ETV Bharat / state

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সতৰ্ক হোৱাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ - by election

মুখ্যমন্ত্রীৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ সভাত চৰকাৰী আঁচনি ঘোষণা কৰাৰ অভিযোগ । আয়োগৰ জাননীৰ উত্তৰ দিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ উত্তৰ দিয়ে যে, নিৰ্বাচনী সভাত কৰা ঘোষণাসমূহ পূৰ্বতেই লোৱা সিদ্ধান্ত । বাজেটত ইতিমধ্যে ঘোষণা কৰা উন্নয়নমূলক আঁচনিসমূহৰ কথাহে নিৰ্বাচনী সভাত কোৱা হৈছে । নিৰ্বাচনী সভাত কোনো নতুন ঘোষণা কৰা হোৱা নাই ।

Election commission order
মুখ্যমন্ত্রীক সতৰ্ক হোৱাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ
author img

By

Published : Oct 27, 2021, 1:20 PM IST

গুৱাহাটী, ২৭ অক্টোবৰ: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে মানি চলাৰ নিৰ্দেশ দিছে দেশৰ নিৰ্বাচন আয়োগে । ভৱিষ্যতে নিজৰ বক্তব্যত সতৰ্কতা অৱলম্বনৰ বাবেও নিৰ্বাচন আয়োগে মুখ্যমন্ত্রীক সতৰ্ক কৰি দিছে । উল্লেখ্য যে, দেশৰ নিৰ্বাচন আয়োগে যোৱা ২৫ অক্টোবৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল । লগতে ২৬ অক্টোবৰ মঙলবাৰে বিয়লি ৫ বজাৰ ভিতৰত উত্তৰ দিয়াৰ বাবে মুখ্যমন্ত্রীগৰাকীক নিৰ্বাচন আয়োগে সময়সীমা বান্ধি দিছিল ।

Election commission order
মুখ্যমন্ত্রীক সতৰ্ক হোৱাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

মুখ্যমন্ত্রীৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ সভাত চৰকাৰী আঁচনি ঘোষণা কৰাৰ অভিযোগ উত্থাপন হৈছিল । এই সন্দৰ্ভত কংগ্ৰেছে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত দুখনকৈ অভিযোগ দাখিল কৰিছিল । এই অভিযোগ অনুসৰি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্রীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি বহু উন্নয়ণমূলক আঁচনি ঘোষণা কৰিছিল । এই সন্দৰ্ভত বিৰোধী দলপতি দেবব্ৰত শইকীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অভিযোগ দাখিল কৰিছিল ।

তদুপৰি মঙলবাৰে কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে দিল্লীত নিৰ্বাচনী আয়োগক স‍াক্ষাৎ কৰি নিৰ্বাচনী ৰেলীৰ ক্ষেত্রত ভেদ-ভাৱ কৰাৰ আন এক অভিযোগ উত্থাপন কৰিছিল । কংগ্ৰেছৰ অভিযোগ অনুসৰি শ্ৰীৰামপুৰ হাইস্কুলৰ খেলপথাৰ নিৰ্বাচনী ৰেলীৰ বাবে ব্যৱহাৰ কৰাৰ ক্ষেত্রত কংগ্ৰেছ দলক উপেক্ষা কৰা হৈছে আৰু এইক্ষেত্রত ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হৈছিল ।

কংগ্ৰেছৰ অভিযোগৰ ভিত্তিত আয়োগে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছিল । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ দিয়াৰ পাছত বুধবাৰে নিৰ্বাচন আয়োগে এক নিৰ্দেশ জাৰি কৰে । আয়োগে জাৰি কৰা নিৰ্দেশ অনুসৰি মুখ্যমন্ত্রীক একপ্ৰকাৰে দোষমুক্ত কৰা হৈছে যদিও ৰাজহুৱা সভাত বক্তব্য ৰখাৰ ক্ষেত্রত সতৰ্কতা অৱলম্বন কৰাৰ নিৰ্দেশ দিয়া হৈছে । নিৰ্বাচনী আচৰণ বিধি কোনো কাৰণতে উলংঘা নকৰাৰ বাবে মুখ্যমন্ত্রীক সতৰ্ক কৰি দিয়া হৈছে ।

ইফালে, কংগ্ৰেছে উত্থাপন কৰা অভিযোগসমূহ খণ্ডন কৰি মুখ্যমন্ত্রীগৰাকীয়ে উত্তৰত কয় যে, নিৰ্বাচনী সভাত তেওঁ কৰা ঘোষণাসমূহ পূৰ্বতেই লোৱা সিদ্ধান্ত । বাজেটত ইতিমধ্যে ঘোষণা কৰা উন্নয়নমূলক আঁচনিসমূহৰ কথা কোৱা হৈছে । নিৰ্বাচনী সভাত কোনো নতুন ঘোষণা কৰা হোৱা নাই । ইফালে, নিৰ্বাচনী প্ৰচাৰৰ বাবে খেলপথাৰ ব্যৱহাৰ সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত আয়োগে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই দিয়া তথ্যৰ কথা উল্লেখ কৰে ।

মুখ্য নিৰ্বাচনী বিষয়াই আয়োগক দিয়া প্ৰতিবেদন অনুসৰি, শ্ৰীৰামপুৰ হাইস্কুলৰ খেলপথাৰ ব্যৱহাৰ কৰাৰ বাবে কোনো ৰাজনৈতিক দলক অনুমতি দিয়া হোৱা নাই । আয়োগে এই সকলো দিশ চালি-জাৰি চাই আজি নিৰ্দেশ জাৰি কৰে । আয়োগে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দিয়া উত্তৰ বিবেচনা কৰি ভৱিষ্যতে আৰু অধিক সতৰ্ক হোৱাৰ লগতে নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে মানি চলাৰ বাবে সতৰ্ক কৰি দিয়ে ।

লগতে পঢ়ক:ভৱানীপুৰত উদাত্ত কণ্ঠৰে নিৰ্বাচনী প্ৰচাৰ চলালে ভূপেন বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.