ETV Bharat / state

বন্যপ্ৰাণী সংৰক্ষণত বিশেষ অৰিহনা যোগোৱা সকললৈ চৰকাৰৰ সম্বৰ্ধনা - হাড়গিলা আৰ্মী

66 তম বন্যপ্ৰাণী সপ্তাহৰ সামৰণি ৷ গড়ঁ তথা বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ অৰিহনা যোগোৱা সকলক অসম চৰকাৰৰ সম্বৰ্ধনা ৷ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ সামৰণি অনুষ্ঠান ৷ সুহান মল্লিক, পূৰ্ণিমা দেৱী বৰ্মণ,পৰিমল চন্দ্ৰ ভট্টাচাৰ্যক বিশেষভাৱে সম্বৰ্ধনা ৷

বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ অৰিহনা যোগোৱা সকললৈ অসম চৰকাৰৰ সম্বৰ্ধনা

author img

By

Published : Oct 8, 2020, 7:15 AM IST

গুৱাহাটী, 7 অক্টোবৰ: 66 তম বন্যপ্ৰাণী সপ্তাহ উপলক্ষে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ ভাৱে অৰিহনা যোগোৱা সকলক অসম চৰকাৰৰ সম্বৰ্ধনা ৷ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা ৰাজ্যিক পৰ্যায়ৰ সামৰণি অনুষ্ঠানত এইসকলক অসম চৰকাৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সমন্বিতে মন্ত্ৰী পৰিমল শুক্লবৈদ্য, মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী , বিধায়িকা আঙুৰলতা ডেকা প্ৰমূখ্যে অন্য বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহন কৰা উক্ত অনুষ্ঠানত বিশিষ্ট পৰিবেশবিদ পৰিমল চন্দ্ৰ ভট্টাচাৰ্যক 'জীৱনজোৰা সাধনা বঁটা' ৰে সন্মানিত কৰা হয় ।

66 তম বন্যপ্ৰাণী সপ্তাহৰ সামৰণি
66 তম বন্যপ্ৰাণী সপ্তাহৰ সামৰণি

গড়ঁ তথা বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশেষভাৱে অৰিহনা যোগোৱা সুহান মল্লিক, হাড়গিলা আৰ্মী গঠনেৰে দুষ্প্ৰাপ্য পক্ষীবিধৰ সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি অহা গ্ৰীণ অ'স্কাৰ বিজয়ী শ্ৰীমতী পূৰ্ণিমা দেৱী বৰ্মণৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা কেইবাগৰাকীও বন বিষয়া আৰু কৰ্মীক সম্বৰ্ধনাৰে উৎসাহিত কৰা হয় । ইয়াৰ লগতে বন্যপ্ৰাণী সপ্তাহ উপলক্ষে বিদ্যালয় পৰ্যায়ত অনুষ্ঠিত বিভিন্ন অনলাইন প্ৰতিযোগিতাৰ বিজয়ী সকলকো বঁটা প্ৰদান কৰা হয় ৷

লগতে পঢ়ক: কুমাৰীকাটাত ৬৬ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ সফল সামৰণি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.