ETV Bharat / state

মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত সদলবলে সদ্য আছুত্যাগী নেতা দিব্যজ্যোতি মেধি - আছু ত্যাগী

মুখ্যমন্ত্ৰীৰ দিছপুৰস্থিত চৰকাৰী বাসভৱনত উপস্থিত সদ্য আছুত্যাগী দিব্যজ্যোতি মেধি ৷ তেওঁকে ধৰি 8 জন প্ৰাক্তন আৰু বৰ্তমানৰ আছুৰ নেতা-সদস্যই আজি নিশা মুখ্যমন্ত্ৰীক তেওঁৰ বাসভৱনত সাক্ষাৎ কৰি আলোচনাত মিলিত হয় ৷

Ex AASU Leader Dibyajyoti Medhi Meets CM
শীঘ্ৰেই বিজেপিলৈ দিব্যজ্যোতি মেধি
author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 10:55 PM IST

নিউজ ডেস্ক, 4 ডিচেম্বৰ : আজিৰ পৰা কেইদিনমান পূৰ্বে ইটিভি ভাৰতে প্ৰকাশ কৰিছিল এটা বিশেষ সংবাদ ৷ এতিয়া সেই সংবাদ সত্য হোৱাৰ পথত ৷

সদ্য আছুত্যাগী দিব্যজ্যোতি মেধিয়ে খুউব সোনকালেই বিজেপিত যোগদান কৰিব বুলি ইটিভি ভাৰতে তথ্য সহকাৰে প্ৰকাশ কৰাৰ পিছত আজি নিশা সদলবলে প্ৰাক্তন আছু নেতাজন হাজিৰ হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দিছপুৰস্থিত চৰকাৰী বাসভৱনত ৷

নিশা প্ৰায় 10.30 বজাত লগত 7 জন সতীৰ্থ লৈ মুখ্যমন্ত্ৰীৰ চ’ৰাঘৰত আসন লয় দিব্যজ্যোতি মেধিয়ে ৷ ইটিভি ভাৰতক আজি নিশা দিব্যজ্যোতি মেধিয়ে ফোনযোগে জনোৱা মতে তেওঁকে ধৰি 8 জন প্ৰাক্তন আৰু বৰ্তমানৰ আছুৰ নেতা-সদস্যই আজি নিশা মুখ্যমন্ত্ৰীক তেওঁৰ বাসভৱনত সাক্ষাৎ কৰি আলোচনাত মিলিত হয় আৰু অতি শীঘ্ৰেই তেওঁৰ নেতৃত্বত এটা দলে আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিব ৷

উল্লেখ্য যে, সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বক সমালোচনা কৰাৰ ফলত সংগঠনটোৰ পৰা অপসাৰিত হৈছিল সদ্য প্ৰাক্তন আছু নেতা দিব্যজ্যোতি মেধি ৷ বয়স ওকলি যোৱা অ-ছাত্ৰৰ নেতৃত্বত সদৌ অসম ছাত্ৰ সন্থা পৰিচালিত হৈ আহিছে বুলি তেওঁ ৰাজহুৱাভাৱে অভিযোগ তোলাৰ পাচতে এই বিষয়টো ন্যায়ালয়ৰ মজিয়া পাইছিলগৈ ৷ আনহাতে পৰৱৰ্তী সময়ত আছুৱে দিব্যজ্যোতি মেধিক অপসাৰণ কৰা বিষয়টোত স্থগিতাদেশ জাৰি কৰাত তেওঁ পুনৰ আছুৰ মজিয়াত বাহাল আছিল ৷

21 নৱেম্বৰত দিব্যজ্যোতি মেধিয়ে আনুষ্ঠানিকভাৱে আছুৰ পৰা পদত্যাগ কৰে ৷ আছুৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লোৱাৰ পাচতেই দিব্যজ্যোতি মেধিয়ে বিজেপিত যোগদানৰ বাবে ৰাজ্য চৰকাৰৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ লগত এই বিষয়টোক লৈ টেলিফোনিক আলোচনা কৰাৰ উপৰিও মন্ত্ৰীগৰাকীৰ সৈতে আলোচনাতো বহিছিল বুলি জানিব পৰা গৈছিল ৷

লগতে পঢ়ক : কম সময়ৰ ভিতৰত বিজেপিত যোগ দিব সদ্য আছুত্যাগী দিব্যজ্যোতি মেধিয়ে, স্পষ্ট কৰিলে ইটিভিৰ আগত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.