গুৱাহাটী, ২০ জুন: অসমবাসীৰ বাবে সু-খবৰ ৷ মঙলবাৰে গুৱাহাটীৰ বামুনীমৈদামস্থিত অসম প্ৰকাশন পৰিষদৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় অসমৰ প্ৰথমখন শ্ৰব্য অভিধান। অসম প্ৰকাশন পৰিষদে প্ৰস্তুত কৰি উলিওৱা এই শ্ৰব্য অভিধানখন অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ নামত "পদ্মনাথ শ্ৰব্য অভিধান" নামেৰে উচৰ্গা কৰা হৈছে ৷ পদ্মনাথ শ্ৰব্য অভিধান নামেৰে নামকৰণ হোৱা অসমীয়া অভিধানখন আনুষ্ঠানিকভাৱে মুকলি কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
এই শ্ৰব্য অভিধানখনত মূল ১৮,০০০ টা শব্দ সংযোজন কৰা হৈছে। ডিজিটেল মাধ্যমত উপলব্ধ হ’ব শব্দ সমূহৰ ধ্বনিও। ইয়াৰ বাহিৰেও আন্তঃৰাষ্ট্ৰীয় ধ্বনি লিপি সম্বলিত আৰু প্ৰতিটো শব্দৰ ইংৰাজী অর্থ থকা এইখনেই হৈছে প্ৰথমখন অসমীয়া ডিজিটেল শ্ৰব্য অভিধান। এণ্ড্ৰ’ইড মোবাইল ফোন ব্যৱহাৰকাৰীসকলে প্লে’ ষ্টোৰলৈ গৈ "PADMANATH AUDIO DICTIONARY" টাইপ কৰি চাৰ্ছ কৰিলে ডাউনল’ড কৰিব পাৰিব এই অভিধানখন ৷
এই শ্ৰব্য অভিধানখনৰ সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, "অসমীয়া ভাষাৰ শিকন প্ৰণালীক সহজলভ্য কৰা আৰু অসমীয়া ভাষাক আগুৱাই নিয়া প্ৰয়াসৰ অংশস্বৰূপে অসম প্ৰকাশন পৰিষদে অসমীয়া শ্ৰব্য অভিধান ডিজিটেলী প্ৰস্তুত কৰি আজি বিশ্ববাসীলৈ অৰ্পন কৰিলে ৷ এতিয়া বিশ্বৰ যি প্ৰান্ততেই নাথাকক কিয় এই ডিজিটেল ছফ্টৱেৰ পদ্মনাথ গোহাঞি বৰুৱাৰ নামেৰে নামকৰণ কৰা এপ্পটোৰ জৰিয়তে যিকোনো অসমীয়া ভাষাৰ শব্দ বিচাৰি ল’ব পাৰিব ৷ শব্দৰ উচ্চাৰণ কেনেকৈ হয় সেইটোও শিকিব পাৰিব, তাৰ অৰ্থও জানিব পাৰিব ৷ এই অভিধানখনে বিদেশত থকা অসমীয়া ভাষাৰ ল’ৰা ছোৱালীসকলক অসমীয়া ভাষা শিকাৰ ক্ষেত্ৰত সহায় কৰিব পাৰিব ৷ যিসকলে নতুনকৈ অসমীয়া শিকিছে তেওঁলোকক সহায় কৰিব ৷"
লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধি সন্দৰ্ভত আৰু গুৱাহাটী কমাৰ্চ কলেজৰ নামঘোষা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, এইবৰ্ষত মহাবিদ্যালয়সমূহৰ মাচুলসমূহৰ এটা নিৰ্ধাৰিত মূল্য সম্বলিত এক জাননী ইতিমধ্যে জাৰি কৰা হৈছে ৷ গতিকে সকলো মহাবিদ্যালয়কে এই নিৰ্ধাৰিত মূল্যহে শিক্ষাৰ্থীসকলৰ পৰা আদায় কৰিবলৈ আহ্বান জনায় শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ নামঘোষাৰ কথাটো মই নাজানো বুলিও সদৰী কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ।
লগতে বিদ্যালয়সমূহত মেখেলা চাদৰ বনাম চুৰিদাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, শিক্ষক-শিক্ষয়িত্ৰীসকলে বিদ্যালয়লৈ যাতে মাৰ্জিত পোছাক পৰিধান কৰি আহে ৷ এই মাৰ্জিত পোছাকৰ ভিতৰত শাৰী, মেখেলা-চাদৰ, চুৰিদাৰো আছো ৷ বিদ্যালয় কৰ্তৃপক্ষই এইটো নিৰ্ধাৰণ কৰিব যে বিদ্যালয়খনত শিক্ষক-শিক্ষয়িত্ৰীসকলে কি পোছাক পৰিধান কৰিব ৷
লগতে পঢ়ক: Assam flood 2023: বানত ক্ষতিগ্ৰস্ত হোৱা কৃষকসকলক পৰ্যাপ্ত সুবিধা প্ৰদানৰ আশ্বাস মন্ত্ৰী অতুল বৰাৰ