নিউজ ডেক্স , 3 অক্টোবৰঃ শৰৎ ঋতুৰ আগমনে ধাৰালৈ আনিছে আনন্দৰ বন্যা ৷ দুৱৰিৰ দলিচাত শেৱালিৰ কোমল ৰঙা কলিটিয়ে বতৰা দিছে শৰৎ অহাৰ । শৰতৰ এই সুন্দৰ পৰিৱেশত আনন্দত আত্মহাৰা সকলো ৷ ধৰালৈ মা দুর্গা আহিবলৈ মাজত মাথোঁ দুটা দিন ৷ সমগ্ৰ দেশবাসীয়ে মা দুর্গাৰ চৰণত আশীষ লবলৈ উৎসাহিত হৈ পৰিছে । মৃৎ শিল্পী সকলে সাজু কৰি তুলিছে দুৰ্গাৰ মৃণ্ময় মূৰ্তি সমূহ ৷ সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে বাক্সা , গোলাঘাট জিলা আৰু নলবাৰী জিলাতো পূজাক আদৰাৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে ৷
ইফালে পূজা উপলক্ষে দেৰগাঁৱত এক বিশেষ গীতৰ উন্মোচন কৰা হয় ৷ মঙলবাৰে সংগীত শিল্পী ইৰফানে " পূজা পূজা " শীৰ্ষক এই নতুন গীতটি ৰাইজৰ মাজলৈ আগবঢ়াই দিয়ে ৷ আপকুৰ গোলাঘাট জিলা সমিটিৰ সম্পাদক প্ৰণৱ চক্ৰৱৰ্তীয়ে আঁত ধৰা এক অনুষ্ঠানত গীতটি মুকলি কৰে দেৰগাওঁ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰশান্ত বৰা , বিজ্ঞানী চি.এন শইকীয়া আৰু সাংবাদিক ৰাজেন পূজাৰী আৰু ৰাজমোহন শৰ্মাই ।
আনহাতে দৰং জিলাৰ ব্যৱসায়ীক নগৰ হিচাপে খ্যাত খাৰুপেটীয়াত ২৫ বছৰ গৰকা 'ট্ৰাইগাৰ ক্লাৱ'ৰ পূজা মণ্ডপটি এক ব্যতিক্ৰমী ৰূপত নিৰ্মাণ কৰি ভক্তক আকৰ্ষণৰ চেষ্টা চলোৱা হৈছে ৷ প্ৰায় ৮ লক্ষাধিক টকাৰ ব্যয়েৰে নিৰ্মাণ কাৰ্য চলাই থকা আয়োজক সকলে দলগাঁও সমষ্টিৰ দীৰ্ঘদিনীয়া মূল সমস্যা সমূহ প্ৰতিবাদ অবিহনে পূজা মণ্ডপত উপস্থাপন কৰি জিলাবাসীৰ দৃষ্টি গোচৰ কৰাৰ প্ৰয়াস কৰিছে । বাস্তৱত ৰে'লৰ উকি নুশুনা দৰঙবাসী ৰাইজে ৰে'লৰ উকি শুনিবলৈ পাব খাৰুপেটীয়াৰ ট্ৰাইগাৰ ক্লাৱ দূৰ্গা পূজা মণ্ডপত ।
মহানগৰীতো সম্পূৰ্ণ হৈ উঠিছে পূজাৰ সকলো প্ৰস্তুতি ৷ ১০৯ বছৰত ভৰি দিয়া পাণ্ডু পূজা কমিটিয়ে ১৮ লাখ টকা ব্যয় সাপেক্ষে চলাইছে পূজাৰ আয়োজন ৷ পূৰ্বৰ নাৱৰীয়াসকলে আয়োজন কৰা এই পূজাখনৰ ঐতিহ্য আজিও ধৰি ৰাখিছে পাণ্ডুবাসীয়ে ৷