ETV Bharat / state

চাকৰি দিয়াটো নহয় শিক্ষা দিয়াটোহে শিক্ষা বিভাগৰ মূল কাম : ৰণোজ পেগু

author img

By

Published : Sep 5, 2021, 8:01 PM IST

Updated : Sep 7, 2021, 12:54 PM IST

অচিৰে ৰাজ্যত নিযুক্তি দিয়া হ’ব 22 হাজাৰ শিক্ষক । শিক্ষা বিভাগৰ তৰফৰ পৰা এসপ্তাহৰ ভিতৰত এই সম্পৰ্কে প্ৰকাশ পাব বিজ্ঞাপন । দেওবাৰে মহানগৰীৰ বৰবাৰীত সংবাদ মাধ্যমৰ আগত এই মন্তব্য শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ । তাৰোপৰি নামভৰ্তিক লৈ উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি শিক্ষা সংসদৰ 'দৰ্পন' নামৰ পৰ্টেলটোত 100 শতাংশ ছাত্ৰ-ছাত্ৰীয়ে পঞ্জীয়ন কৰা বুলি ব্যক্ত কৰে ।

চাকৰি দিয়াটো নহয় শিক্ষা দিয়াটোহে শিক্ষা বিভাগৰ মূল কাম

গুৱাহাটী, ৫ ছেপ্তেম্বৰ : চৰকাৰৰ অৱহেলাৰ বাবে আজিও বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে ৰাজ্যৰ শিক্ষক সমাজ । চৰকাৰে পৰ্যায়ক্ৰমে বহু শিক্ষকৰ সমস্যা সমাধানৰ চেষ্টা কৰিছে যদিও আজিও হাজাৰ হাজাৰ শিক্ষকে চাকৰি নিয়মীয়াকৰণ, বিদ্যালয় প্ৰদেশীকিকৰণ, মাহিলী দা-দৰমহা আদিকে ধৰি প্ৰাপ্য অধিকাৰৰ দাবীত আন্দোলন মুখী হোৱাৰ লগতে নিজৰ প্ৰাপ্যৰ বাবে চৰকাৰী আমোলা-বিষয়া পদূলিয়ে পদূলিয়ে তাঁত-বাতি কাঢ়িব লগা হৈছে ।

তাৰ মাজতে একাংশ শিক্ষাগুৰুৱে দুখ-বেদনা লৈ বিনা বেতনে কাম কৰি অৱসৰ ল’ব লগা হৈছে । এনে নেতিবাচক খবৰৰ মাজতে শিক্ষক দিৱসৰ দিনা আছে এটা ভাল খবৰ । অচিৰেই ৰাজ্যত নিযুক্তি দিয়া হ’ব 22 হাজাৰ শিক্ষক । শিক্ষা বিভাগৰ তৰফৰ পৰা এসপ্তাহৰ ভিতৰত এই সম্পৰ্কে প্ৰকাশ পাব বিজ্ঞাপন ।

মহানগৰীৰ বৰবাৰীস্থিত Easy Mart নামৰ এখন নতুন শ্বপিং মল দেওবাৰে শুভ উদ্বোধন কৰি শিক্ষকৰ সমস্যাৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত এই মন্তব্য প্ৰদান কৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।

তেওঁ কয় যে, চাকৰি দিয়াটো শিক্ষা বিভাগৰ মূল কাম নহয় । শিক্ষা দিয়াটোৱেই শিক্ষা বিভাগৰ মূল কাম । তাৰে মাজতে আমাৰ চৰকাৰৰ শিক্ষা বিভাগে শিক্ষকৰ সমস্যা সমূহ পৰ্যায়ক্ৰমে সমাধান কৰাৰ চেষ্টা কৰি আহিছো ।

তাৰোপৰি বিকল্প মূল্যায়নৰ জৰিয়তে এইবাৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অভিলেখ সংখ্যক ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ পিছত নামভৰ্তিক লৈ সৃষ্টি হোৱা জটিলতা সন্দৰ্ভতো শিক্ষামন্ত্ৰীয়ে কয়, এতিয়ালৈ শিক্ষাৰ্থীৰ নাম ভৰ্তিৰ ক্ষেত্ৰত কোনো ধৰণৰ জটিলতা সৃষ্টি হোৱা নাই ।

ইতিমধ্যে শিক্ষা সংসদৰ 'দৰ্পন' নামৰ পৰ্টেলটোত 100 শতাংশ ছাত্ৰ-ছাত্ৰীয়ে পঞ্জীয়ন কৰিছে । দুদিন পিছত জনোৱা হ’ব কোন খিনি ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ বাবে নিৰ্বাচিত হৈছে । আনহাতে পঞ্জীয়নৰ পিছত নিৰ্বাচিত শিক্ষাৰ্থীৰ মেৰিট লিষ্ট আৰু Wating লিষ্ট প্ৰকাশ কৰা হ’ব । তেতিয়া ছাত্ৰ-ছাত্ৰী সকলে নিজে সিদ্ধান্ত ল’ব পাৰিব তেওঁলোকে ক’ত নামভৰ্তি কৰিব ।

লগতে পঢ়কঃ কিয় আৰক্ষীয়ে দুটা গুলী মাৰিছিল বিশাল চৌধুৰীলৈ; ডিচিপিৰ বৰ্ণনা

ইফালে ৬ ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খোলা সন্দৰ্ভত শিক্ষা মন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, ইতিমধ্যে খোল খাবলগীয়া শিক্ষানুষ্ঠান সমূহ চেনিটাইজেচনৰ কাম সম্পূৰ্ণ হৈছে ।

সেই অনুসৰি এটা শ্ৰেণী কোঠাত 30 গৰাকী ছাত্ৰ-ছাত্ৰী বহিব পাৰিব । অৱশ্যে 60 গৰাকী ছাত্ৰ-ছাত্ৰী থাকিলে দুটা কোঠাত বিভক্ত কৰি পাঠদান কৰা হ’ব । আনহাতে, আন শ্ৰেণী সমূহৰ পাঠদান ক’ভিড পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি খোলা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।

এই ক্ষেত্ৰত অভিভাৱক সকলক নিজৰ ল’ৰা-ছোৱালী বিদ্যালয়লৈ পঠিয়াবলৈ শংকিত নহৈ সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনাই শিক্ষা মন্ত্ৰী গৰাকীয়ে । আনহাতে ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰী সকলক বিশেষ কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি শিক্ষামন্ত্ৰী গৰাকীয়ে কয়, ইতিমধ্যে প্ৰথম পৰ্যায়ত নৱম শ্ৰেণীৰ পৰা স্কীল ডেভলপমেণ্টৰ পাঠ্যক্ৰম সমূহ আৰম্ভ হৈছে ।

বৰ্তমান সীমিত সংখ্যক বিদ্যালয়ত চলি আছে এই পাঠ্যক্ৰম । ছাত্ৰ-ছাত্ৰী সকলক কাৰিকৰী শিক্ষাৰে পাৰ্গত কৰি তোলাৰ লক্ষ্যৰে সকলো বিদ্যালয়ত স্কিল ডেভলপমেণ্টৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ বাবে শিক্ষা বিভাগে পৰিকল্পনা হাতত লোৱা বুলিও মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷

লগতে পঢ়কঃ উপ-নিৰ্বাচনত থাওৰা-মৰিয়নিত বিজেপিৰ বিৰুদ্ধে প্ৰচাৰত নামিব টাইপা

Last Updated : Sep 7, 2021, 12:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.