ETV Bharat / state

Drugs seized in Guwahati: বশিষ্ঠত ১ লাখ YABA টেবলেট জব্দ

author img

By

Published : Jul 24, 2022, 2:58 PM IST

ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ মহানগৰীত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ দেওবাৰে নিশা বশিষ্ঠত মহানগৰ যুটীয়া আৰক্ষী আয়ুক্তৰ সহযোগত বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাই দুই সৰবৰাহকাৰীক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰে ।

Drugs seized in Guwahat
Drugs seized in Guwahat

গুৱাহাটী, 24 জুলাই: ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ মহানগৰীত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ দেওবাৰে নিশা বশিষ্ঠত মহানগৰ যুটীয়া আৰক্ষী আয়ুক্তৰ সহযোগত বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাই দুই সৰবৰাহকাৰীক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰে ।

বশিষ্ঠত ১ লাখ YABA টেবলেট জব্দ

আটকাধীন সৰবৰাহকাৰী এজন মণিপুৰ আৰক্ষীৰ জোৱান বুলি জানিব পৰা গৈছে (Drugs peddler arrested in Guwahati)। এখন চাৰিচকীয়া বাহনৰ যোগেদি অনা এই YABA টেবলেটখিনিৰ মূল্য ১ লাখ । পৰ্যটকৰ ৰূপত অহা দুই সৰবৰাহকাৰী দুজনৰ নাম ঠাঙকগীন হাওকীক, লেটমীনসিং হাওকী বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । মৰৱেৰ পৰা টেবলেটখিনি লৈ আহি বাংগালুৰু অভিমুখে লৈ যোৱা পৰিকল্পনা কৰিছিল দুই সৰবৰাহকাৰীয়ে ৷

আনহাতে এই অভিযানৰ অংশ হিচাপে গান্ধী বস্তি ৰে’ল লাইনৰ সমীপত চান্দমাৰী আৰক্ষীয়ে অভিযান চলাই হেৰ’ইন সহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো হৈছে গান্ধীবস্তীৰ UNB ৰোডৰ বাসিন্দা সুলেমান হুছেইন । ড্ৰাগছসৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰে চাৰিটা ড্ৰাগছ ভৰ্তি কণ্টেইনৰ । সম্প্ৰতি চান্দমাৰী থানাত ধৃত সৰবৰাহকাৰী টোক আৰক্ষীয়ে মাৰাথন জেৰা চলাই আছে ।

লগতে পঢ়ক: Drug peddlers arrested: বিদ্যুতৰ খুঁটাত বান্ধি ৰাইজে উত্তম-মধ্যম সোধালে ড্ৰাগছ সৰবৰাহকাৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.