ETV Bharat / state

বৰ্তমান দেশ সংকটতঃ জয়ৰাম ৰমেশ - বিজেপিক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে বিজেপি চৰকাৰক দোষাৰোপ কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশে ৷ দেশৰ সংকটৰ কাৰণ দেশৰ ভিতৰতেই আছে বুলিও মন্তব্য কৰিলে নেতাজনে ৷

jayram ramesh press meet
বাহিৰা শক্তিৰ বাবে দেশ বিপদত নাই , দেশ বিপদত আছে দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে ৷
author img

By

Published : Nov 30, 2019, 11:28 PM IST

গুৱাহাটী , 30 নৱেম্বৰঃ দেশৰ অৰ্থনৈতিক অৱস্থা, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সংবাদমেলযোগে বিজেপিক তীব্ৰ সমালোচনা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ ৷ শনিবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলত নেতাজনে মন্তব্য কৰে যে, "বৰ্তমান দেশ সংকটত ৷ বাহিৰা শক্তিৰ বাবে দেশ বিপদত নাই , দেশ বিপদত আছে দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে ৷ প্ৰধানমন্ত্ৰীয়ে দেশত সকলো ঠিকেই চলি আছে বুলি মন্তব্য কৰি আছে যদিও প্ৰকৃততে দেশ অৰ্থনৈতিকভাৱে বিধ্বস্ত হৈছে ৷ শেষৰ সাত বছৰৰ ভিতৰত দেশৰ জি ডি পি সবাতোকৈ তললৈ নামিছে ৷ দেশৰ লঘু উদ্যোগ সমূহ ক্ৰমে বন্ধ হ'বলৈ আৰম্ভ হোৱাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে সকলো ঠিকে আছে বুলি মন্তব্য কৰি দেশৰ জনতাক বিপথে পৰিচালিত কৰাৰ অভিযোগ তুলিলে প্ৰাক্তন মন্ত্ৰীজনে ৷

বাহিৰা শক্তিৰ বাবে দেশ বিপদত নাই , দেশ বিপদত আছে দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে ৷

দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ মূল কাৰণ বিমুদ্ৰাকাৰণ আৰু জি এছ টি বুলিও মন্তব্য কৰাৰ লগতে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে কেৱল এন আৰ চি আৰু কেব শব্দ দুটাই চিনি পাই বুলি কটাক্ষ কৰে নেতাজনে ৷ এন আৰ চি প্ৰকাশৰ পূৰ্বে 40-50 লাখ বিদেশী অসমত আছিল বুলি প্ৰচাৰ চলোৱা বিজেপিয়ে এন আৰ চি প্ৰকাশৰ পিছত মাত্ৰ ১৯ লাখ লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰাত এন আৰ চিকলৈ অসন্তুষ্ট হৈ পৰিছে ৷ বিজেপিয়ে এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা কৈ দেশৰ মূল সমস্য সমূহৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰ কৰি ৰখাৰ কৌশল চলাইছে বুলিও মন্তব্য কৰি বিজেপি তীব্ৰ আক্ৰমণ কৰে জয়ৰাম ৰমেশে ।

লগতে পঢ়কঃ হায়দৰাবাদ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ চাৰি অভিযুক্তক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

Intro:প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ সংবাদমেল। দেশৰ অৰ্থনৈতিক অৱস্থা, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়কলৈ বিজেপিক তীব্ৰ আক্ৰমণ। বিজেপিয়ে দেশৰ জনতাক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছে বুলি গুৰুত্বৰ অভিযোগ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ।

Body:দেশৰ অৰ্থনৈতিক মন্দাবস্ত, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়কলৈ বিজেপিক তীব্ৰ সমালোচ কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে। আজি ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি ৰমেশে কয় বৰ্তমান দেশ বিপদত আছে, দেশৰ বাহিৰা শক্তিৰ বাবে বিপদত নাই, দেশ বিপদত আছে দেশৰ অৰ্থনৈতিক মন্দাবস্তৰ বাবে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত সকলো ঠিকে চলি আছে বুলি যদিও মন্তব্য কৰি আছে কিন্তু প্ৰকৃততে দেশৰ অৰ্থনৈতিক অৱস্থা বিধস্ত হৈছে। যোৱা সাত বছৰত দেশৰ জি ডি পি সবাতোকৈ তলত নামিছে। দেশৰ লঘু উদ্যোগ সমূহ বন্ধ হৈছে, কৃষক আৰু শ্ৰমিকৰ অৱস্থা দিনক দিনে বেয়াৰ ফালে গতি কৰিছে কিন্তু প্ৰধানমন্ত্ৰীয়ে সকলো ঠিকে আছে বুলি মন্তব্য কৰি দেশৰ জনতাক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছে। দেশৰ অৰ্থনৈতিক মন্দাবস্তৰ মূলতে হৈছে বিমুদ্ৰাকাৰণ আৰু জি এছ টি বুলি মন্তব্য কৰি বিজেপিক তীব্ৰ সমালোচনা কৰে ৰমেশে। বিজেপি চৰকাৰে এটাৰ পিছত এটা উদ্যোগ বিক্ৰী কৰি আছে, মোদী আৰু অমিত শ্বাহই কেৱল এন আৰ চি আৰু কেব এই দুটা শব্দই চিনি পায় বুলি মন্তব্য প্ৰকাশ কৰে কংগ্ৰেছৰ নেতা গৰাকীয়ে। কংগ্ৰেছে সদায় কেব'ৰ বিৰোধিতা কৰি আহিছে আৰু বিৰোধিতা কৰি যাব বুলি কেব'কলৈ কংগ্ৰেছ দলৰ স্থিতি প্ৰকাশ কৰে জয়ৰাম ৰমেশে।

বাইট : জয়ৰাম ৰমেশ, কংগ্ৰেছ নেতা

Conclusion:এন আৰ চি সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰি ৰমেশে কয় বিজেপিয়ে এন আৰ চি প্ৰকাশৰ পূৰ্বে ৪০ লাখ, ৫০ লাখ অবৈধ ভাৰতীয় আছে বুলি প্ৰচাৰ চলাইছিল কিন্তু এন আৰ চি প্ৰকাশৰ পিছত মাত্ৰ ১৯ লাখ লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰাত বিজেপি এন আৰ চিকলৈ অসন্তুষ্ট হৈ পৰিছে। বিজেপি এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা কৈ দেশৰ মূল সমস্য সমূহৰ পৰা ৰাইজৰ দৃষ্ঠি আঁতৰ কৰি ৰখাৰ কৌশল চলাইছে বুলিও মন্তব্য কৰি বিজেপি তীব্ৰ আক্ৰমণ কৰে জয়ৰাম ৰমেশে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.