ETV Bharat / state

পাণ্ডু প্ৰতিমা বিসৰ্জন ঘাট পৰিদৰ্শন শীৰ্ষ আৰক্ষী বিষয়াৰ - পশ্চিম গুৱাহাটী আৰক্ষী

এইবেলি অনুষ্ঠিত হ'বলগীয়া বিসৰ্জন প্ৰক্ৰিয়াত পূজা কমিটীৰ কেৱল ১০গৰাকী লোকহে আহিব পাৰিব। প্ৰতিমা বিসৰ্জনৰ বাবে অহাৰ সময়চোৱাত কৰিব নোৱাৰিব কোনো সমদল।

durga-puja-immersion-preparation
পাণ্ডু প্ৰতিমা বিসৰ্জন ঘাট পৰিদৰ্শন শীৰ্ষ আৰক্ষী বিষয়াৰ
author img

By

Published : Oct 18, 2020, 2:33 PM IST

গুৱাহাটী, 18 অক্টোবৰ : সমাগম দুৰ্গা পূজা। ইতিমধ্যেই প্ৰশাসনে বান্ধি দিছে কেতবোৰ কঠোৰ নীতি-নিয়ম। প্ৰতিমা বিসৰ্জনৰ ক্ষেত্ৰতো আছে বিশেষ নিৰ্দেশনা। প্ৰতিবছৰৰ দৰে এইবাৰো মহানগৰীৰ পাণ্ডু পোৰ্টত অনুষ্ঠিত হ'ব প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়া। বৰ্তমান ব্ৰহ্মপুত্ৰৰ এই ঘাটটোত চলি আছে প্ৰস্তুতি। প্ৰতিমা বিসৰ্জন ঘাট পৰিদৰ্শন কৰিলে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ এটা দলে। বিসৰ্জন প্ৰক্ৰিয়াৰ প্ৰস্তুতিৰ কামকাজৰ বুজ ল'লে আৰক্ষীয়ে। চৰকাৰী গাইডলাইন অনুসৰি সকলো প্ৰস্তুতি কৰিবলৈ বিসৰ্জন কমিটীক নিৰ্দেশ দিয়ে আৰক্ষীয়ে। আৰক্ষীৰ দলটোত পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ উপ আৰক্ষী আয়ুক্ত নৱনীত মহন্ত, এচিপি জ্যোতিপ্ৰসাদ পেগু, জালুকবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতা উপস্থিত থাকে। স্বাস্থ্য বিধি মানি সকলোকে পূজা উদযাপন কৰিবলৈ সকলোকে আহ্বান জনাই আৰক্ষীয়ে।

পাণ্ডু প্ৰতিমা বিসৰ্জন ঘাট পৰিদৰ্শন শীৰ্ষ আৰক্ষী বিষয়াৰ

উল্লেখযোগ্য যে এইবেলি অনুষ্ঠিত হ'বলগীয়া বিসৰ্জন প্ৰক্ৰিয়াত পূজা কমিটীৰ কেৱল ১০গৰাকী লোকহে আহিব পাৰিব। প্ৰতিমা বিসৰ্জনৰ বাবে অহাৰ সময়চোৱাত কৰিব নোৱাৰিব কোনো সমদল। এনেদৰেই কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতে কঠোৰ নীতি-নিয়মৰে মাজেৰে অনুষ্ঠিত হ'ব দুৰ্গা পূজা।
লগতে পঢ়ক: লংকাত বন বিভাগৰ অভিযানত দালচেনী ভৰ্তি কণ্টেইনাৰ ট্ৰাক জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.