গুৱাহাটী, ৯ নৱেম্বৰ : ন্যায়লয়ৰ নিৰ্দেশ মৰ্মে মঙলবাৰে পুনৰ CJM কোৰ্টত হাজিৰ হ'ল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ অশোক শইকীয়া । এছকাৰ্ড বেংকৰ ঋণ পৰিশোধৰ কেলেংকাৰীত ২০০১ চনৰ চি বি আই গোচৰত দেওবাৰে গ্ৰেপ্তাৰ হৈছিল অধিবক্তা শইকীয়া ।
এটা নিশা চিবিআইৰ জিন্মাত থকাৰ পিছত সোমবাৰে জামিন লাভ কৰিছিল শইকীয়াই । উক্ত গোচৰটোতে মঙলবাৰে পুনৰ আদালতত শুনানিৰ বাবে হাজিৰ হয় শইকীয়া । ২২ ডিচেম্বৰত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে ন্যায়ালয়ে । ইফালে, মঙলবাৰে সম্পন্ন হোৱা শুনানীৰ পিছত শইকীয়াৰ পক্ষৰ অধিবক্তাই প্ৰকাশ কৰে বিশেষ তথ্য ৷
অধিবক্তা গৰাকীয়ে জানিব দিয়া অনুসৰি, এছকাৰ্ড বেংকৰ কৰ্তৃপক্ষই শইকীয়াৰ ঋণ পৰিশোধৰ তথ্য আদালত দাখিল কৰিলে পৰৱৰ্তী শুনানিতে গোচৰটো নিস্পত্তি হ’ব ।
লগতে পঢ়ক : পৰিবহণ বিষয়াৰ কাৰ্যালয়ত কৰ্মচাৰীক প্ৰহাৰ : ড৹ সমুজ্জল ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া