গুৱাহাটী, ২৬ জুন : বিত্তমন্ত্ৰী অজন্তা নেওগে(Finance minister Ajanta Neog) ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেট প্ৰস্তুতৰ বাবে পৰামৰ্শ বিচাৰি শনিবাৰে এটা ই-মেইল আই ডি(E-MAIL ID) আৰু এটা হোৱাটছ এপ(WHATSAPP) নম্বৰ ৰাইজৰ বাবে মুকলি কৰে । ই-মেইল আই ডিটো হ'ল assambudgetsuggestions@gmail.com আৰু হোৱাটছ এপ নম্বৰটো হ'ল ৭৬৩৬৮-৭৯০১৯ । ৰাজ্যৰ প্ৰতিজন নাগৰিক উপকৃত হ'ব পৰাকৈ এইবাৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিত্তমন্ত্ৰীয়ে এখন সৰ্বাংগ সুন্দৰ বাজেট প্ৰস্তুতিৰ কাম আৰম্ভ কৰা বুলি বিভাগীয় সূত্রই জানিবলৈ দিছে ।
শনিবাৰে মুকলি কৰা এই ই-মেইলৰ জৰিয়তে ৰাইজৰ পৰা বাজেটৰ বাবে উদ্ভাৱনীমূলক পৰামৰ্শ বিচাৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে । ৰাজ্যখনৰ সকলো স্তৰৰ লোকে এই ই-মেইল আৰু হোৱাটছ এপৰ জৰিয়তে পৰৱৰ্তী বাজেটত অন্তৰ্ভুক্ত কৰিবলগীয়া উন্নয়নমূলক বিষয়ত ৩ জুলাই পৰ্যন্ত পৰামৰ্শ আগবঢ়াব পাৰিব । জানিব পৰা মতে, ক'ভিড মহামাৰীৰ বাবে ৰাজ্যখনৰ ব্যৱসায়িক সমাজ, বুদ্ধিজীৱী সমাজকে ধৰি ৰাজ্যৰ আগশাৰীৰ লোকসকলক ব্যক্তিগতভাৱে সাক্ষাৎ কৰি পৰামৰ্শ গ্ৰহণ কৰাত কিছু প্ৰতিবন্ধকতা থকাৰ বাবে এইদৰে পৰামৰ্শ লোৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে ।
মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে যে, ২০২১-২২ বৰ্ষৰ বাজেটখনৰ জৰিয়তে ৰাজ্যৰ যুৱ প্ৰজন্মক আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত উদগনি প্ৰদানৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰা হ'ব । বিত্তমন্ত্ৰী গৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাইজে কেনে ধৰণৰ পৰামৰ্শ আগবঢ়ায় সেয়া লক্ষণীয় হ'ব । লগতে সাধাৰণ ৰাইজৰ পৰামৰ্শক চৰকাৰ তথা বিত্ত বিভাগে কেনেদৰে গ্ৰহণ কৰিব সেয়াও বাজেট দাখিলৰ সময়ত স্পষ্ট হৈ পৰিব ।