ETV Bharat / state

Constituency delimitation: নিৰ্বাচন আয়োগৰ খচৰাত ৰাজ্যৰ ১৪টা লোকসভাৰ সমষ্টিৰ ৰূপৰেখা

author img

By

Published : Jun 21, 2023, 2:30 PM IST

Updated : Jun 21, 2023, 4:11 PM IST

চৈধ্যটা লোকসভা সমষ্টিৰ চাৰিসীমাৰ ব্যাপক পৰিবৰ্তন । তিনিটা সমষ্টিৰ নতুন নামাকৰণ । কলিয়াবৰ সমষ্টিৰ নতুন নাম কাজিৰঙা । মঙলদৈ সমষ্টিৰ দৰং নামাকৰণ । তেজপুৰ সমষ্টিক কৰা হৈছে শোণিতপুৰ । যোৰহাট সমষ্টিত নতুনকৈ সোমাল মাজুলী । লখিমপুৰ সমষ্টিৰ পৰা কৰ্তন হৈ ডিব্ৰুগড় লোকসভা সমষ্টিত সোমাল চাবুৱা । নগাঁৱৰ সলনি নতুনকৈ নামকৰণ হোৱা কাজিৰঙা লোকসভা সমষ্টিত অন্তর্ভুক্ত হোজাই-লামডিং-বঢ়মপুৰ । ধুবুৰীৰ পৰা কৰ্তন কৰি গুৱাহাটী লোকসভা সমষ্টিত অন্তৰ্ভুক্তিৰ প্ৰস্তাৱ পশ্চিম গোৱালপাৰাক । দৰং সমষ্টিত তামুলপুৰ আৰু গোৰেশ্বৰ বিধানসভা সমষ্টি অন্তর্ভুক্তিৰ প্ৰস্তাৱ । বৰপেটাৰ পৰা গৈ ধুবুৰীত সোমাব চেঙা-মন্দিয়া সমষ্টি ।

Constituency delimitation
নিৰ্বাচন আয়োগৰ খচৰাত ৰাজ্যৰ ১৪টা লোকসভাৰ সমষ্টিৰ ৰূপৰেখা
EC initiates delimitation of constituencies in Assam

গুৱাহাটী,২১ জুন: ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ অভিযোগ আৰু অসন্তুষ্টিৰ মাজতে দেশৰ নিৰ্বাচন আয়োগে মঙলবাৰে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা ৰাজহুৱা কৰে । নির্বাচন আয়োগৰ খচৰা অনুসৰি বিধানসভা আৰু লোকসভা সমষ্টিৰ সংখ্যা পূৰ্বৰ দৰে একেই ৰখা হৈছে । কিন্তু সমষ্টিসমূহৰ সীমাৰ সালসলনি ঘটোৱাৰ লগতে সমষ্টিৰ নাম নতুনকৈ নামকৰণ কৰা হৈছে ।

লোকসভা সমষ্টিৰ ক্ষেত্ৰত মঙলদৈ, কলিয়াবৰ আৰু তেজপুৰ সমষ্টিৰ নাম নতুনকৈ নামকৰণৰ প্ৰস্তাৱ দিয়া হৈছে । সেই অনুসৰি পূৰ্বৰ মঙলদৈ লোকসভা সমষ্টিৰ নতুন নাম হ’ব দৰং । একেদৰে কলিয়াবৰ লোকসভা সমষ্টিৰ নতুন নাম হ’ব কাজিৰঙা আৰু তেজপুৰ লোকসভা সমষ্টিৰ নতুন নাম শোণিতপুৰ কৰা হৈছে। প্ৰস্তাৱিত খচৰা অনুসৰি অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত কোকৰাঝাৰ আৰু ডিফু সমষ্টিক অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰা হৈছে ।

আনহাতে শিলচৰ লোকসভা সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা হৈছে । ইফালে নতুন খচৰা মতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ভিতৰত থাকিব ৯টা বিধানসভা সমষ্টি । সেই ৯টা বিধানসভা সমষ্টি হৈছে - গোসাঁইগাঁও, দোতমা (এছ টি), কোকৰাঝাৰ (এছ টি), বাওখুংগৰী, পৰ্বতঝোৰা, ছিদলী চিৰাং (এছ টি), বিজনী, গোৱর্ধনা আৰু বাক্সা (এছ টি) । আনহাতে ধুবুৰী লোকসভা সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছে ১১টা বিধানসভা সমষ্টি । সেই বিধানসভা সমষ্টিত কেইটা হৈছে - গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, মানকাচৰ, বিলাসীপাৰা, দক্ষিণ শালমাৰা, জলেশ্বৰ, পূব গোৱালপাৰা, মানিকপুৰ, মন্দিয়া আৰু চেঙা সমষ্টি ।

