ETV Bharat / state

ৰাজ্যত আকৌ গুপ্ত হত্য়াৰ উকমুকনিঃ দুৰ্গা দাস বড়ো - বিজেপি

13 জানুৱাৰীত হ'বলগীয়া বিধান সভাত কেৰালাৰ মুখ্যমন্ত্ৰীয়ে যেনেদৰে কেৰালাত CAA নস্যাৎ কৰিছে ঠিক তেনেদৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো তেওঁ CAA নস্যাৎ কৰাৰ সাহস কৰিবলৈ আহ্বন জনায় ৷ লগতে বিজেপিয়ে গ্ৰহণ কৰা যিকোনো CAA বিৰোধী প্ৰস্তাবক কংগ্ৰেছে চকু মুদি সমৰ্থন কৰিব বুলিও উল্লেখ কৰে দুৰ্গা দাস বড়োৱে ৷

durga das pc
durga das pc
author img

By

Published : Jan 5, 2020, 12:35 PM IST

Updated : Jan 5, 2020, 2:13 PM IST

গুৱাহাটী, 5 জানুৱাৰী: শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গা দাস বড়োই এক সংবাদমেল সম্বোধন কৰি CAA ৰ লগতে সাম্প্ৰতিক সময়ৰ বিভিন্ন বিষয়ত নিজৰ মত দাঙি ধৰে ৷ সংবাদমোলৰ আৰম্ভণিতে তেওঁ কয়, CAA বিৰোধী শক্তিক দমন কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিয়ে বিভিন্ন কৌশল আয়ত্ব কৰি কংগ্ৰেছক পোনপতীয়াভাৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ বিজেপি দল ৰাজনৈতিক যুদ্ধত অৱতীৰ্ণ হৈছে ৷ ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে মিছা কথাৰে ৰাইজক CAA বিৰোধী আন্দোলনৰ পৰা আতৰাই ৰাখিব বিচাৰিছে ৷ লগতে কংগ্ৰেছৰ মুখপাত্ৰ মনোৰঞ্জন বৰগোঁহাইক আটক কৰা সন্দৰ্ভত তেওঁ কয় যে, চচিয়েল মিডিয়াত CAA বিৰোধী মন্তব্য ৰখাৰ লগতে কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে আৰম্ভণিৰে পৰা মাত মাতি অহাৰ বাবে তেওঁক আটক কৰা হৈছে ৷

চৰকাৰে মিছা কথাৰে ৰাইজক CAA বিৰোধী আন্দোলনৰ পৰা আতৰাই ৰাখিব বিচাৰিছে- দুৰ্গা দাস বড়ো

ইয়োৰেপৰি তেওঁ অসমত পুনৰ গুপ্ত হত্যাৰ ওকমুকনি চলিছে বুলিও সন্দেহ প্ৰকাশ কৰি এতিয়ালৈ বিভিন্ন ঠাইত অকাৰনতে বহু CAA বিৰোধী নেতাৰ ওপৰত চলোৱা আক্ৰমনৰ বিষয়ে অৱগত কৰি নিজৰ মন্তব্য দাঙি ধৰে ৷

অসমত পুনৰ গুপ্ত হত্যাৰ ওকমুকনি চলিছে- দুৰ্গা দাস বড়ো

এই সংবাদমেলৰ জৰিয়তে, বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য কৰা বিজেপি নেতাসকলক শ্ব মট' কেছৰ জৰিয়তে গ্ৰেপ্তাৰৰো আহ্বান জনায় মুখপাত্ৰ গৰাকীয়ে ৷ তদুপৰি অসমৰ সংবাদ মাধ্যমৰ একাংশ লোকক বিজেপিয়ে নিয়ন্ত্ৰণ কৰি ৰখা বুলিও তেওঁ অভিযোগ কৰে ৷ বিজেপিয়ে CAA বিৰোধী আন্দোলন মষিমূৰ কৰিবলৈ ধনৰ বৰষুণ কৰিছে বুলি কোৱাৰ লগতে সাহিত্য সভাক দিবলৈ ৭৫ কোটি টকা ধন চৰকাৰে ক'ত পালে বুলিও প্ৰশ্ন কৰে ৷

বিতৰ্কিত মন্তব্য কৰা বিজেপি নেতাসকলক শ্ব মট' কেছৰ জৰিয়তে গ্ৰেপ্তাৰৰ আহ্বান- দুৰ্গা দাস বড়ো

আগন্তুক নিৰ্বাচনলৈ বিজেপিয়ে কংগ্ৰেছক ভয় কৰিছে, এই মন্তব্য দুৰ্গা দাস বড়োৰ ৷ অসমৰ ৰাইজে কোনো ধৰণৰ প্ৰলোভনৰ বিনিময়তো CAA মানি নলয় বুলি কোৱাৰ লগতে 13 জানুৱাৰীত হ'বলগীয়া বিধান সভাত কেৰালাৰ মুখ্যমন্ত্ৰীয়ে যেনেদৰে কেৰালাত CAA নস্যাৎ কৰিছে ঠিক তেনেদৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো তেওঁ CAA নস্যাৎ কৰাৰ সাহস কৰিবলৈ আহ্বন জনায় ৷ লগতে বিজেপিয়ে গ্ৰহণ কৰা যিকোনো CAA বিৰোধী প্ৰস্তাবক কংগ্ৰেছে চকু মুদি সমৰ্থন কৰিব বুলিও উল্লেখ কৰে দুৰ্গা দাস বড়োৱে ৷

আগন্তুক নিৰ্বাচনলৈ বিজেপিয়ে কংগ্ৰেছক ভয় কৰিছেঃ দুৰ্গা দাস বড়ো

লগতে পঢ়ক: কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ উদ্যোগত ধেমাজিৰ গাঁৱে গাঁৱে প্ৰতিবাদী সভা

