গুৱাহাটী, 19 জানুৱাৰী : মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণী বনাঞ্চলৰ ওচৰৰ দেওচতালত বুধবাৰে এটা বনৰীয়া পোৱালী হাতীয়ে মৃত্যুক সাবটি (Elephant Calf Dead at Rani) লয় ৷ ঘটনাৰ বিৱৰণী মতে, বুধবাৰে পুৱা একাংশ স্থানীয় লোকে হাবিখনত এটা বনৰীয়া পোৱালী হাতী আহত অৱস্থাত প্ৰত্যক্ষ কৰে ৷
লগে লগে প্ৰত্যক্ষদৰ্শীসকলে ঘটনা সন্দৰ্ভত বন বিভাগক খৱৰ দিয়ে ৷ স্থানীয় লোকৰ পৰা খবৰ পোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ লোক ৷ বিভাগৰ লোকে হাতী পোৱালীটোক ততালিকে মহানগৰীস্থিত অসম ৰাজ্যিক চিৰিয়াখানাৰ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে ৷
কিন্তু পৰিতাপৰ কথা এয়ে যে, আদবাটতে হাতী পোৱালীটোয়ে মৃত্যুক সাৱটি লয় ৷ বন বিভাগ আৰু স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰা অনুসৰি, নিশা হয়তো বনৰীয়া হাতীৰ আক্ৰমণত পোৱালী হাতীটো আহত হৈছিল ৷ পোৱালী হাতীটোৱে পোৱা আঘাত গুৰুতৰ আছিল বুলি স্থানীয় লোকৰ লগতে বন বিভাগৰ লোকে প্ৰকাশ কৰে ৷
লগতে চাওক: Corona blast in Assam police : অসম আৰক্ষীত ক'ভিডৰ ভয়াৱহ সংক্ৰমণ