ETV Bharat / state

মোক মাতিলেও নাযাওঁ ফিল্ম ফেয়াৰলৈ, হেমামালিনীক মোক নালাগে : তৰুণ গগৈ - অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

দিছপুৰ নিজ চৰকাৰী বাসভৱনত সংবাদমেল আয়োজন কৰি বড়ো চুক্তি, ধৰ্মৰ ৰাজনীতি, ফ্লীম ফ্লেয়াৰ আদি সন্দৰ্ভত বিজেপিক কঠোৰ সমালোচনা কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷

EX CM Tarun Gogoi Pressmeet
মোক মাতিলেও নাযাওঁ ফিল্ম ফেয়াৰলৈ, হেমামালিনীক মোক নালাগে : তৰুণ গগৈ
author img

By

Published : Jan 29, 2020, 11:49 PM IST

গুৱাহাটী,29 জানুৱাৰী: কেন্দ্ৰ চৰকাৰৰ মতে উঠা বহা কৰে ৰাজ্য চৰকাৰে, সংবাদমেলত এই মন্তব্য তৰুণ গগৈৰ ৷ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বুধবাৰে দিছপুৰস্থিত নিউ মিনিষ্টাৰ কলনীৰ চৰকাৰী বাসভৱনত এক সংবাদমেল সম্বোধন কৰি বহু মন্তব্য আগবঢ়ায় ৷ তৰুণ গগৈয়ে কয় যে বড়োলেণ্ডৰ সৰহ সংখ্যক লোকে বড়ো শান্তি চুক্তি গ্ৰহণ কৰা নাই । বড়ো শান্তি চুক্তি গ্ৰহণযোগ্য নহয় । বৰ্তমান সময়তে এই চুক্তিৰ বিৰুদ্ধে বহু লোক ওলাই আহিছে । আমাৰ শাসন কালত ২০১৩ চনত আমিও এই চুক্তি কৰিছো যদিও ৫০-৫০ অসম বিভাজন মানি লোৱা নাছিলো । একপক্ষীয় চুক্তিৰ বাবে বড়োলেণ্ডত বসবাস কৰা অসমৰ বহু অন্যান্য জনগোষ্ঠী সমূহ ন্যায় প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ আন্দোলন কৰি আছে । নৱ শৰণীয়া, যিয়ে ইয়াক প্ৰতিফলিত কৰিছে । বড়োলেণ্ড কেৱল বড়ো সকলৰ বাবে নহয় । এই চুক্তিয়ে এক নতুন সমস্যাৰ জন্ম দিয়াৰ লগতে অশান্তিৰ সৃষ্টি কৰিব বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে । এই আন্দোলন কাৰ্বি আংলঙলৈ বিয়পি যাব বুলি ইংগিত দেখা গৈছে । বড়ো সকলক অধিকাৰ দিয়াৰ লগে লগে অসমত বসবাস কৰা কাৰ্বি, হাচং, মিছিং, সকলেও প্ৰশ্ন উত্থাপণ কৰিব যে তেওঁলোকক কিয় দিয়া নাই ? এই সংবাদমেলত গগৈ ডাঙৰীয়াই বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে সন্ত্ৰাসবাদীয়ে যিসকলক মাৰিলে সেইসকলক কিয় আৰ্থিক সাহায্য নিদিয়ে বিজেপিয়ে ? দোষীক টকা দি নিৰ্দোষীক টকা নিদিয়ে এইটো বুজি নাপালে চৰকাৰখনে । অসমৰ ছয় জনগোষ্ঠীক বিগত ছয় বছৰে বিজেপি চৰকাৰে কিয় জনজাতিকাৰণ নিদিলে বুলি প্ৰশ্ন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক:আলোচনাৰ মেজলৈ আহিব নেকি পৰেশ বৰুৱা: কি বিচাৰে পৰিয়ালে !

তৰুণ গগৈয়ে বিজেপিক সমালোচনা কৰি কয় যে, ভাৰতীয় জনতা পাৰ্টীয়ে জনজাতি, জনগোষ্ঠী, হিন্দু, মুছলমানক ভাগ ভাগ কৰি সকলোৰে মাজতে বিভাজন কৰিবলৈ বিচাৰিছে । বর্তমান সময়ত দেশৰ অৰ্থনীতি দিনে দিনে তললৈ নামি আহিছে, সেইবোৰ পাহৰাবলৈ বিজেপিয়ে এইবোৰ কৰি আছে । ভাৰতীয় জনতা পাৰ্টিয়ে দেশৰ উন্নয়নৰ কথা বাদ দি ধর্মৰ নামত ৰাজনীতি কৰি ৰাইজক বিভ্ৰান্তি কৰিবলৈ বিচাৰিছে ।

