ETV Bharat / state

কম সময়ৰ ভিতৰত বিজেপিত যোগ দিব সদ্য আছুত্যাগী দিব্যজ্যোতি মেধিয়ে, স্পষ্ট কৰিলে ইটিভিৰ আগত - দিব্যজ্য়োতি মেধি বিজেপিত যোগদান

শীঘ্ৰে মুখ্যমন্ত্ৰীৰ সৈতেও আলোচনাত বহি বিজেপিত যোগদান কৰিব দিব্যজ্যোতি মেধিয়ে ৷ ইতিমধ্যে আছু ত্যাগ কৰা মেধিয়ে শেহতীয়াকৈ ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ সৈতে এই সন্দৰ্ভত আলোচনা সম্পন্ন কৰিছে ৷ বিজেপিত যোগদান সন্দৰ্ভত ইটিভি ভাৰতৰ আগত কি ক’লে দিব্যজ্যোতি মেধিয়ে ...

Dibya Jyoti Medhi join BJP
বিজেপিত যোগ দিব সদ্য আছুত্যাগী দিব্যজ্যোতি মেধিয়ে
author img

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 3:35 PM IST

নিউজ ডেস্ক, 24 নৱেম্বৰ : অতিশীঘ্ৰে গেৰুৱা দল বিজেপিত যোগ দিব প্ৰাক্তন আছু নেতা দিব্যজ্যোতি মেধিয়ে ৷ ইতিমধ্যে বিজেপিত যোগদানৰ প্ৰাৰম্ভিক সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে ৷ সকলো যদি ঠিকে-থাকে থাকে, তেন্তে আগন্তুক কেইদিনমানৰ ভিতৰতে তেওঁ বিজেপিত যোগ দিয়াটো নিশ্চিত ৷

উল্লেখ্য যে, সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বক তীক্ষ্ণ সমালোচনা কৰাৰ ফলত সংগঠনটোৰ পৰা অপসাৰিত হ’বলগীয়া হৈছিল দিব্যজ্যোতি মেধি ৷ মূলতঃ একাংশ বয়স ওকলি যোৱা অ-ছাত্ৰৰ নেতৃত্বত সদৌ অসম ছাত্ৰ সন্থা পৰিচালিত হৈ আহিছে বুলি তেওঁ ৰাজহুৱাভাৱে অভিযোগ তোলাৰ পাচত এই সমগ্ৰ বিষয়টো ন্যায়ালয়ৰ মজিয়া পাইছিলগৈ ৷ পৰৱৰ্তী সময়ত আছুৱে তেওঁক অপসাৰণ কৰা বিষয়টোত স্থগিতাদেশ জাৰি কৰাত তেওঁ পুনৰ বাহাল আছিল আছুৰ মজিয়াতেই ৷

কিন্তু বিগত 21 নৱেম্বৰত দিব্যজ্যোতি মেধিয়ে আনুষ্ঠানিকভাৱে আছুৰ পৰা পদত্যাগ কৰে আৰু মৰিগাঁৱত চলি থকা আছুৰ কেন্দ্ৰীয় অধিৱেশনত উপস্থিত থকাৰ পৰাও বিৰত থাকে ৷ আছুৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লোৱাৰ পাচতেই এতিয়া তেওঁ সাজু হৈছে বিজেপিত যোগদানৰ বাবে ৷ ইতিমধ্যে আজিৰ তাৰিখত ৰাজ্য চৰকাৰৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ লগত দুবাৰকৈ এই বিষয়টোক লৈ টেলিফোনিক আলোচনা কৰাৰ উপৰিও 22 নৱেম্বৰত উক্ত মন্ত্ৰীগৰাকীৰ সৈতে আলোচনাতো বহিছে দিব্যজ্যোতি মেধি ৷

বৃহস্পতিবাৰে নিশা সংশ্লিষ্ট প্ৰভাৱশালী মন্ত্ৰীগৰাকীৰ লগত একেলগে মুখ্যমন্ত্ৰীৰ সৈতেও দিব্যজ্যোতি মেধি আলোচনাত বহাৰ কথা আছিল যদিও মুখ্যমন্ত্ৰীগৰাকী ৰাজস্থানৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ বাবে যোৱানিশা সেয়া সম্ভৱ হৈ নুঠিল ৷

কিন্তু আজি অথবা দুই-এদিনৰ ভিতৰতে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈ আনুষ্ঠানিকভাৱে তেওঁ বিজেপিত যোগ দিয়াটো নিশ্চিত হৈছে ৷ এই সম্ভাৱনা অস্বীকাৰো কৰা নাই দিব্যজ্যোতি মেধিয়ে ৷ ইটিভি ভাৰতৰে হোৱা এক টেলিফোনিক বাৰ্তালাপত আজি তেওঁ স্পষ্টকৈ কয় যে বিশেষ এক পাৰিবাৰিক সমস্যাৰ বাবে এই প্ৰক্ৰিয়া কিছু পলম হৈছে ৷

তেওঁ কয়, ‘‘ মোৰ আইতা বৰ্তমান এপ’ল’ হাস্পতালৰ ভেন্টিলেশ্যনত আছে ৷ তেওঁৰ স্বাস্থ্যৰ অৱস্থা খুবেই সংকটজনক ৷ গতিকে বৰ্তমান প্ৰতিটো মুহূৰ্ত মই আইতাৰ সৈতে কটাবলগীয়া হৈছে ৷ মোৰ বাবে এই সময়ত এয়া মোৰ প্ৰধান দায়িত্ব ৷ আশা কৰিছোঁ , খুব সোনকালে আমাৰ পৰিয়ালটোলৈ এটা স্বাভাৱিক অৱস্থা ঘূৰি আহিব ৷ গতিকে তেতিয়াই মই বিজেপিত যোগদানৰ সমস্ত বিষয়টো ৰাইজক স্পষ্টভাৱে অৱগত কৰিম ৷’’

লগতে পঢ়ক : আছুৰ মৰিগাঁও অধিৱেশনত বৃদ্ধ ছাত্ৰনেতাৰ প্ৰৱেশ নিষিদ্ধৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.