বকো,12 এপ্ৰিলঃ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন বাকী থাকোতেই ৰাজ্যৰ চুকে-কোণে অব্যাহত আছে নিৰ্বাচনী হিংসাৰ ঘটনা ৷ বকোত বিজেপিৰ নিৰ্বাচনী সভাত দুষ্কৃতিকাৰীয়ে কৰিলে অগ্নিসংযোগ ৷
প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিনাই বকোৰ এখন বিজেপিৰ নিৰ্বাচনী সভা মঞ্চত কেৰাচিন ঢালি জুই লগাই দিয়ে একাংশ দুষ্কৃতিকাৰীয়ে ৷ শুকুৰবাৰে অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনী সভাখনত বৃহস্পতিবাৰে নিশা অগ্নিসংযোগ কৰে অচিনাক্ত দুৰ্বৃত্তই ৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ সমৰ্থনত আয়োজন কৰিছিল এই নিৰ্বাচনী সভাখন ৷ ঘটনাস্থলীত নিশাই আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে অনুসন্ধান প্ৰক্ৰিয়া ৷