বড়োলেণ্ডৰ নাম বদলি কৰাৰ সন্দৰ্ভত গগৈয়ে কয় যে, বড়োলেণ্ডৰ নাম বদলি কৰাৰ অৰ্থ হ'ল যে তেওঁলোকে এতিয়া ৯০% UTC পোৱাৰ দৰে হ'ল । আলফাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, পৰেশ বৰুৱা আলোচনালৈ আহক কিন্তু স্বাধীন অসম নাপায় । আমাৰ শাসন কালত আলফাৰ সাৰ্বভৌমত্বৰ আমি মানি লোৱা নাছিলো বৰ্তমানৰ চৰকাৰে কি কৰে নাজানো । ৰাজ্যত শাসকীয় চৰকাৰ আছে বুলি নাভাবো । কেন্দ্ৰৰ কথামতে অসম চৰকাৰে উঠা-বহা কৰে । এন আৰ চি ৰ ২৯ লাখ মানুহৰ ভবিষ্যতক লৈ কেন্দ্ৰ চৰকাৰে কি চিন্তা কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে । হিমন্তৰ বিশ্ব শৰ্মাক এন আৰ চিৰ দুৰ্নীতিৰ বাবে হাজেলাক কিয় গ্ৰেপ্তাৰ নকৰে বুলিও প্ৰশ্ন কৰে । এই চৰকাৰে দমননীতিৰে যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীক গ্ৰেপ্তাৰ কৰি জেলত ভৰাইছে ।

উক্ত সংবাদ মেলত ফিল্ম ফেয়াৰ সন্দৰ্ভতো প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ফিল্ম ফেয়াৰ অপ্ৰয়োজনীয় । ফিল্ম ফেয়াৰ পতাতকৈ অসমীয়া চিনেমা আগবঢ়াই নিয়াত গুৰুত্ব দিব লাগে । ফিল্ম ফেয়াৰ নপতাকৈও কংগ্ৰেছৰ দিনত অসমৰ পৰ্যটনৰ বহু উন্নয়ন হৈছিল । মোক মাতিলেও নাযাওঁ ফিল্ম ফেয়াৰলৈ । এতিয়া হেমামালিনীক মোক নালাগে, গাঁৱৰ মানুহেই মোৰ বাবে যথেষ্ট । সাহিত্য সভা, শংকৰ সংঘ অধিবেশনলৈ এতিয়ালৈকৈ মোক মতা নাই । আগতে মাতিছিল কিন্তু এতিয়া মোক সামাজিকভাৱে বয়কট কৰা বুলি সন্দেহ হৈছে বুলি কয় তৰুণ গগৈয়ে ।

লগতে পঢ়ক:বুধবাৰে কেন্দ্ৰীয় কাৰাগাৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

