গুৱাহাটী, 25 মে’: কৰ’ণাৰ বিভীষিকাৰ মাজতে সোমবাৰে গুৱাহাটী মহানগৰীত পালন কৰা হয় পৱিত্ৰ ঈদ-উল-ফিটৰ । অৱশ্যে এইবাৰ ঈদত আগৰ দৰে দেখা পোৱা নগ’ল উছাহৰ ঢল । চৰকাৰে ধাৰ্য কৰি দিয়া স্বাস্থ্যবিধি আৰু ইছলাম ধৰ্মীয় গুৰুসকলৰ আহ্বান মানি মহানগৰীত ইছলাম ধৰ্মীয় লোকসকলে ঘৰতে পালন কৰিলে পৱিত্ৰ ঈদ ।
লকডাউনৰ নীতি নিৰ্দেশনা অনুসৰি, মহানগৰীত এতিয়া বন্ধ হৈ আছে সকলো মছজিদ-ঈদগাহ । মহানগৰীৰ মাছখোৱা, হাতীগাঁও, লাখটকীয়া, ফাঁচী বজাৰ আদিত সকলো মছজিদ খালী হৈ থকা দেখা গ'ল । লগতে ঈদগাহৰ সমূহীয়া নামাজো বাতিল কৰা হৈছে মহানগৰীত ।
লগতে পঢ়ক: যোৰহাটৰ সামাজিক গোষ্ঠী "দিশৰ" আদৰণীয় পদক্ষেপ