ETV Bharat / state

১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব নৱম-দশম আৰু একাদশ-দ্বাদশ শ্ৰেণীৰ পাঠদান

author img

By

Published : Jul 30, 2021, 10:48 PM IST

মেট্ৰিকৰ ফলাফলক লৈ সকলো সন্তুষ্ট । ফলাফলত অসন্তুষ্ট ছাত্ৰ-ছাত্ৰীয়ে বিশেষ পৰীক্ষাত অৱৰ্তীণ হ'বলৈ আবেদন কৰিব পাৰিব । ক'ভিড পৰিস্থিতিৰ বাবে এইবাৰ পৰীক্ষাৰ ভিত্তিত নহয় তথ্যৰ ভিত্তিত এই ফলাফল দিয়া হৈছে । উত্তীৰ্ণৰ হাৰ বৃদ্ধি পালেও নামভৰ্তিৰ ক্ষেত্রত কোনো অসুবিধা নহ'ব।

education minister
১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব পাঠদান

গুৱাহাটী, ৩০ জুলাই: ক'ভিড (Covid) পৰিস্থিতি উন্নত হ'লে এক ছেপ্তেম্বৰৰ পৰা নৱম-দশম আৰু একাদশ-দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে । এই কথা সদৰী কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে (Dr Ranoj Pegu) । এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰে আলোচনা কৰাৰ কথা সদৰী কৰি শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত শিক্ষামন্ত্রীগৰাকীয়ে কয়- ' স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰি আমি সিদ্ধান্ত ল'ম । কলেজৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ পাঠদান আৰম্ভ কৰাৰ বাবেও চিন্তা কৰা হৈছে ।'

১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব নৱম-দশম আৰু একাদশ-দ্বাদশ শ্ৰেণীৰ পাঠদান

মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰি শিক্ষা মন্ত্ৰীগৰাকীয়ে কয়- ' উৰ্ত্তীণৰ হাৰ বৃদ্ধি পাইছে যদিও কলেজত নামভৰ্তিৰ বাবে অসুবিধা নহ'ব ৷ ফলাফলত অসন্তুষ্ট ছাত্ৰ-ছাত্ৰীয়ে বিশেষ পৰীক্ষাত অৱৰ্তীণ হ'বলৈ আবেদন কৰিব পাৰিব । ক'ভিড পৰিস্থিতিৰ বাবে এইবাৰ পৰীক্ষাৰ ভিত্তিত নহয় তথ্যৰ ভিত্তিত এই ফলাফল দিয়া হৈছে । নৱম শ্ৰেণীৰ নম্বৰক প্ৰাধান্য দিয়া হৈছে আৰু নৱম শ্ৰেণীত প্ৰায় সকলো ছাত্র-ছাত্রী উত্তীৰ্ণ হয় ।'

সেয়ে মেট্ৰিকত উত্তীৰ্ণৰ হাৰ বৃদ্ধি পাইছে বুলি ধাৰণা কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে । শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে বৰ্তমানলৈকে ফলাফলকলৈ সকলো সন্তুষ্ট । তেওঁৰ মতে আনকি ফলাফলক লৈ শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষকসকলো সন্তুষ্ট ।

কোনো শিক্ষাৰ্থীৰ অভিযোগ থাকিলে 'ছেবা'ই (SEBA) অনুষ্ঠিত কৰিবলগীয়া বিকল্প পৰীক্ষাত বহিব পাৰিব । নামভৰ্তিৰ ক্ষেত্রত সমস্যা নহয় । মেট্ৰিকত উত্তীৰ্ণ হৈছে ৩,৯৭,১৩২ গৰাকী ছাত্র-ছাত্রী ।

শিক্ষাবিভাগে হিচাপ কৰি পোৱা তথ্য মতে চৰকাৰী বিদ্যালয় আৰু প্ৰাদেশীকৰণ বিদ্যালয়ত ৩.৩৫ লাখ আসন আছে । ইয়াত ব্যক্তিগত আৰু ভেন্সাৰ বিদ্যালয়ৰ আসন যোগ দিয়া হোৱা নাই । গতিকে উত্তীৰ্ণৰ হাৰ বৃদ্ধি পালেও নামভৰ্তিৰ ক্ষেত্রত কোনো অসুবিধা নহ'ব । আনহাতে শীঘ্ৰেই একাদশ শ্ৰেণীৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :মেট্ৰিকৰ ফলাফল : স্থান প্ৰাপক নোহোৱাকৈ ত্ৰিশ সহস্ৰাধিকে পালে ষ্টাৰ-ডিষ্টিংছন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.