Intro:কেন্দ্ৰ চৰকাৰৰ মতে উঠা-বহা কৰে ৰাজ্য চৰকাৰে-- তৰুণ গগৈ

Body:অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বুধবাৰে দিছপুৰস্থিত নিউ মিনিষ্টাৰ কলনীৰ চৰকাৰী বাসভৱনত এক সংবাদমেল সম্বোধন কৰি বহু মন্তব্য আগবঢ়াই কয় যে বড়োলেণ্ডৰ সৰহ সংখ্যক লোকে বড়ো শান্তি চুক্তি গ্ৰহণ কৰা নাই । বড়ো শান্তি চুক্তি গ্ৰহণযোগ্য নহয়। বৰ্তমান সময়তে এই চুক্তিৰ বিৰুদ্ধে বহু লোক ওলাই আহিছ। আমাৰ শাসন কালত ২০১৩ চনত আমিও এই চুক্তি কৰিছো যদিও ৫০-৫০ অসম বিভাজন মানি লোৱা নাছিলোঁ। একপক্ষীয় চুক্তিৰ বাবে বড়োলেণ্ডত বসৱাস কৰা অসমৰ বহু অন্যান্য জনগোষ্ঠী সমূহ ন্যায় প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ আন্দোলন কৰি আছে। নৱ শৰণীয়া যিয়ে ইয়াক প্ৰতিফলিত কৰিছে। বড়োলেণ্ড কেৱল বড়ো সকলৰ বাবে নহয়। এই চুক্তি এক নতুন সমস্যাৰ জন্ম দিয়াৰ লগতে অশান্তি সৃষ্টি কৰিব বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। এই আন্দোলন কাৰ্বি আংলঙলৈ বিয়পি যাব বুলি ইংগিত দেখা গৈছে। বড়ো সকলক অধিকাৰ দিয়াৰ লগে লগে অসমত বসৱাস কৰা কাৰ্বি, হাচং, মিছিং, সকলেও প্রশ্ন উত্থাপণ কৰিব যে তেওঁলোকক কিয় দিয়া নাই? এই সংবাদমেলত গগৈ ডাঙৰীয়াই বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে সন্ত্ৰাসবাদীয়ে যিসকলক মাৰিলে সেইসকলক কিয় আৰ্থিক সাহায্য নিদিয়ে বিজেপিয়ে? দোষীক টকা দি নিৰ্দোষীক টকা নিদিয়ে এইটো বুজি নাপালে চৰকাৰখনে। অসমৰ ছয় জনগোষ্ঠীক বিগত ছয় বছৰে বিজেপি চৰকাৰে কিয় জনজাতিকাৰণ নিদিলে বুলি প্ৰশ্ন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। ভাৰতীয় জনতা পাৰ্টীয়ে জনজাতি, জনগোষ্ঠী, হিন্দু, মুছলমানক ভাগ ভাগ কৰি সকলোৰে মাজতে বিভাজন কৰিবলৈ বিচাৰিছে। বর্তমান সময়ত দেশৰ অৰ্থনীতি দিনে দিনে তললৈ নামি আহিছে, সেইবোৰ পাহৰাবলৈ বিজেপিয়ে এইবোৰ কৰি আছে। ভাৰতীয় জনতা পাৰ্টিয়ে দেশৰ উন্নয়নৰ কথা বাদ দি ধর্মৰ নামত ৰাজনীতি কৰি ৰাইজক বিভ্ৰান্তি কৰিবলৈ বিচাৰিছে। বড়োলেণ্ডৰ নাম বদলি কৰাৰ সন্দৰ্ভত গগৈয়ে কয় যে বড়োলেণ্ডৰ নাম বদলি কৰাৰ অৰ্থ হল যে তেওঁলোকে এতিয়া ৯০% UTC পোৱাৰ দৰে হল। পৰেশ বৰুৱা আলোচনালৈ আহক কিন্তু অসম স্বাধীন নাপায়। আমাৰ শাসন কালত আলফাৰ সাৰ্বভৌমত্বৰ আমি মানি লোৱা নাছিলো বৰ্তমানৰ চৰকাৰে কি কৰে নাজানো। ৰাজ্যত শাসকীয় চৰকাৰ আছে বুলি নাভাবো। কেন্দ্ৰৰ কথামতে অসম চৰকাৰে উঠা-বহা কৰে। এন আৰ চি ৰ ২৯ লাখ মানুহৰ ভবিষ্যতক লৈ কেন্দ্ৰ চৰকাৰে কি চিন্তা কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। হিমন্তৰ বিশ্ব শৰ্মাক এন আৰ চিৰ দুৰ্নীতিৰ বাবে হাজেলাক কিয় গ্ৰেপ্তাৰ নকৰে বুলিও প্ৰশ্ন কৰে। এই চৰকাৰে দমননীতিৰে যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীক গ্ৰেপ্তাৰ কৰি জেলত ভঁৰাইছে।

Conclusion:উক্ত সংবাদ মেলত ফিল্ম ফেয়াৰ সন্দৰ্ভতো প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ফিল্ম ফেয়াৰ অপ্ৰয়োজনীয় । ফিল্ম ফেয়াৰ পাতাতকৈ অসমীয়া চিনেমা আগবঢ়াই নিয়াত গুৰুত্ব দিব লাগে। ফিল্ম ফেয়াৰ নাপাতাকৈ কংগ্ৰেছৰ দিনত অসমৰ পৰ্যটনৰ বহু উন্নয়ন হৈছিল। মোক মাতিলেও নাযাওঁ ফিল্ম ফেয়াৰলৈ। এতিয়া হেমামালিনীক মোক নালাগে, গাঁৱৰ মানুহেই মোৰ বাবে যথেষ্ট। সাহিত্য সভা, শংকৰ সংঘ অধিবেশনলৈ এতিয়ালৈকৈ মোক মতা নাই। আগত মাতিছিল কিন্তু এতিয়া মোক সামাজিকভাৱে বয়কট কৰা বুলি সন্দেহ হৈছে বুলি কয় তৰুণ গগৈয়ে।

PC Assamese
Bite Hindi তৰুণ গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.