ETV Bharat / state

দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে উপলব্ধ ই-পাঠ্যপুথি - অধ্যয়ন

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে পাঠ্যপুথি অনলাইনত উপলব্ধ কৰাৰ ব্যৱস্থা কৰিছে । ই-পাঠ্যপুথিৰ যোগেদি শিক্ষাৰ্থীসকলে নিজৰ অধ্যয়ন আগুৱাই নিব পাৰিব । সংসদৰ ৱেবচাইট www.ahsec.nic.in ৰ যোগেদি শিক্ষাৰ্থীসকলে পাঠ্যপুথি ডাউনলোড কৰিব পাৰিব ।

etext book for class xii
দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ই-পাঠ্যপুথি
author img

By

Published : May 18, 2021, 9:22 PM IST

গুৱাহাটী, ১৮ মে': ক'ভিড পৰিস্থিতিৰ বাবে শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে পাঠ্যপুথি অনলাইন যোগে উপলব্ধ কৰাৰ ব্যৱস্থা কৰিছে । এই সন্দৰ্ভত জাৰি কৰা হৈছে জাননী ।

উল্লেখ্য যে, ক'ভিডৰ বাবে একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক ইতিমধ্যে দ্বাদশ শ্ৰেণীলৈ উত্তীৰ্ণ কৰাই দিয়া হৈছে । লগতে অনলাইন যোগে ‍পাঠদান প্ৰক্ৰিয়াও অব্যাহত আছে ।

etext book for class xii
দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ই-পাঠ্যপুথি

ক'ভিড পৰিস্থিতি কেতিয়া উন্নত হ'ব আৰু চৰকাৰে বিদ্যালয়সমূহ খোলাৰ বাবে কেতিয়া অনুমতি প্ৰদান কৰিব তথা শিক্ষাৰ্থীসকলে নিয়মীয়া পাঠদান কেতিয়া লাভ কৰিব তাৰ কোনো নিশ্চয়তা নাই । তেনে পৰিস্থিতিত দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ প্ৰক্ৰিয়াটো পলম হোৱাৰ সম্ভাৱনা আছে । যাৰবাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে পাঠ্যপুথি অনলাইনত উপলব্ধ কৰাৰ ব্যৱস্থা কৰিছে ।

ই-পাঠ্যপুথিৰ যোগেদি শিক্ষাৰ্থীসকলে নিজৰ অধ্যয়ন আগুৱাই নিব পাৰিব । সংসদৰ ৱেবচাইট www.ahsec.nic.in ৰ যোগেদি শিক্ষাৰ্থীসকলে পাঠ্যপুথি ডাউনলোড কৰিব পাৰিব । এই ক্ষেত্ৰত সংসদৰ ফালৰ পৰা শিক্ষকসকলকো নিৰ্দেশনা দিয়া হৈছে যাতে শিক্ষকসকলে পাঠ্যপুথি অনুসৰি অনলাইন ক্লাছসমূহ কৰিব পাৰে ।

লগতে পঢ়ক : ক’ভিড প্ৰট’কল ভংগ কৰিছে নামতিৰ তৈল অনুসন্ধানকাৰী শ্ৰমিকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.