Intro:বিজেপি শাসনকালত আকৌ গুপ্ত হত্যাৰ উকমুকনি চলি আছে -- দুৰ্গা দাস বড়ো

Body:অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ মুখ্য কাৰ্যালয়ত ৰাজীৱ ভৱনত শনিবাৰে কংগ্ৰেছৰ মুখ্যপাত্ৰ দুৰ্গা দাস বড়োই এক সংবাদমেল অনুষ্ঠিত কৰি কয় যে কা বিৰোধী শক্তিক দমন কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিয়ে বিভিন্ন কৌশল আয়ত্ব কৰি কংনগ্ৰছক পোনপতিয়া আক্ৰমণৰ লক্ষ্য কৰিছে। বিজিপি দল ৰাজনৈতিক যুদ্ধত মিলিত হৈছে। ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে মিছা কথাৰে ৰাইজক কা বিৰোধী আন্দোলনৰ পৰা আতৰাই ৰাখিব বিচাৰিছে। ৰাজ্যত ইণ্টাৰনেটত সেৱা কৰ্তন কৰি কা বিৰোধী ৰাইজৰ কণ্ঠ ৰুধিবলৈ চেষ্টা কৰিছে। এতিয়া বিজিপিৰ নিৰ্দেশৰ পাছত কা বিৰোধী প্ৰতিবাদৰ নামত সমগ্ৰ ৰাজ্যত কংগ্ৰেছ কৰ্মীক আটক কৰা হৈছে। কা বিৰোধী প্ৰতিবাদী সংগ্ৰামত কংগ্ৰেছ পোনপটীয়াকৈ জড়িত আছে। কিন্তু বিজিপিয়ে কোৱা ধৰণেৰে কংগ্ৰেছ কোনো অসামাজিক কাৰ্যকলপাত লিপ্ত হোৱা নাই। চচিয়েল মিডিয়াত কা বিৰোধী মন্তব্য ৰখাৰ বাবে আৰু কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে আৰম্ভণিৰে পৰা মাত মাতি অহাৰ বাবে কংগ্ৰেছৰ মুখপাত্ৰ মনোৰঞ্জন বৰগোহাইক মাৰ্ঘেৰিটা পৰা আটক কৰিছে। মাৰ্ঘেৰিটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়ায়ে বিজিপিৰ হৈ হৰণাথ ডাৰোগাৰ ভাও লৈছে। অসমৰ বর্তনৰ যি পৰিবেশ দেখিবলৈ পোৱা হৈ আছে তাক দেখি অনুমাম কৰিবলৈ পৰি যে অসমত আকৌ গুপ্ত হত্যা ওকমুকনি চলিছে। ওদালগুৰিত আছু কৰ্মীক বিজিপি বাহিনীয়ে আক্ৰমণ চলিছে। বিজিপি দলটোৰ ভিতৰত বিধায়ক মৃনাল শইকীয়াসহ কেবাজনো নেতাই ওচতনি মূলত বক্তব্য ৰাখিছে। তেওঁলোকক আটক নকৰাৰ সন্দৰ্ভটো প্ৰতিক্ৰিয়া কৰি দুৰ্গা দাস বড়োই কয় যে হিমন্ত বিশ্ব শৰ্মাৰ মতে আন্দোলন গুৱাহাটীতহে চলিছে। মানুহৰ ঘৰ জ্বলবলৈ দিয়া মৃনাল শইকীয়া কি আইনত পাৰিবনে ? শ্ব মট কেছ লৈ হিমন্ত, মৃনালক আটক কৰিবলৈ আহবান জনায় আৰক্ষীক। সংবাদিকক বিজিপিয়ে নিয়ন্ত্ৰণ কৰি ৰাখিছে। কা বিৰোধী আন্দোলন মষিমূৰ কৰিবলৈ ধনৰ বৰষুণ দিয়াইছে বুলিও কয়। সাহিত্য সভাক ৭৫ কোটি টকা দিবলৈ চৰকাৰে ধন কত পালে বুলি প্ৰশ্ন কৰে। লগতে কয় যে কা আন্দোলন কৰাৰ বাবেই সাহিত্য সভাক শকত ধনৰ অনুদান দিয়ে।

অসমৰ মুখ্যমন্ত্ৰীৰ লগতে বিজেপি নেতা সকলক কা আন্দোলনৰ বাবে উঠি অহা নতুন চামে নতুন উপাধি প্ৰদান কৰিছে। আগন্তুক নিৰ্বাচনলৈ বিজেপিয়ে কংগ্ৰেছক ভয় কৰিছে। ১৩ তাৰিখৰ অসম বিধানসভাৰ বিশেষ অধিবেশনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক কেৰেলাৰ মুখ্যমন্ত্ৰীৰ লেখিয়াকৈ কা বিৰোধী স্থিতি গ্ৰহণ কৰি জাতীয় নায়কৰ চিনাকি দিবলৈ সাহস কৰিবনে বুলি কয় দুৰ্গা দাস বড়োয়ে।

Conclusion:বিজেপি চৰকাৰে কা বিৰোধী কৰা মানুহক গুলীৰে দমন কৰিছে। অখিল গগৈয়ে মুখেৰে প্ৰতিবাদ কৰা বাবে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। আৰু এয়াই বিজেপিৰ প্ৰকৃত স্বৰূপ বুলি তাচ্ছিল্য কৰে দুৰ্গা দাস বড়োয়ে।

Asrar Ansari
Guwahati
Last Updated : Jan 5, 2020, 2:13 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.