অনবৰতে নিৰীক্ষণত ৰাখিছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক ৷
ইয়াৰ লগতে,শনিবাৰে পুৱা সামান্য আহাৰ গ্ৰহণ কৰিছে গগৈয়ে ৷ এইমছৰ বিশেষজ্ঞৰ দলে প্ৰতি মূহুৰ্ততে তেওঁৰ খবৰ ৰাখিছে বুলি অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: SI নিযুক্তি কেলেংকাৰীঃ তিনিচুকীয়াৰ পৰা গ্ৰেপ্তাৰ জয়দেৱ বৰুৱা