ETV Bharat / state

Eviction at Silsako Beel : শিলসাঁকো বিলত দ্বিতীয় দিনাও চলিল বুলড'জাৰ

author img

By

Published : Feb 28, 2023, 9:11 PM IST

সোমবাৰৰ পৰা গুৱাহাটীৰ শিলসাঁকো বিলত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান (Eviction at Silsako Beel)। মহানগৰীক বানমুক্ত কৰাৰ বাবেই এই পদক্ষেপ । দ্বিতীয় দিনাও ১৫০ৰো অধিক ঘৰ ভাঙিলে প্ৰশাসনৰ লোকে ।

Eviction at Silsako Beel
শিলসাঁকোত দ্বিতীয় দিনাও চলিল বুলড'জাৰ
শিলসাঁকোত দ্বিতীয় দিনাও চলিল বুলড'জাৰ

গুৱাহাটী,২৮ ফেব্ৰুৱাৰী : দ্বিতীয় দিনাও শিলসাঁকো বিলত অব্যাহত থাকিল জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান (2nd day eviction at Silsako Beel)। সোমবাৰে ১৫০ টাকৈ তৰ্জা, টিনপাতৰ ঘৰৰ উপৰিও কেইবাটাও বিশাল অট্টালিকা উচ্ছেদৰ পাছতে মঙলবাৰে পুনৰ জিলা প্ৰশাসন, মহানগৰ আৰক্ষী আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, ৰাজহ চক্ৰ বিষয়াকে ধৰি বিভাগীয় বিভিন্ন বিষয়াৰ উপস্থিতিত চলিল উচ্ছেদ ।

প্ৰায় ২০ খন ফকলেন, প্ৰায় ১০ খন এস্কেভেটৰৰ সহায়ত শিলসাঁকোৰ বেদখল ভূমিত চলোৱা হ'ল উচ্ছেদ । মঙলবাৰে শিলসাঁকো বিলৰ অধীনৰ বৰবাৰী, উষা নগৰ, লক্ষ্মী নগৰ, মেগজিন,পূৱ শিবনগৰ আদি অঞ্চলত চলিল উচ্ছেদ । অঞ্চলসমূহত অবৈধভাৱে নিৰ্মাণ কৰা প্ৰায় ১৬০ ৰো অধিক ঘৰৰ লগতে বহুকেইটা দুই-তিনি মহলীয়া অট্টালিকা প্ৰশাসনৰ বুলড'জাৰে ভাঙি পেলায় (Silsako eviction)।

প্ৰশাসনৰ দ্বিতীয় দিনৰ অভিযানতো বাদ পৰি নগ'ল উষা নগৰত থকা এটি বৃহৎ দুৰ্গা মন্দিৰ আৰু শিৱ মন্দিৰ । ইফালে প্ৰশাসনৰ এই অভিযানৰ ফলত কষ্টৰে উপাৰ্জন কৰা ধনেৰে সাজি উলিওৱা সপোনৰ ঘৰখন নিমিষতে ভাঙি চুৰমাৰ হোৱা দেখি এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় উচ্ছেদিত পৰিয়ালৰ মাজত । আনকি উচ্ছেদিত বহুলোকে ঘৰৰ সা-সামগ্রীসমূহ নিবলৈ সুবিধা নোপোৱাত ক্ষোভ প্ৰকাশ কৰে ।

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা চলি থকাৰ লগতে সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অন্যান্য পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ প্ৰস্তুতি চলাই থকাৰ সময়তে চৰকাৰ তথা প্ৰশাসনে চলোৱা এনে অমানৱীয় উচ্ছেদৰ ফলত তেওঁলোক এতিয়া ক'ত যাব, কি কৰিব, ক'ত থাকিব তাক লৈ দুঃচিন্তাত পৰিছে (Eviction drive against encroachments)।

স্থানীয় লোকসকলে জানিবলৈ দিয়া মতে চৰকাৰে পূৰ্বে শিলসাঁকো বিলৰ মূল জানটোৰ পৰা ১০০ মিটাৰ দূৰত্বলৈ উচ্ছেদ চলোৱা হ'ব বুলি কৈছিল । কিন্তু উচ্ছেদৰ দ্বিতীয় দিনা ১০০ মিটাৰ দূৰত্ব অতিক্ৰম কৰাক কেন্দ্ৰ কৰি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় উচ্ছেদিত লোকৰ মাজত । একাংশ উচ্ছেদিত লোকে আৰক্ষী প্ৰশাসন তথা জি এম ডি এ কৰ্তৃপক্ষৰ সৈতে তৰ্ক যুদ্ধত লিপ্ত হোৱাও দেখা যায় (Tense situation in Silsako eviction spot)। ইয়াৰ মাজতে প্ৰায় ১৬০ টা পৰিয়ালৰ ঘৰ উচ্ছেদ কৰে জিলা প্ৰশাসনে ।

বিশেষকৈ গুৱাহাটীক বানমুক্ত কৰাৰ স্বাৰ্থতে চৰকাৰে এই উচ্ছেদ অভিযান অব্যাহত ৰাখিছে বুলি বিভাগীয় সূত্ৰই জানিবলৈ দিয়ে । উচ্ছেদিত একাংশ লোকে চৰকাৰে আগতীয়াকৈ কোনো ধৰণৰ জাননী প্ৰেৰণ নকৰা বুলিও অভিযোগ কৰাৰ বিপৰীতে চৰকাৰী সূত্ৰই জানিবলৈ দিয়া মতে উচ্ছেদ সন্দৰ্ভত ইতিমধ্যে আগতে জাননী জাৰি কৰা হৈছে ।

চৰকাৰে শিলসাঁকো বিলত থকা প্ৰায় ১৮৫০ বিঘা ভূমিৰ প্ৰায় ১৬৫০ বিঘা ভূমি উচ্ছেদ কৰি উক্ত স্থানত পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ লক্ষ্য আগত ৰাখিছে । মঙলবাৰে উচ্ছেদস্থলী পৰ্যবেক্ষণ কৰি গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা আৰু উপাধ্যক্ষ মুকুতা ডেকাই গুৱাহাটীৰ ১৫ লাখ নাগৰিকে যাতে কৃত্ৰিম বানৰ পৰা পৰিত্ৰাণ পাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি শিলসাঁকো বিলত চৰকাৰে উচ্ছেদ অভিযান চলোৱাটো প্ৰয়োজনীয় আছিল বুলি ব্যক্ত কৰে ।

তদুপৰি আমছু, কৃষক মুক্তি সংগ্ৰাম সমিতি, ৰাইজৰ দলৰ প্ৰতিনিধিসকলেও উচ্ছেদিত স্থানত উপস্থিত হৈ ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে চলোৱা এনে উচ্ছেদ কাৰ্যক তীব্ৰ ভাষাৰে নিন্দা কৰিছে । লগতে উচ্ছেদিত পৰিয়ালসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ।

লগতে পঢ়ক :Eviction drive against encroachments: সোমবাৰে শিলসাঁকো বিলত চলিব প্ৰশাসনৰ বুলড’জাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.