ETV Bharat / state

Assam Panchayat Election: পঞ্চায়ত নিৰ্বাচনৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ নিৰ্বাচন আয়োগৰ

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 10:01 PM IST

ষষ্ঠ অনুসূচী এলেকা আৰু পৌৰ নিগমৰ এলেকাক বাদ দি ৰাজ্যৰ ৪০খন পঞ্চায়ত নিৰ্বাচনী জিলাৰ বাবে প্ৰকাশ কৰা হৈছে ভোটাৰ তালিকা । ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকাত সন্নিবিষ্ট হৈছে ১,৯৮,১২৭ গৰাকী ভোটাৰ নাম । চূড়ান্ত ভোটাৰ তালিকাত আছে ৮৯ লাখ ৮৬ হাজাৰ ৯৬৩ গৰাকী পুৰুষ আৰু ৮৮ লাখ ১২ হাজাৰ ৮৮৫ গৰাকী মহিলা ভোটাৰ । চূড়ান্ত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ২৭৯ গৰাকী তৃতীয় লিংগৰ ভোটাৰৰ নাম ।

Assam Panchayat Election
Assam Panchayat Election

গুৱাহাটী,২৯ ছেপ্টেম্বৰ: প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা । পৰৱৰ্তী পঞ্চায়ত নিৰ্বাচনৰ বাবে চূড়ান্ত ফটো ভোটাৰ তালিকা আজি প্ৰকাশ কৰে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ।

পঞ্চায়ত পুনঃগঠনৰ পূৰ্বে প্ৰকাশ পোৱা এই চূড়ান্ত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ১ কোটি ৭৮ লাখ ১২৭ গৰাকী ভোটাৰৰ নাম । শুকুৰবাৰে এক বিবৃত্তিযোগে এই কথা সদৰী কৰে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ।

নিৰ্বাচন আয়োগে জনোৱা মতে চূড়ান্ত ভোটাৰ তালিকাৰ ১ কোটি ৭৮ লাখ ১২৭ গৰাকী ভোটাৰৰ ভিতৰত আছে ৮৯ লাখ ৮৬ হাজাৰ ৯৬৩ গৰাকী পুৰুষ আৰু ৮৮ লাখ ১২ হাজাৰ ৮৮৫ গৰাকী মহিলা ভোটাৰ । আনহাতে চূড়ান্ত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ২৭৯ গৰাকী তৃতীয় লিংগৰ ভোটাৰৰ নাম ।

পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰা এই চূড়ান্ত ভোটাৰ তালিকা চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ আধাৰত কৰা হৈছে । উল্লেখ্য যে এই বছৰ অসম ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত ৰোল ডিজিটেলি কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছিল ।

অনলাইন ইলেক্ট্ৰ'ৰেল ৰোল মেনেজমেণ্ট চিষ্টেম (OERMS) ব্যৱহাৰ কৰি এই ব্যৱস্থা কৰা হৈছে । OERMS এক ৱেব-আধাৰিত এপ্লিকেচন ছফ্টৱেৰ আৰু ইয়াৰ দ্বাৰা পঞ্চায়ত নিৰ্বাচনী তালিকা প্ৰস্তুত কৰা হৈছে । এই ডিজিটেল ভোটাৰ তালিকাই স্বচ্ছতা, সহজলভ্যতা আৰু বিশুদ্ধতা বৃদ্ধি কৰে ।

ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰথমবাৰৰ বাবে ইয়াৰ প্ৰয়োগ কৰা হৈছে । ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা ত্ৰুটিমুক্ত আৰু মসৃণ কৰাৰ বাবে আয়োগ সংশ্লিষ্ট বিষয়াসকলৰ জিলা আৰু মহকুমা পৰ্যায়ৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল ।

অসম ৰাজ্যিক নিৰ্বাচন আয়োগে আই টি পেছাদাৰী, আইনী অভিজ্ঞৰ এটা সমৰ্পিত দলৰ যোগেদি কেইমাহজোৰা নিৰন্তৰ পৰিশ্ৰম কৰিছিল । যাতে ভোটাৰ তালিকা প্ৰস্তুতি প্ৰক্ৰিয়া সূচাৰুৰূপে সম্পন্ন কৰা হয় ।

চলিত বৰ্ষৰ ২৫ আগষ্টত খচৰা ফটো ইলেক্ট'ৰেল ৰোল প্ৰকাশৰ পাছত আজি আয়োগে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে চূড়ান্ত ফটো ভোটাৰ তালিকা প্ৰকাশ কৰে । ৰাজ্যৰ ৪০খন পঞ্চায়ত নিৰ্বাচনী জিলাৰ বাবে ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে ।

ষষ্ঠ অনুসূচী এলেকা আৰু পৌৰ নিগমৰ এলেকাক বাদ দি পঞ্চায়ত এলেকাৰ ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে । চূড়ান্ত ভোটাৰ তালিকা অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ ৱেবচাইটত উপলব্ধ কৰোৱা হৈছে ।

লগতে পঢ়ক: Pijush Hazarika: ভূপেন বৰালৈ এইবাৰ কি অনুৰোধ মন্ত্ৰী পীযুষ হাজৰীকাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.