সেইদৰে বৰপেটা লোকসভা সমষ্টিৰ ভিতৰত থাকিব ১০টা বিধানসভা সমষ্টি । বৰপেটা লোকসভাৰ অন্তৰ্গত বিধানসভা সমষ্টি কেইটা হৈছে - অভয়াপুৰী, বঙাইগাঁও, ভৱানীপুৰ, বৰপেটা (এছ চি), ৰূপসী, বজালী, হাজো (এছ চি), বৰক্ষেত্ৰী, নলবাৰী আৰু টিহু । দৰং লোকসভা সমষ্টিত থাকিব ১১টা বিধানসভা সমষ্টি। বিধানসভা সমষ্টি কেইটা হৈছে - তামুলপুৰ, গোৰেশ্বৰ, ৰঙিয়া, কমলপুৰ, ভেৰগাঁও, ওদালগুৰি (এছ টি), মাজবাট, টংলা, ছিপাঝাৰ, মঙলদৈ আৰু দলগাঁও সমষ্টি ।

সেইদৰে গুৱাহাটী লোকসভা সমষ্টিত পূর্বৰ বিপৰীতে কিছু সালসলনি কৰি নতুন সমষ্টি অন্তর্ভুক্ত কৰা হৈছে। গুৱাহাটী লোকসভা সমষ্টিৰ অধীনত থাকিব মুঠ ১০টা বিধানসভা সমষ্টি । বিধানসভা সমষ্টি কেইটা হৈছে - পশ্চিম গোৱালপাৰা (এছ টি), দুধনৈ (এছ টি), ছমৰীয়া, বকো (এছ টি), পলাশবাৰী, দিছপুৰ, ডিমৰীয়া (এছ চি), নিউ গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল আৰু জালুকবাৰী সমষ্টি। গুৱাহাটী লোকসভা সমষ্টিত নতুনকৈ ডিমৰীয়া বিধানসভা সমষ্টি অন্তর্ভুক্ত কৰাৰ বিপৰীতে পশ্চিম গুৱাহাটী আৰু পূব গুৱাহাটী সমষ্টিৰ নাম সলনি কৰি নিউ গুৱাহাটী আৰু গুৱাহাটী চেণ্ট্ৰেল কৰা হৈছে ।

তদুপৰি পূর্বে এছ চিৰ বাবে সংৰক্ষিত থকা বকো সমষ্টিক এছ টিৰ বাবে সংৰক্ষিত কৰা হৈছে । আনহাতে জনজাতিৰ বাবে সংৰক্ষিত ডিফু লোকসভা সমষ্টিৰ অধীনত থাকিব ৬টা বিধানসভা সমষ্টি । এই বিধানসভা সমষ্টি কেইটা হৈছে - বোকাজান (এছ টি), হাওৰাঘাট (এছ টি), ডিফু (এছ টি), ৰংখাং (এছ টি), আমৰি (এছ টি) আৰু হাফলং (এছ টি) সমষ্টি। একেদৰে কৰিমগঞ্জ লোকসভা সমষ্টিৰ অধীনতো থাকিব ৬টা বিধানসভা সমষ্টি। সেই বিধানসভা সমষ্টি কেইটা হৈছে - হাইলাকান্দি, আলগাপুৰ, বদৰপুৰ, উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ আৰু ৰাতাবাৰী (এছ চি)। অনুসূচিত জাতিৰ বাবে সংৰক্ষিত শিলচৰ লোকসভা সমষ্টিৰ অধীনত থাকিব ৭টা বিধানসভা সমষ্টি। এই সমষ্টি কেইটা হৈছে - লক্ষীপুৰ, উদৰবন্দ, কাটিগড়া, বৰখলা, শিলচৰ, সোণাই আৰু নৰসিংপুৰ (এছ চি) ।

