ETV Bharat / state

ক’ভিড নীতিৰ মাজেৰে পালন পবিত্ৰ ঈদ-উল-আজহা - সমূহীয়া নামাজ

ঈদ-উল-আজহা উৎসৱত নিহিত হৈ আছে ত্যাগৰ বাৰ্তা । ঈদ-উল-আজহা উদযাপনে ত্যাগ, কৰুণা, মানৱ প্ৰেম আৰু ভাতৃত্ববোধৰ মহান অনুভূতিৰে উদ্বুদ্ধ কৰে ।

আজি ঈদ-উল-আজহা: মছজিদত পাঁচজন লোকহে বহিব পাৰিব নামাজত

author img

By

Published : Jul 21, 2021, 8:15 AM IST

নিউজ ডেস্ক, 21 জুলাই : বুধবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ-উল-আজহা (Eid-ul-Azha)৷ ঈদ-উল-আজহা বা ঈদ-উজ-জোহা (Eid-ul-Azha)ই ত্যাগ, কৰুণা, মানৱ প্ৰেম আৰু ভাতৃত্ববোধৰ মহান অনুভূতিৰে উদ্বুদ্ধ কৰে । নবী ইব্ৰাহিমে তেওঁৰ পুত্ৰ ইছমাইলক আল্লাৰ প্ৰতি উৎসৰ্গা কৰাৰ পৱিত্ৰ দিনটোক স্মৰণ কৰি সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মীয় লোকসকলে উৎসাহ-উদ্দীপনাৰে পৰম্পৰাগত ঈদ-উল-আজহা (Eid-ul-Azha) পালন কৰে । ঈদ-উল-আজহা (Eid-ul-Azha)ত প্ৰতীকি কুৰবানীৰ পৰম্পৰা চলি আহিছে ।

অৱশ্যে এইবাৰ ক’ৰণা মহামাৰী (Covid 19)ৰ বাবে ক’ভিড প্ৰ’টকল (Covid Protocol) মানি দেশবাসীয়ে ঈদ-উল-আজহা (Eid-ul-Azha)পালন কৰিব লগীয়া হৈছে ৷ অসমতো সান্ধ্য আইন (Curfew)আৰু লক ডাউন (Lock Down)ৰ মাজত চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি ৰাজ্যবাসীয়ে পালন কৰিব পবিত্ৰ ঈদ (Eid)৷ এই অনুসৰি মছজিদত একেলগে মাত্ৰ পাঁচজন লোকেহে সমূহীয়া নামাজত বহিব পাৰিব ৷

পবিত্ৰ ঈদৰ উপলক্ষ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)য়েও ৰাজ্যবাসীক শুভেচ্ছা জনাইছে ৷ তেওঁ সকলো ইছলামধৰ্মী লোকক এইবাৰ মছজিদৰ পৰিৱৰ্তে ঘৰতে নামাজ পঢ়াৰ আহ্বান জনায় ৷ মুখ্যমন্ত্ৰীয়ে লগতে ক’ভিড 19 (Covid 19) অতিমাৰীৰ জটিল সন্ধিক্ষণত পালন কৰা এইবাৰৰ ঈদ উল আজহা (Eid-ul-Azha)ত সমগ্ৰ মানৱ জাতিক ৰক্ষা কৰাৰ বাবে ইছলামধৰ্মী জনসাধাৰণক আহ্বান জনাইছে ৷

লগতে পঢ়ক : পবিত্ৰ ঈদৰ শুভেচ্ছা জনালে জনীয়াৰ বিধায়ক ৰফিকুল ইছলামে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.