গুৱাহাটী, 8 নৱেম্বৰ: কৰ্মচাৰীৰ প্ৰতিবাদত কঁপিল দিছপুৰ (Protest in Guwahati)৷ ৰাজ্যত পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত মঙলবাৰে খানাপাৰাস্থিত পশু চিকিৎসালয় মহাবিদ্যালয়ৰ খেলপথাৰত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ আহ্বানত প্ৰায় দহ হাজাৰ কৰ্মচাৰীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Employees protested in Guwahati)। মঙলবাৰে পুৱা ১১ বজাৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা কৰ্মচাৰীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷
প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে’কাৰ্ড বেনাৰ লৈ পুৰণি পেঞ্চন নীতি বাহাল ৰাখক, হিমন্ত বিশ্ব শৰ্মা- আমাৰ দাবী পূৰণ কৰক, আমাৰ দাবী ন্যাৰ্য দাবী আদি শ্ল’গানেৰে খেলপথাৰৰ ভিতৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Employees protested demanding the maintenance of the pension policy) ৷
গুৱাহাটীৰ খানাপাৰাৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যৰ কৰ্মচাৰী সমাজৰ বাবে “পুৰণি পেঞ্চন ব্যৱস্থা পুনঃপ্ৰতিষ্ঠাৰ পদযাত্ৰাই” ৰাজ্যত প্ৰৱৰ্তন হৈ থকা ৰাষ্ট্ৰীয় পেঞ্চন (NPS) ব্যৱস্থাই প্ৰশাসন ব্যৱস্থাৰ মধ্যমণি, মেৰুদণ্ড স্বৰূপ অসমৰ কৰ্মচাৰী সমাজক ক্ষতিগ্ৰস্ত কৰিছে বুলি মত পোষণ কৰে ৷ লগতে অসমৰ কৰ্মচাৰী সমাজৰ অৱসৰী জীৱনৰ আৰ্থিক সুৰক্ষাৰ স্বাৰ্থত অসম চৰকাৰে শীঘ্ৰে পুৰণি পেঞ্চন ব্যৱস্থা পুনঃবাহালৰ বাবে দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে ৷
সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই কয় যে যদিহে পৰৱৰ্তী সময়ত আমাৰ দাবী চৰকাৰে মানি নলয় তেতিয়া ডিচেম্বৰত পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব ৷ আমি ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ লগত আলোচনাত মিলিত হৈছো ৷
লগতে তেওঁ উল্লেখ কৰিলে, অসমৰ পৰা আৰম্ভ হোৱা এই জাগৰণৰ জৰিয়তে ৰাজ্যৰ প্ৰতিখন জিলাৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানত এক কাৰ্যসূচী পালন কৰা হ’ব ৷ এই কাৰ্যসূচীৰ পিছতো যদি ৰাজ্য চৰকাৰে আমাৰ দাবীসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰে, তেনেহ’লে তাৰ উচিত ব্যৱস্থা হাতত লোৱা হ’ব ৷ কৰ্মচাৰী হিচাবে আমাৰ সীমাবদ্ধতা আছে ৷ কিন্তু সীমাবদ্ধতা থকা মানেই এইটো নহয় যে আমি আমাৰ ক্ষুধা নিবাৰণৰ যুঁজত নানামিম ৷
উল্লেখ্য যে দেশৰ কৰ্মচাৰীৰ সমজখনক ব্যক্তিগত কোম্পানীৰ হাতত বন্ধকত দি জীৱনৰ নিৰাপত্তা নোহোৱা কৰা নতুন পেঞ্চন নীতি বাতিলৰ বাবে ২০০৬ চনৰে পৰা দেশৰ প্ৰাথমিক শিক্ষক সমাজে ধাৰাবাহিক ভাৱে আন্দোলন কৰি আহিছে ৷ ইতিমধ্যে দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাননটা সংগঠনে এন পি এছ বিৰোধী সংগ্ৰাম অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: DAC poll 2022: নাৰায়ণপুৰৰ ভোটগ্ৰহণ কেন্দ্ৰত উত্তেজনা