গুৱাহাটী, ২১ নৱেম্বৰ : কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড৹ মনসুখ মান্দাভিয়াই দেওবাৰে চাংচাৰিত নিৰ্মীয়মান এইমচ(AIIMS)ৰ চৌহদ পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰে । ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সৈতে দেওবাৰে বিয়লি এইমছ চৌহদত উপস্থিত হৈ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড৹ মান্দাভিয়াই এইমচৰ আয়ুষ ভৱন, অপিডি, প্ৰশাসনিক ভৱন আদিৰ লগতে পশ্চিম দিশৰ চাৰিসীমাৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে ।
![Dr Mansukh Mandaviya Reviewed the various aspects related to AIIMS of Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/ass-ghy-04-aiims-photo-7210450_21112021190226_2111f_1637501546_81.jpg)
উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ টাৱাঙৰ পৰা দুপৰীয়া গুৱাহাটীলৈ অহা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বিয়লি ৩ বজাত গুৱাহাটী আইআইটিত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী মহন্তৰ উপস্থিতিত এইমচ গুৱাহাটীৰ ভাৰপ্ৰাপ্ত সঞ্চালক ডাঃ গীতাঞ্জলী পদ্মনাভন বাটমানাবেনেৰ লগতে নিৰ্মাণকাৰী সংস্থা এবিচি হাইটছ আৰু এইচএলএলৰ শীৰ্ষ কাৰ্যবাহীৰ সৈতে এখন বৈঠকত মিলিত হয় ৷
ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং, অতিৰিক্ত স্বাস্থ্য শিক্ষা সঞ্চালক ডাঃ মনোজ চৌধুৰী, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক, আৰক্ষী অধীক্ষক হীতেশ ৰায়ৰ লগতে গুৱাহাটী আইআইটিৰ সঞ্চালক অধ্যাপক টি জি সীথাৰাম আৰু ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাও এই বৈঠকত অংশগ্ৰহণ কৰে ।
![Dr Mansukh Mandaviya Reviewed the various aspects related to AIIMS of Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/ass-ghy-04-aiims-photo-7210450_21112021190226_2111f_1637501546_549.jpg)
বৈঠকত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে গুৱাহাটী এইমচৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত পূৰ্ব নিৰ্ধাৰিত সময় সীমাতকৈ যথেষ্ট পলম হোৱাক লৈ নিৰ্মাণকাৰী সংস্থা এবিচি হাইটছক জবাবদিহি কৰাৰ লগতে ছমাহৰ ভিতৰতে সমগ্ৰ প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তুলিবলৈ নিৰ্দেশ দিয়ে । তদুপৰি, এই পৰ্যন্ত সম্পূৰ্ণ হোৱা নিৰ্মাণ কাৰ্যৰ গুণগত মান আইআইটি গুৱাহাটীৰ জৰিয়তে পৰীক্ষা কৰাবলৈও বৈঠকত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে নিৰ্দেশনা আগবঢ়ায় ।
![Dr Mansukh Mandaviya Reviewed the various aspects related to AIIMS of Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/ass-ghy-04-aiims-photo-7210450_21112021190226_2111f_1637501546_666.jpg)
গুৱাহাটী এইমছৰ নিৰ্মাণ কাৰ্যৰ লগতে ফেকাল্টীৰ বাবে প্ৰয়োজনীয় প্ৰাৰম্ভিক ব্যৱস্থাপনাকে ধৰি আন আনুসংগিক কাম-কাজ সঠিকভাৱে তথা নিৰ্দিষ্ট সময়ত ক্ষীপ্ৰতাৰে আগবঢ়াব পৰাকৈ শীঘ্ৰে অসম চৰকাৰক এগৰাকী আইএএছ বিষয়াক উপ-সঞ্চালকৰ দায়িত্ব অৰ্পণ কৰাৰ বাবে ড৹ মান্দাভিয়াই আগ্ৰহ প্ৰকাশ কৰে । উপ-সঞ্চালক পদৰ দায়িত্ব দিবলৈ অসম চৰকাৰৰ এগৰাকী আইএএছ বিষয়াক বাচনি কৰি দিয়াৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাবলৈ বৈঠকতে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী মহন্তক আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
![Dr Mansukh Mandaviya Reviewed the various aspects related to AIIMS of Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/ass-ghy-04-aiims-photo-7210450_21112021190226_2111f_1637501546_320.jpg)
লগতে পঢ়ক : Project Sadbhavana : জনতা ভৱনত ব্যাপক তৎপৰতা