ETV Bharat / state

Dress code for Teachers:অভিযোগ উত্থাপিত হোৱা বাবেহে ড্ৰেছ কোড নিৰ্দেশনা জাৰী :শিক্ষা মন্ত্ৰী - বিশ্ব জেষ্ঠ্য নাগৰিক দিৱস

শেহতীয়াভাৱে বজালীৰ নিৰ্মল হালৈ কলেজত ৩গৰাকী শিক্ষয়িত্ৰীয়ে চুৰিদাৰ পিন্ধাক লৈ সৃষ্টি হয় বিতৰ্ক ৷ ইয়াৰ পিচতেই উচ্চ শিক্ষা বিভাগে উচ্চ শিক্ষানুষ্ঠানত শিক্ষকৰ ড্ৰেছ কোড নিৰ্ধাৰণ কৰি জাৰী কৰে নিৰ্দেশনা ।

Education Minister Ranoj Pegu
শিক্ষা মন্ত্ৰী ডাঃৰণোজ পেগু
author img

By

Published : Aug 21, 2023, 7:20 PM IST

শিক্ষা মন্ত্ৰী ডাঃৰণোজ পেগু

গুৱাহাটী, ২১ আগষ্ট: শেহতীয়াভাৱে এখন মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰীয়ে চুৰিদাৰ পিন্ধাক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা বিতৰ্কৰ পিচতেই উচ্চ শিক্ষা বিভাগে উচ্চ শিক্ষানুষ্ঠানত শিক্ষকৰ ড্ৰেছ কোড নিৰ্ধাৰণ কৰি নিৰ্দেশনা জাৰী কৰে । এই নিৰ্দেশনা অনুসৰি উচ্চ শিক্ষানুষ্ঠানত শিক্ষয়িত্ৰীয়ে চুৰিদাৰ পিন্ধাৰ ক্ষেত্ৰতো অনুমতি প্ৰদান কৰিলে চৰকাৰে । ইতিমধ্য়ে চৰকাৰে এক নিৰ্দেশনা যোগে নিৰ্ধাৰণ কৰিলে মহাবিদ্যালয়-বিশ্ববিদ্যালয় আদি উচ্চ শিক্ষানুষ্ঠানৰ শিক্ষকৰ ড্ৰেছ কোড ৷ ইয়াৰ পিচতেই আজি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুই । দুই-এগৰাকী শিক্ষকৰ বিৰুদ্ধে সাজপাৰ পৰিধানকলৈ অভিযোগ থকা বাবে তেওঁলোকক শৃংখলিত কৰিবলৈ এনে নিৰ্দেশনাৰ জাৰী কৰা হৈছে বুলি মন্তব্য় কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে ।

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত বিশ্ব জেষ্ঠ্য নাগৰিক দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ৰূপে উপস্থিত থাকি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুই শিক্ষকৰ সাজ পৰিধানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । শিক্ষকৰ সাজপাৰ পৰিধানক লৈ শেহতীয়াকৈ যি বিতৰ্ক চলি আছে সেই পৰিপ্ৰেক্ষিতত এই নিৰ্দেশনাখন উলিওৱা হৈছে বুলি তেওঁ মন্তব্য় কৰে । অৱশ্য়ে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুই কয় যে চৰকাৰে নিৰ্দেশনাখন এনেকৈ উলিয়াব নালাগিছিল ।

একাংশ শিক্ষকৰ বিৰুদ্ধে কিছু অভিযোগ উত্থাপিত হোৱা বাবে চৰকাৰে এই নিৰ্দেশনাখন উলিয়ালে বুলি উল্লেখ কৰি তেওঁ কয় যে সকলোকে শৃংখলিত কৰিবলৈ এনে নিৰ্দেশনাৰ প্ৰয়োজন । কিছুদিন পূৰ্বে সাজ-পোছাকক লৈ বিদ্যালয়ৰ শিক্ষকলৈও নিৰ্দেশনা দিয়া হৈছিল । এতিয়া উচ্চ শিক্ষাৰ শিক্ষকলৈ নিৰ্দেশনা দিয়া হৈছে । লগতে তেওঁ মন্তব্য কৰি কয়,"দুই-এক শিক্ষকৰ বিৰুদ্ধে সাজপাৰ পৰিধানক লৈ অভিযোগ আছে । তেওঁলোকক শৃংখলিত কৰিবৰ বাবে এনে নিৰ্দেশনাৰ জাৰী কৰা হৈছে । ইয়াত ফৰ্মেল বা জাতীয় সাজপাৰ অন্তৰ্ভুক্ত আছে ।"

উল্লেখযোগ্য যে শিক্ষা বিভাগে জাৰী কৰা নতুন নিৰ্দেশনা অনুসৰি শিক্ষানুষ্ঠানত জিন্স,লেগিংছ, টি-শ্বাৰ্ট পৰিধানত নিষেধাজ্ঞা জাৰী কৰা হৈছে । শিক্ষকে ফৰ্মেল শ্বার্ট-পেণ্ট পিন্ধাৰ বিপৰীতে শিক্ষয়িত্ৰীসকলে পিন্ধিব লাগিব মেখেলা-চাদৰ বা শাৰী । পোছাক বিধিৰ বিশেষ নিয়মাৱলীত উল্লেখ কৰা অনুসৰি, সম্পূৰ্ণ মাৰ্জিত পোছাক পৰিধান কৰিব লাগিব শিক্ষক-শিক্ষয়িত্রীসকলে ।

গতে পঢ়ক:Dress code for Teachers: শিক্ষয়িত্ৰীৰ পোছাকক লৈ নতুন নিৰ্দেশনা; এইসমূহ সাজহে পিন্ধিব পাৰিব শিক্ষয়িত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.