ETV Bharat / state

চৰকাৰী নিয়ম অনুসৰি গুৱাহাটীত উদযাপন ঈদ-উজ-জোহা - কৰ'ণা মহামাৰী

সামাজিক দূৰত্ব বজাই ঈদৰ ধৰ্মীয় ৰীতি-নীতি পালন কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৷ সম্পূৰ্ণ চৰকাৰী নিয়ম অনুসৰি ৫ গৰাকী লোকৰ উপস্থিতিৰে মমিনুল আৱালকো ঈদৰ নামাজ আদায়ৰ মূহুৰ্তত দেখিবলৈ পোৱা গ'ল ৷

ঈদ-উজ-জোহা
ঈদ-উজ-জোহা
author img

By

Published : Aug 1, 2020, 1:35 PM IST

গুৱাহাটী, 1 আগষ্ট: এফালে কৰ'ণা মহামাৰীৰ সন্ত্ৰাস তাৰ মাজতেই শনিবাৰে অনুষ্টুপীয়াকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিলে পবিত্ৰ ঈদ-উজ-জোহা ৷ মহানগৰীৰ গাড়ীগাঁও, জালুকবাৰী, মাছখোৱা, ইছলামপুৰ আদি স্থানত সামাজিক দূৰত্ব বজাই ঈদৰ ধৰ্মীয় ৰীতি-নীতি পালন কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৷ চৰকাৰে জাৰি কৰা নিয়ম মানি তেওঁলোকে নিজৰ ঘৰতে সীমিত সংখ্যক লোকেৰে আদায় কৰিলে ঈদৰ নামাজ ৷ নামাজৰ অন্তত বিশ্ব শান্তিৰ হকে আল্লাহৰ ওচৰত সকলোৱে কৰিলে দোৱা ৷

চৰকাৰী নিয়ম অনুসৰি গুৱাহাটীত উদযাপন ঈদ-উজ-জোহা

ইয়াৰোপৰি লোকসকলে প্ৰশাসনে জাৰি কৰা নিয়ম অনুসৰি সম্পন্ন কৰিলে কুৰ্বানিৰ কাৰ্যসূচীও ৷ সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মমিনুল আৱালকো ঈদৰ এই পবিত্ৰ দিনটোত ঘৰতে নামাজ আদায় কৰা দেখিবলৈ পোৱা গ'ল ৷ সম্পূৰ্ণ চৰকাৰী নিয়ম অনুসৰি ৫ গৰাকী লোকৰ উপস্থিতিৰে মমিনুল আৱালে পঢ়িলে ঈদৰ নামাজ ৷ কৰ'ণা মহামাৰীৰ বাবে এইবাৰ ঈদৰ উছাহ-উদ্দীপনা ম্লান পৰিলেও পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰক নীতি নিৰ্দেশনা মানি চলাত বিশেষ গুৰুত্ব প্ৰদান কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৷

লগতে পঢ়ক: আজি পবিত্ৰ ঈদ-উদ-জোহা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.