ETV Bharat / state

আছুৱে প্ৰতিবেদন ৰাজহুৱা কৰাটো তেওঁলোকৰ নিজা সিদ্ধান্ত: বিপ্লৱ শৰ্মা

author img

By

Published : Aug 13, 2020, 7:38 PM IST

Updated : Aug 13, 2020, 10:20 PM IST

খিলঞ্জীয়াৰ বাবে নিগম-নিকায়ৰ পৰা আৰম্ভ কৰি বিধানসভা-লোকসভালৈকে ৮০ শতাংশ আসন সংৰক্ষণৰ যি প্ৰস্তাৱ উক্ত প্ৰতিবেদনত দিয়া হৈছে সেয়াই জাতি ৰক্ষাৰ এক অন্যতম উপায় হ'ব পাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে, ১৯৭১ চনত অসমৰ মাত্ৰ দুখন জিলা বাংলাদেশী প্ৰব্ৰজনকাৰীৰ দখলত আছিল । কিন্তু এতিয়া সি প্ৰায় ১৭-১৮ খন জিলালৈ বৃদ্ধি পাইছে ।

Biplab Sarma
বিপ্লৱ শৰ্মা

গুৱাহাটী, ১৩ আগষ্ট: অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰই গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনৰ প্ৰতি চৰকাৰে বিগত পাচ মাহে কোনো গুৰুত্ব নিদিয়াত ক্ষুব্ধ হৈ ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই সেই প্ৰতিবেদন ৰাজহুৱা কৰিছে । স্বাভাৱিকতে এই বিষয়টোক লৈ ৰাজ্যত এতিয়া ৰাজনীতিও আৰম্ভ হৈছে । এনে সময়তে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া উক্ত উচ্চস্তৰীয় সমিতিৰ অধ্যক্ষ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই প্ৰতিবেদন ৰাজহুৱাকৰণ আছুৰ নিজা সিদ্ধান্ত বুলি মন্তব্য কৰিছে । বৃহস্পতিবাৰে ই টিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই মন্তব্য কৰে ন্যায়াধীশ শৰ্মাই ।
লগতে পঢ়কঃ ফ্ল'ৰ টেষ্টৰ পৰিকল্পনাত অটল গহলোত চৰকাৰ

আনহাতে, সমিতিয়ে দিয়া পৰামৰ্শৱলী ৰূপায়ণৰ বাবে পাচ মাহ সময় পৰ্যাপ্ত হব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰতিবেদনত এনে বহু পৰামৰ্শ আছে যিসমূহ কাৰ্যকৰীকৰণৰ বাবে সংবিধান সংশোধনীৰো আৱশ্যকতা আছে । কমেও দুবছৰ বা ততোধিক সময় ইয়াৰ বাবে প্ৰয়োজন হব ।

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ সাক্ষাৎকাৰ

একেদৰে পৰামৰ্শৱলী সফল ৰূপায়ণ তথা কাৰ্যকৰীকৰণৰ বিষয়টোৰ প্ৰতি চকু ৰাখিবলৈ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত আন এখন সমিতি গঠন কৰাৰো প্ৰস্তাৱ দিয়া হৈছিল প্ৰতিবেদনখনত । "অসমীয়া" কোন তাকে লৈ উদ্ভৱ হোৱা আহুকলীয়া পৰিস্থিতিৰ উপশম ঘটোৱাৰ উপায়ো প্ৰতিবেদনত উল্লেখ কৰা হৈছিল বুলি শৰ্মাই মন্তব্য কৰে ।

লগতে পঢ়কঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ব্ৰহ্মপুত্ৰৰ বুকুত আৰক্ষীৰ অভিযান

ইপিনে, খিলঞ্জীয়াৰ বাবে নিগম-নিকায়ৰ পৰা আৰম্ভ কৰি বিধানসভা-লোকসভালৈকে ৮০ শতাংশ আসন সংৰক্ষণৰ যি প্ৰস্তাৱ উক্ত প্ৰতিবেদনত দিয়া হৈছে সেয়াই জাতি ৰক্ষাৰ এক অন্যতম উপায় হব পাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে ১৯৭১ চনত অসমৰ মাত্ৰ দুখন জিলা বাংলাদেশী প্ৰব্ৰজনকাৰীৰ দখলত আছিল । কিন্তু এতিয়া সি প্ৰায় ১৭-১৮ খন জিলালৈ বৃদ্ধি পাইছে । আৰু কি কি ক'লে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই । চাওক এই বিশেষ সাক্ষাৎকাৰ-

Last Updated : Aug 13, 2020, 10:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.