গুৱাহাটী, 24 অক্টোবৰঃ "ছবিখন প্ৰথমৰ পৰা শেষলৈ বৰ ফুৰ্তিৰে চালো"-পি ভি আৰ চিনেমা হলত সপত্নীক উপস্থিত হৈ ৰত্নাকৰ ছবি উপভোগ কৰাৰ পাছত এই মন্তব্য কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ সম্পূৰ্ণ কৈ ছবি চোৱাৰ অভ্যাস নথকা তৰুণ গগৈয়ে প্ৰথমৰ পৰা শেষলৈ থাকি উপভোগ কৰিলে অভিলেখ সৃষ্টি কৰা অসমীয়া ছবিখন ৷ অভিনয়,চিত্ৰগ্ৰহণৰ পৰা দৃশ্যগ্ৰহণৰ স্থানলৈকে চিনেমাখনৰ সকলো দিশে আকৰ্ষিত কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক ৷ ছবিখনত অভিনয় কৰা প্ৰতিজন কলা কুশলীক প্ৰশংসা কৰাৰ লগতে অসমীয়া ছবিৰ ভাল দিন ঘূৰাই আনিবলৈ অসমৰ প্ৰতিখন জিলাৰ মহকুমা সমূহত ছবি ঘৰ নিৰ্মাণ কৰাৰ প্ৰয়োজনীয়তাৰ কথা ব্যক্ত কৰিলে তৰুণ গগৈয়ে ৷
লগতে পঢ়কঃ এটা জৰাজীৰ্ণ ডাকঘৰ আৰু দুজন কৰ্মচাৰী