নগাঁও লোকসভা সমষ্টিত থাকিব ৮টা বিধানসভা সমষ্টি। এই বিধানসভা সমষ্টি কেইটা হৈছে - জাগীৰোড, (এছ চি), লাহৰীঘাট, মৰিগাঁও, বটদ্ৰৱা, ৰূপহীহাট, চামগুৰি, নগাঁও আৰু ৰহা (এছ চি) । আনহাতে নতুনকৈ নামাকৰণ কৰা কাজিৰঙা লোকসভা সমষ্টিৰ অধীনত থাকিব ১০টা বিধানসভা সমষ্টি । সমষ্টি কেইটা হৈছে - কলিয়াবৰ, বঢ়মপুৰ, বিন্নাকান্দি, হোজাই, লামডিং, গোলাঘাট, দেৰগাঁও, বোকাখাত, খুমটাই আৰু সৰুপথাৰ সমষ্টি। একেদৰে নতুনকৈ নামকৰণ কৰা শোণিতপুৰ লোকসভা সমষ্টিৰ অধীনত থাকিব ৯টা বিধানসভা সমষ্টি । সমষ্টি কেইটা হৈছে - ঢেকীয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপাৰা, চতিয়া, বিশ্বনাথ, বিহালী (এছ চি), গহপুৰ আৰু বিহপুৰীয়া সমষ্টি ।

ইফালে ৯ টা বিধানসভা সমষ্টি থাকিব লখিমপুৰ লোকসভা সমষ্টিত । বিধানসভা সমষ্টি কেইটা হৈছে - ৰঙানদী, নাওবৈচা (এছ চি), লখিমপুৰ, ঢকুৱাখনা (এছ টি), ধেমাজি (এছ টি), চিচিবৰগাঁও, জোনাই (এছ টি), শদিয়া আৰু ডুমডুমা সমষ্টি । খচৰা অনুসৰি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অধীনত থাকিব মুঠ ১০টা বিধানসভা সমষ্টি । সেইকেইটা বিধানসভা সমষ্টি হৈছে - মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম, তিনিচুকীয়া, চাবুৱা, ডিব্ৰুগড়, মৰাণ, দুলীয়াজান, টিংখাং আৰু নাহৰকটীয়া সমষ্টি ।

সেইদৰে যোৰহাট বিধানসভা সমষ্টিৰ ভিতৰত থাকিব ১০টা বিধানসভা সমষ্টি । সমষ্টি কেইটা হৈছে - সোণাৰি, মাহমৰা, ডিমৌ, শিৱসাগৰ, নাজিৰা, মাজুলী (এছ টি), টীয়ক, যোৰহাট, মৰিয়নী আৰু তিতাবৰ । উল্লেখ্য যে লোকসভা সমষ্টিৰ চাৰিসীমাৰ ব্যাপক পৰিবৰ্তন কৰা হৈছে । যোৰহাট লোকসভা সমষ্টিত নতুনকৈ সোমাল মাজুলী । লখিমপুৰ লোকসভাৰ পৰা কৰ্তন হৈ ডিব্ৰুগড় লোকসভা সমষ্টিত সোমাল চাবুৱা ।

আনহাতে নগাঁৱৰ সলনি নতুনকৈ নামকৰণ হোৱা কাজিৰঙা লোকসভা সমষ্টিত অন্তর্ভুক্ত হৈছে হোজাই, লামডিং, বঢ়মপুৰ । সেইদৰে ধুবুৰীৰ পৰা কৰ্তন কৰি গুৱাহাটী লোকসভা সমষ্টিত পশ্চিম গোৱালপাৰা অন্তৰ্ভুক্তিৰ প্ৰস্তাৱ । দৰং সমষ্টিত তামুলপুৰ, গোৰেশ্বৰ বিধানসভা সমষ্টি অন্তর্ভুক্তিৰ প্ৰস্তাৱ দিয়া হৈছে খচৰাত । আনহাতে বৰপেটাৰ পৰা গৈ ধুবুৰীত সোমাব চেঙা আৰু মন্দিয়া সমষ্টি । এনেদৰে লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাৰ ব্যাপক সালসলনি ঘটোৱা হৈছে ।

লগতে পঢ়ক: Constituency delimitation: অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ নিৰ্বাচন আয়োগৰ

Last Updated : Jun 21, 2023, 4:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.