গুৱাহাটী, ৫ মাৰ্চ: মহানগৰীত ড্ৰাগছৰ ৰমৰমীয়া বেহা । শুক্ৰবাৰে মহানগৰ আৰক্ষীয়ে চিটি চেণ্টাৰ হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰিলে মণিপুৰৰ এগৰাকী যুৱতী আৰু ড্ৰাগছ ক্ৰয়ৰ বাবে যোৱা এজন যুৱকক ।
গুাৱাহাটীৰ গণেশগুৰিস্থিত চিটি চেণ্টাৰ হোটেলত বাহৰ পাতি আছিল মণিপুৰী যুৱতীগৰাকীয়ে । আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত হোটেলখনত তালাচী চলায় । ড্ৰাগছ কিনা-বেচা কৰিব লওতেই আৰক্ষীয়ে হাতে-লোটে দুয়োকে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।
আৰক্ষীয়ে জনোৱা মতে, মণিপুৰৰ মিছ কছমাইছ নামৰ যুৱতীগৰাকীয়ে বিক্ৰীৰ বাবে ড্ৰাগছখিনি মণিপুৰৰ পৰা গুৱাহাটীলৈ আনিছিল । এই ড্ৰাগছখিনি বৰপেটাৰ শ্বাহৰুখ আহমেদ নামৰ যুৱকজনে ক্ৰয় কৰাৰ কথা আছিল । সেই মৰ্মে, বৰপেটাৰ শ্বাহৰুখ আহমেদে ড্ৰাগছখিনি ক্ৰয় কৰিব লওতেই দুয়োকে গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ অপৰাধ শাখা আৰু দিছপুৰ আৰক্ষীৰ এটা দলে । আৰক্ষীয়ে দুয়োৰে পৰা জব্দ কৰে এক পেকেট ড্ৰাগছ, ৬,৪২,৫০০ টকা নগদ ধন আৰু এখন চাৰিচকীয়া বাহন ।
আৰক্ষীৰ জেৰাত যুৱকজনে স্বীকাৰ কৰে যে, পূৰ্বেও যুৱতীগৰাকীৰ পৰা তেওঁ ড্ৰাগছ ক্ৰয় কৰিছিল । উল্লেখ্য যে, গুৱাহাটীত প্ৰায়ে ড্ৰাগছ সৰবৰাহৰ ঘটনা সংঘটিত হৈ আহিছে । নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ পাছতো মণিপুৰৰ পৰা ড্ৰাগছ সৰবৰাহ কৰা হৈছে ।
লগতে পঢ়ক:বঢ়মপুৰ সমষ্টিত প্ৰফুল্ল কুমাৰ মহন্তৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