ETV Bharat / state

ড্ৰাগছৰ বাবে আত্মহনন যুৱকৰ

author img

By

Published : Jun 22, 2021, 9:30 PM IST

সোমবাৰে ড্ৰাগছ কিনিবৰ বাবে জেঠিমাকৰ পৰা টকা বিচাৰিছিল যুৱকজনে । কিন্তু জেঠিমাকে টকা দিব নোৱাৰাত ড্ৰাগছ ল’বলৈ নাপাই নিশাৰ ভাগত নিজ কোঠাতে যুৱকজনে আত্মহত্যা কৰে ৷

Drugs addicted suicide at Guwahati
ড্ৰাগছৰ বাবে আত্মহনন যুৱকৰ

গুৱাহাটী, ২২জুন : যুৱ প্ৰজন্মক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ভিন্ন প্ৰান্তত মহানগৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান । এনে সময়তে মহানগৰীৰ সাতগাঁও থানাৰ অন্তৰ্গত বাঘৰবৰী, পুৱেৰণ পথত সোমবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা । ড্ৰাগছ ল’বলৈ নাপাই মানসিক ভাৰসাম্য হেৰুৱাই নিজ কোঠাত চিপ লৈ আত্মহত্যা কৰে এজন যুৱকে । মৃত যুৱকজন অসীম দত্ত (২৭) বুলি আৰক্ষী সূত্ৰে জানিব পৰা হৈছে ।

আৰক্ষী তথা পৰিয়ালৰ পৰা জানিব পৰা মতে, বিগত কেইবা বছৰ ধৰি ড্ৰাগছৰ প্ৰতি আসক্ত আছিল যুৱকজন । আনকি ড্ৰাগছৰ কৱলত পৰি দিক-বিদিক হেৰুৱাই পেলোৱা যুৱকজনৰ উদ্ভণ্ডালিৰ আচৰণৰ বাবে পৰিয়ালত প্ৰায়ে কাজিয়াৰ সৃষ্টি হৈছিল । দিনকদিনে বৃদ্ধি পোৱা যুৱকজনৰ উশৃংখল আচৰণত অতিষ্ঠ হৈ পৰা যুৱকজনৰ পিতৃ আৰু ভগ্নীয়ে গুৱাহাটীস্থিত নিজ ঘৰৰ পৰা গুৱাহাটীৰ বাহিৰত থাকিবলৈ বাধ্য হৈছিল ।

Drugs addicted suicide at Guwahati
ড্ৰাগছৰ বাবে আত্মহনন যুৱকৰ

বিপথে পৰিচালিত হোৱা যুৱকজনক পুনৰ সৎ পথলৈ ঘূৰাই অনাৰ বাবে পৰিয়ালৰ লোকে চিকিৎসাৰো ব্যৱস্থা কৰিছিল । কিছু সুস্থ হোৱাৰ পাছত যুৱকজনে আইতাক আৰু জেঠিমাকৰ সৈতে গুৱাহাটীস্থিত বাঘৰবৰী পুৱেৰণ পথত থাকিবলৈ লৈছিল । কিন্তু কেইসপ্তাহমান পূৰ্বে যুৱকজনৰ আইতাকৰ মৃত্যু হোৱাত অকলশৰীয়া হৈ পৰে ।

লগতে পঢ়ক : ৰাজ্যৰ ক'ভিড পৰিস্থিতি এতিয়াও ভাল নহয় : কেশৱ মহন্ত

আইতাকৰ মৃত্যুৰ পাছত টকাৰ অভাৱত ড্ৰাগছ ল’ব পৰা নাছিল যুৱকজনে । জানিব পৰা মতে সোমবাৰে ড্ৰাগছ কিনিবৰ বাবে টকা বিচাৰিছিল জেঠিমাকৰ পৰা । কিন্তু জেঠিমাকে টকা দিব নোৱাৰাত ড্ৰাগছ ল’বলৈ নাপাই নিশাৰ ভাগত নিজ কোঠাতে আত্মহত্যা কৰে যুৱকজনে ৷

মঙলবাৰে পুৱা পৰিয়ালৰ লোকে এই কথা জানিব পাৰি স্থানীয় সাতগাঁও আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটোৰ কাষত ড্ৰাগছৰ কেইটামান খালি কণ্টটেইনাৰ উদ্ধাৰ কৰে । পৰৱৰ্ত্তী সময়ত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)লৈ প্ৰেৰণ কৰে । ড্ৰাগছৰ বাবে এজন যুৱকে এনেদৰে আত্মহননৰ দৰে পথ বাচি ল'ব লগা হোৱা ঘটনাই এতিয়া সৰ্বত্ৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক : চৰকাৰে 'NIA'ক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰৰ গুৰুত্বৰ অভিযোগ কমল মেধিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.