ETV Bharat / state

দীপৰ বিলৰ দাঁতিত ৰে’লৰ চেঁপাত মৃত্যু বিলুপ্ত প্ৰজাতিৰ শিয়ালৰ

author img

By

Published : Jun 19, 2022, 3:12 PM IST

দীপৰ বিলৰ দাঁতিৰ ৰেল পথত বিলুপ্ত প্ৰায় শিয়াল আৰু সাপৰ ছিন্ন-ভিন্ন দেহ উদ্ধাৰ ৷ ৰেলৰ চেঁপাত নিশা জীৱ দুটাৰ মৃত্যু হোৱা বুলি জনায় স্থানীয় লোকে ৷ ইফালে দীপৰ বিলৰ পাৰৰ এনিমেল আৰু এলিফেণ্ট ক'ৰিডৰৰ ৰে'লপথত ৰে'ল বিভাগে বৈদ্যুতিকৰণৰ কাম কৰাক লৈ বৰ্তমানেও অব্যাহত আছে ৰে'ল বিভাগ আৰু বন বিভাগৰ মাজত সংঘাত (Electrification On The Railway Tracks near deepor beel) ৷

endangered Species fox died at deepor beel

গুৱাহাটী, 19 জুন : দীপৰ বিলৰ পাৰৰ এনিমেল আৰু এলিফেণ্ট ক'ৰিডৰৰ ৰে'লপথত বিগত দিনকেইটাত ৰে'ল বিভাগে বৈদ্যুতিকৰণৰ কাম কৰাক লৈ ৰে'ল বিভাগ আৰু বন বিভাগৰ মাজত সংঘাতৰ সৃষ্টি হৈ আহিছে (Electrification On The Railway Tracks near Deepor Beel) । ইয়াৰ মাজতে যোৱা নিশা ৰে'লৰ চেপাত দীপৰ বিলৰ পাৰত বিলুপ্তপ্ৰায় প্ৰজাতিৰ এটা শিয়াল আৰু এডাল সাপৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

এই সন্দৰ্ভত দীপৰ বিলৰ পাৰৰ চকৰদৌ কলিতাপাৰাৰ বাসিন্দা, পৰিবেশ কর্মী তথা দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতাই জানিবলৈ দিয়া মতে, তেওঁ আন দিনাৰ দৰে দেওবাৰেও ওচৰৰে প্ৰকৃতিপ্ৰেমী যুৱক বিৰাজ কলিতাৰ সৈতে ঘৰৰ ওচৰতে থকা ৰে'ললাইনৰ ওচৰত প্ৰাতঃ ভ্ৰমণলৈ যাওঁতে বিলুপ্তপ্ৰায় প্ৰজাতিৰ শিয়ালটো (Endangered species Of fox in Deepor Beel) ৰে'লৰ চেপাত চিৰিৰ মাজত ছিন্ন -ভিন্ন হৈ থকা প্ৰত্যক্ষ কৰে ।

তাৰ পাছত কিছু নিলগত প্ৰত্যক্ষ কৰে ৰে'লৰ চেপাত ছিন্ন -ভিন্ন হৈ থকা এডাল বিলুপ্তপ্ৰায় প্ৰজাতিৰ সাপ (Endangered species of in Deepor Beel) ।

অৱশ্যে দীপৰ বিল বন্যপ্ৰাণী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকর্মী অহাৰ পূৰ্বেই কোনো লোকে শিয়ালটো ৰে'ল লাইনৰ পৰা আঁতৰত পেলাই দিয়ে । আনহাতে, দীপৰ বিল সুৰক্ষা মঞ্চৰ সভাপতি হেনৰী ডেভিড টেৰণ আৰু সহকাৰী সাধাৰণ সম্পাদক সুশীল টেৰণে জানিবলৈ দিয়া মতে, ১৯৯০-৯১ চনত দীপৰ বিলৰ দক্ষিণ পাৰেৰে আজাৰা -কামাখ্যা সংযোগী ৰে'লপথচোৱা নিৰ্মাণ কৰাৰ পাছত বিগত সময়চোৱাত এনিমেল আৰু এলিফেণ্ট ক'ৰিডৰ হিচাপে পৰিচিত চকৰদৌ আৰু দেউচতালৰ অংশত ৰে'লৰ চেপাত ১৫ টাকৈ বনৰীয়া হাতীৰ মৃত্যু হৈছে ।

ইয়াৰ সমান্তৰালভাৱে বিলুপ্তপ্ৰায় প্ৰজাতিৰ শিয়াল, বন গাহৰি, কেটেলা পহুসহ বহু বনৰীয়া জীৱ জন্তুৰ মৃত্যু হৈছে বুলিও জানিব পৰা গৈছে । যদি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশনা উলংঘা কৰি দীপৰ বিললৈ জীৱ-জন্তুৰ মুকলিকৈ অহা-যোৱাৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণ নকৰাকৈ বৈদ্যুতিকৰণ কৰা হয় তেতিয়া ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি ৰাইজে আশংকা প্ৰকাশ কৰিছে ।

শেহতীয়াভাৱে ৰে'ল বিভাগে বন বিভাগৰ নিৰ্দেশনা অনুসৰি দীপৰ বিলৰ পাৰত ৰেলপথৰ বৈদ্যুতিকৰণৰ কাম বন্ধ ৰাখিছে ।

লগতে পঢ়ক:Landslide at Badarpur: বদৰপুৰত ভূমিস্খলনৰ ফলত শিশুৰ মৃত্যু

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.