ETV Bharat / state

গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখত দূৰদৰ্শনৰ প্ৰডিউচাৰ্ছ কাউন্সিলৰ প্ৰতিবাদ - গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ মুখ্য দুৱাৰৰ সন্মুখত প্ৰতিবাদ

শুকুৰবাৰে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ মুখ্য দুৱাৰৰ সন্মুখতে অসমৰ ভাষা সংস্কৃতি ওপৰত ন-ন তথ্যৰে নিজস্ব শৈলী আৰু গভীৰ ভাৱে উন্নতমানৰ অনুষ্ঠান সৃষ্টি কৰি বিশ্ববাসীৰ সন্মুখত প্ৰদৰ্শন কৰিবলৈ প্ৰায় ১০০ কোটি টকা পেকেজৰ দাবীৰে দূৰদৰ্শনৰ প্ৰডিউচাৰ্ছ কাউন্সিলৰ প্ৰতিবাদ ৷

durdarshan_protest
গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ মুখ্য দুৱাৰৰ সন্মুখত প্ৰতিবাদ
author img

By

Published : Jan 29, 2021, 3:30 PM IST

Updated : Jan 29, 2021, 3:48 PM IST

গুৱাহাটী, 29 জানুৱাৰী : ৰাজ্যত অব্যাহত আছে প্ৰতিবাদৰ ঢৌ ৷ দূৰদৰ্শনৰ প্ৰডিউচাৰ্ছ কাউন্সিলৰ উদ্যোগত শুকুৰবাৰে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখতে প্ৰতিবাদত বঢ়িল দূৰদৰ্শনৰ প্ৰযোজক, পৰিচালক, লেখক, শিল্পী তথা কলা-কুশলী সকল ৷ অসমৰ ভাষা সংস্কৃতি ওপৰত ন-ন তথ্যৰে নিজস্ব শৈলী আৰু গভীৰ ভাৱে উন্নতমানৰ অনুস্থান সৃষ্টি কৰি বিশ্ববাসীৰ সন্মুখত প্ৰদৰ্শন কৰিবলৈ প্ৰায় ১০০ কোটি টকা পেকেজৰ দাবীৰে দূৰদৰ্শনৰ প্ৰডিউচাৰ্ছ কাউন্সিলে সাব্যস্ত কৰে প্ৰতিবাদ ৷

গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখত দূৰদৰ্শনৰ প্ৰডিউচাৰ্ছ কাউন্সিলৰ প্ৰতিবাদ

উল্লেখ্য যে, অসমৰ দূৰদৰ্শনৰ অনুষ্ঠান কৰা প্ৰযোজক, পৰিচালক, লেখক, শিল্পী, কলা-কুশলী আদিকে ধৰি প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰায় পাঁচ হাজাৰ লোক জড়িত হৈ আছে ৷ আজিৰ পৰা প্ৰায় কিছু মাহৰ পূৰ্বে মহামাৰী ক’ৰ’ণাৰ বাবে DD Assam ভাৰচুৱেলি মুকলি কৰা হৈছিল ৷ কিন্তু পৰিতাপৰ বিষয় যে দূৰদৰ্শনৰ অনুষ্ঠানৰ লগত জড়িত প্ৰযোজক, পৰিচালক, লেখক, শিল্পী তথা কলা-কুশলী সকলে যেনেদৰে বিচাৰিছিল তেনেকুৱা একোৱে নহ’ল ৷ তাকে লৈ ক্ষুভিত হৈ পৰিছে অসমৰ দূৰদৰ্শনৰ অনুষ্ঠানৰ লগত জড়িত কৰ্ম-কৰ্তা সকল ৷ তাৰেই প্ৰতিবাদত শুকুৰবাৰে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ মুখ্য দুৱাৰৰ সন্মুখতে দূৰদৰ্শনৰ অনুষ্ঠানৰ লগত জড়িত কৰ্ম-কৰ্তা সকল বহিল প্ৰতিবাদত ৷

আনহাতে, প্ৰতিবাদস্থলীত মুখ্যমন্ত্ৰী আইনী উপদেষ্টা শান্তনু ভৰালী উপস্থিত হৈ শিল্পী তথা কলাকুশলী সকলৰ দাবী সমূহ বুজ লৈ তেওঁলোকৰ পৰা স্মাৰকপত্ৰ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰৰ লগত আলোচনা কৰা আশ্বাস প্ৰদান কৰে ৷ আন্দোলনৰ লগতে যাতে তেওঁলোকে কাম কাজ সমূহো চলাই থাকে, তাৰ বাবে প্ৰতিবাদকাৰী সকলক আহ্বান জনায় ৷

লগতে পঢ়ক : বাজেট অধিৱেশন দেশৰ ভৱিষ্যতৰ মূল চাবি-কাঠি: নৰেন্দ্ৰ মোডী

Last Updated : Jan 29, 2021, 3:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.