গুৱাহাটী,7আগষ্টঃ গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছৰ অবাধ বেহা ৷ মহানগৰীৰ অলিয়ে-গলিয়ে এতিয়া নিচাজাতীয় দ্ৰব্য উপলদ্ধ হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ শুকুৰবাৰে মহানগৰীৰ লালগনেশৰ শংকৰ নগৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে বহু পৰিমানৰ নিচাজাতীয় দ্ৰব্য ৷ অনিতা নামৰ এগৰাকী মহিলাৰ পৰা আৰক্ষীয়ে জব্দ কৰে 125 গ্ৰাম হিৰ'ইন ৷ যাৰ বজাৰ মূল্য প্ৰায় 65 হাজাৰ হ'ব বুলি আৰক্ষীয়ে অনুমান কৰিছে ৷
উল্লেখযোগ্য যে, মহিলাগৰাকীয়ে হিৰ’ইনখিনি বিক্ৰি কৰিবৰ বাবে মজুত কৰি ৰাখিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ এনেদৰে মহানগৰীৰ অলিয়ে-গলিয়ে নিচাজাতীয় দ্ৰব্য উপলদ্ধ হোৱাত সচেতন মহলক চিন্তিত কৰি তুলিছে ৷ কিয়নো যাৰ কৰাল গ্ৰাসত পৰি ধ্বংসৰ গৰাহলৈ গৈছে যুৱ প্ৰজন্ম ৷
লগতে পঢ়কঃ অখিল গগৈৰ মুক্তি আৰু CAA বাতিলৰ দাবীত লাহোৱালত মানৱ শৃংখল