ETV Bharat / state

নিৰ্বাচন আয়োগে শাসক দলৰ হৈ কাম কৰিছে : কংগ্ৰেছ

উপ-নিৰ্বাচনক লৈ এতিয়া ব্যস্ত হৈ পৰিছে শাসক-বিৰোধীৰ সমান্তৰালভাবে অন্যান্য ৰাজনৈতিক দল ৷ এনে সময়তে বিজেপি দল তথা স্বয়ং মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপন হৈছে নিৰ্বাচনী বিধি উলংঘন কৰাৰ অভিযোগ ৷

author img

By

Published : Oct 25, 2021, 6:25 PM IST

Senior State Congress spokesperson Manjit Mahanta
প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মনজিৎ মহন্ত

গুৱাহাটী, ২৫ অক্টোবৰ : ‘‘মুখ্যমন্ত্ৰীকে আদি কৰি শাসক দলৰ ইজনৰ পিছত সিজনকৈ নেতাই নিতৌ নিৰ্বাচনী আচৰণবিধি ভংগ কৰাৰ পিছতো তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা ল’বলৈ সাহস কৰা নাই দেশৰ নিৰ্বাচন আয়োগে । নিৰ্বাচন আয়োগে শাসক দলৰ হৈহে কাম কৰিছে ।’’ এই অভিযোগ বিৰোধী দল কংগ্ৰেছৰ । প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মনজিৎ মহন্তই সোমবাৰে ৰাজীৱ ভৱনত এক সংবাদমেলত ভাগ লৈ নিৰ্বাচন আয়োগৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে ।

আয়োগৰ নিৰপেক্ষতাক লৈও প্ৰশ্ন তোলে কংগ্ৰেছৰ মুখপাত্ৰজনে । তেওঁ কয় যে, ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী সভাসমূহত আচৰণবিধি ভংগ কৰাৰ প্ৰামাণিক তথ্যসহ কংগ্ৰেছ দলে নিৰ্বাচন আয়োগক অভিযোগ দাখিল কৰিছিল আৰু আগন্তুক দিনকেইটাত তেওঁক প্ৰচাৰ অভিযানৰ পৰা আঁতৰাই ৰাখিবলৈ আয়োগক অনুৰোধ জনাইছিল । কিন্তু নিৰ্বাচন আয়োগে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে ।

আনহাতে বজালীত বিজেপিৰ জিলা সভাপতিগৰাকীয়ে ৰাইজৰ মাজত মুকলিকৈ চেক বিতৰণ কৰাৰ অভিযোগ দিবলৈ যেতিয়া কংগ্ৰেছৰ এটা দল থানালৈ গৈছিল তেতিয়া ওলোটাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই কংগ্ৰেছৰ সদস্যসকলকহে দোষাৰোপ কৰিছিল বুলি প্ৰকাশ কৰে মনজিৎ মহন্তই । উল্লেখ্য যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰি জনাইছিল মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ কথা ৷

লগতে পঢ়ক : মৰিয়নীত ৰূপজ্যোতি কুৰ্মীৰ হৈ ৰণডংকা বজালে ড৹ শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.