গুৱাহাটী, ২ ফেব্ৰুৱাৰী: সকলোৰে অতি মৰমৰ-আদৰৰ 'কলিজা আইতা' আৰু নাই । গুৱাহাটীৰ প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ মৰমীয়াল আইতাগৰাকীয়ে অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে (Pramod Talukdar Memorial Old age home)। কেতিয়াও ঘূৰি নহাৰ বাটেৰে গুচি গ’ল মৰমৰ 'কলিজা আইতা' । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে ১০৮ বছৰীয়া কলিজা আইতাই ।
'কলিজা আইতা'ৰ প্ৰকৃত নাম সুভদ্ৰা দেৱী । সকলোৰে মাজত তেওঁ কলিজা আইতা ৰূপেই পৰিচিত আছিল । বাৰ্ধক্যজনিত কাৰণত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল সকলোৰে মৰমৰ সুভদ্ৰা দেৱী আইতাই । আজি পুৱা চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে আইতাই । উল্লেখ যে প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ বাসিন্দা এইগৰাকী আইতা বহু লোকৰে আপোন ।
![Everyones beloved Kolija aaita passes away in Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-everyones-beloved-kolija-aita-passes-away-7209925_02022023121306_0202f_1675320186_1073.jpg)
আইতাৰ মৰমলগা কথাই সকলোকে সন্মোহিত কৰিছিল । সকলো সময়তে আইতাৰ মুখত জিলিকি আছিল এটা মৰমসনা হাঁহি । বৃদ্ধাশ্ৰমখনলৈ অহা প্ৰতিজন লোককে সম্ভাষণ জনাই মৰম কৰিছিল, আশীৰ্বাদ দিছিল আইতাই । প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ অন্যতম আকৰ্ষণ আছিল কলিজা আইতা । অ’ল্ড এজন হোমলৈ অহা প্ৰতিজন লোকেই আইতাৰ মৰম-আদৰত মুগ্ধ হৈছিল ।
আশ্ৰমলৈ অহা লোকসকলক সম্বৰ্ধনা জনোৱা, জন্মদিন পালন কৰিবলৈ অহাসকলৰ জন্মদিনৰ কেক কটা এই সকলো দায়িত্ব আছিল আইতাৰ । আটাইতকৈ আকৰ্ষণীয় আছিল আইতাৰ কথাবোৰ । মুঠৰ ওপৰত প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ আটাইতকৈ আকৰ্ষণীয় ব্যক্তিগৰাকীয়ে আছিল কলিজা আইতা (Kolija aaita passes away in Guwahati)।
![Everyones beloved Kolija aaita passes away in Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-everyones-beloved-kolija-aita-passes-away-7209925_02022023121306_0202f_1675320186_297.jpg)
যোৱা ১৯ জানুৱাৰীত বাৰ্ধক্যজনিত অসুস্থতাত আইতাক ভৰ্তি কৰোৱা হৈছিল জি এম চি এইচত । শাৰীৰিক অবস্থা শোচনীয় হৈ পৰাত তেওঁক আই চি ইউত ভৰ্তি কৰোৱা হৈছিল । জি এম চি এইচৰ চিকিৎসক-নাৰ্ছে যৎপৰোনাস্তি চেষ্টা কৰিছিল যদিও অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে আইতাই । সকলোকে কন্দুৱাই গুচি গ’ল মৰমৰ কলিজা আইতা ।
উল্লেখ যে চাৰি দিন পূৰ্বে আইতাৰ সৰু ল’ৰাই (৮৭ বছৰীয়া) জি এম চি এইচলৈ আহি আইতাৰ খবৰ লৈছিল । তেওঁ নিজেও শাৰীৰিক ভাবে অসুস্থ আৰু চিকিৎসাৰ বাবে এমাহ ধৰি বেংগালুৰুত আছিল । উল্লেখ্য যে আইতাৰ চাৰিজন ল'ৰা-ছোৱালীৰ তিনিজনৰেই ইতিমধ্যে মৃত্যু হৈছে । ডাঙৰ ল’ৰাৰ মৃত্যুৰ পাছত আইতাই স্ব-ইচ্ছাই এদিন আশ্ৰমলৈ আহিছিল । আইতাক সৰু ল’ৰাই নিজৰ লগতে ৰাখিব বিচাৰিছিল যদিও আইতাই আশ্ৰমতে লগ সমনীয়া পাব বুলি এদিন আশ্ৰমলৈ গুচি আহিছিল ।