ETV Bharat / state

Durga Puja in Guwahati : বৈদিক ৰীতি-নীতিৰে চান্দমাৰীত অনুষ্ঠিত দুৰ্গা পূজা - পূজা মণ্ডপ

মহানগৰীৰ চান্দমাৰীত নৱবিকাশ সংঘৰ উদ্যোগত সপ্তম বৰ্ষৰ বাবে অনুষ্ঠিত কৰা হৈছে দুৰ্গা পূজা ৷ দেৱী দুৰ্গাৰ আশীস ল’বলৈ পূজা মণ্ডপত ভিৰ কৰিছে অগণন ভক্তই ৷

Durga Puja Celebratins in Guwahati
পূজা মণ্ডপত ভিৰ কৰিছে অগণন ভক্তই
author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 5:51 PM IST

চান্দমাৰীত নৱবিকাশ সংঘৰ উদ্যোগত অনুষ্ঠিত দুৰ্গা পূজা

গুৱাহাটী, 23 অক্টোবৰ : ৰাজ্যজুৰি পৰিলক্ষিত হৈছে শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ-উলাহ ৷ ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে জাক-জমকতাৰে আয়োজন কৰা হৈছে দুৰ্গা পূজাৰ ৷ দেওবাৰে মহা নৱমী উপলক্ষে দেৱী দুৰ্গাক দৰ্শন কৰিবলৈ পূজা মণ্ডপ সমূহত ভক্তৰ লানি নিছিগা সোঁত পৰিলক্ষিত হৈছে ৷

মহা নৱমী উপলক্ষে সোমবাৰে মংগল আৰতিৰ লগতে ঢাকৰ শব্দ আৰু দেৱী দুৰ্গাৰ শ্লোক, মন্ত্ৰোচ্চাৰণেৰে মুখৰ হৈ পৰিছে ৰাজ্যৰ পূজা মণ্ডপ সমূহ ৷ বিজয়া দশমীৰ দেৱী বিসৰ্জনৰ দিয়ালৈকে থাকিব দুৰ্গা পূজাৰ এই উছাহ ৷ দেৱী দুৰ্গাৰ আশীস ল’বলৈ পূজা মণ্ডপ সমূহত ভিৰ কৰিছেহি ভিন্ন জনে ৷ আকাশে-বতাহে এতিয়া কেৱল দেৱী দুৰ্গাৰ জয়ধ্বনি-মংগলোচ্চাৰণ ৷ ঢাক-ঢোল,শংখ-ঘণ্টা আদি মাংগলিক বাদ্যৰ শব্দত মুখৰিত ৰাজ্যৰ পূজা মণ্ডপ সমূহ ৷

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে মহানগৰীতো শাৰদীয় দুৰ্গা পূজাৰ ব্যাপক উছাহ ৷ ৰাজধানী চহৰ গুৱাহাটীৰ ভিন্ন প্ৰান্তত ভিন্ন আৰ্হিত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ সমূহ ৷ আকৰ্ষণীয় ৰূপত সজাই তোলা পূজা মণ্ডপ সমূহে দৃষ্টি আকৰ্ষণ কৰিছে ৰাইজৰ ৷ মহানগৰী সকলো ঠাইতে পূজা মণ্ডপ সমূহ আটকধুনীয়াকৈ সজোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Durga Puja in Sivasagar : মহা নৱমী উপলক্ষে শিৱসাগৰৰ পূজাস্থলীত মা দুৰ্গাৰ আৰতি

বিগ বাজেটৰ পূজাসমূহত দেশ-বিদেশৰ বিভিন্ন মন্দিৰৰ আৰ্হি আৰু অনান্য থিম পূজা মণ্ডপ সমূহৰ দৰে মহানগৰীৰ চান্দমাৰীত দেখা গ’ল অন্য এক দৃশ্য ৷ মহানগৰীৰ চান্দমাৰীত নৱবিকাশ সংঘৰ উদ্যোগত সপ্তম বৰ্ষৰ বাবে অনুষ্ঠিত কৰা হৈছে দুৰ্গা পূজা ৷ দেৱী মাৰ আশীস ল’বলৈ এতিয়া পূজা মণ্ডপত ভিৰ কৰিছে অগণন ভক্তই ৷ সিদ্ধিদাত্ৰীৰ ৰূপত আৰাধনা কৰা হৈছে দেৱী দুৰ্গাক ৷ এনেদৰেই এতিয়া সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো দুৰ্গা পূজা উপলক্ষে ৰাইজৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ-উদ্দীপনা ৷

লগতে পঢ়ক : Durga Puja 2023 : মহা নৱমী উপলক্ষে মহানগৰীৰ ৰাজগড়ত কুমাৰী পূজা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.