গুৱাহাটী, ৫ ছেপ্টেম্বৰঃ যোৱা নিশা হঠাতে অসুস্থ হৈ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্যৰ বুজ ললে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মুখ্যমন্ত্ৰী সেণোৱালে আজি মহন্তৰ পত্নী ড৹ জয়শ্ৰী গোস্বামী মহন্তলৈ ফোন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ বুজ লয় আৰু তেওঁৰ আশু আৰোগ্য কামনা কৰে ।
উল্লেখ্য যে, যোৱানিশা মাইল্ড ষ্ট্ৰ'কত আক্ৰান্ত হোৱা মহন্তক ততাতৈয়াকে স্থানীয় ডাউন টাউন হাস্পতালত ভৰ্তি কৰোৱা হয় । সম্প্ৰতি আই চি ইউত চিকিৎসাধীন হৈ থকা মহন্তৰ স্বাস্থ্যৰ অৱস্থা অৱশ্যে বৰ্তমান সুস্থিৰ বুলি চিকিৎসালয় সুত্ৰই প্ৰকাশ কৰিছে ।
লগতে পঢ়কঃ গোলাঘাটত পুনৰ চোৰাং কাঠ ভৰ্তি বাহন জব্দ