ETV Bharat / state

স্পেনিছ গাৰ্ডেনৰ আক্ৰান্তৰ উৎস বিচাৰি বিমোৰত ৰাজ্যৰ স্বাস্থ্য বিভাগ

author img

By

Published : Apr 6, 2020, 4:04 PM IST

স্পেনিছ গাৰ্ডেনৰ ব্যৱসায়ী গৰাকীৰ কৰ’ণাত আক্ৰান্তৰ উৎস বিচাৰি হাবাথুৰি খাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগ । এই উত্তৰ লাভ নকৰালৈকে সকলোকে সাৱধানে থকাৰ আহ্বান স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

Dr Himanta Biswa Sarma visited spanish garden
বিমোৰত ৰাজ্যৰ স্বাস্থ্য বিভাগ

গুৱাহাটী,6 এপ্ৰিলঃ বিগত 3 এপ্ৰিলত মহানগৰীৰ বিলাসী এপাৰ্টমেণ্ট স্পেনিছ গাৰ্ডেনৰ এগৰাকী ব্যৱসায়ী মাৰাত্মক Covid 19 ত আক্রান্ত হৈছিল । ৰাজ্যত আক্রান্ত 26 গৰাকী ব্যক্তিৰ ভিতৰত 25 গৰাকী দিল্লীৰ নিজামুদ্দিন জামাতত অংশগ্ৰহণ কৰিছিল ৷ বিপৰীতে স্পেনিছ গাৰ্ডেনৰ ব্যক্তিগৰাকীৰ নিজামুদ্দিনৰ লগত নাছিল কোনো ধৰণৰ সম্পৰ্ক । ব্যক্তিগৰাকীয়ে দিল্লীৰ পৰা উভতি আহি ২৮ দিন পিছত আক্রান্ত হয় মাৰাত্মক ভাইৰাছবিধত । ব্যক্তিগৰাকী ভাইৰাছত আক্রান্ত হোৱাৰ উৎস বিচাৰি এতিয়া হাবাথুৰি খাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগ ।

বিমোৰত ৰাজ্যৰ স্বাস্থ্য বিভাগ

সোমবাৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পেনিছ গাৰ্ডেন পৰিদর্শন কৰাৰ পিছত আক্ৰান্তৰ উৎস বৰ্তমানলৈকে নিশ্চিত হোৱা নাই বুলি প্ৰকাশ কৰে ৷ গতিকে স্পেনিছ গাৰ্ডেনৰ সকলো ব্যক্তিয়ে সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজন বুলি মন্তব্য কৰে ৷ বৰ্তমানলৈকে স্পেনিছ গাৰ্ডেনৰ কেইবাগৰাকী ব্যক্তিৰ পৰীক্ষা কৰা হৈছে যদিও সকলো ব্যক্তিৰ ফলাফল নিগেটিভ ওলাইছে । ইতিমধ্যে,মহানগৰ জিলা প্ৰশাসনে সম্পূৰ্ণ বন্ধ কৰি ৰাখিছে বিলাসী এপাৰ্টমেণ্ট স্পেনিছ গাৰ্ডেন । এপাৰ্টমেণ্টত বসবাস কৰা প্ৰায় ৩৯৮ টাকৈ পৰিয়ালক আছুতীয়াকৈ ৰাখিছে জিলা প্ৰশাসনে । এপাৰ্টমেণ্টটোৰ পৰা বাহিৰলৈ অহাৰ সমানকৈ প্ৰৱেশ নিষিদ্ধ কৰিছে জিলা প্ৰশাসনে । বিলাসী এপাৰ্টমেণ্টত বসবাস কৰা আৱাসীসকলক প্ৰয়োজনীয় সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ঔষধ আদি যোগান ধৰিছে জিলা প্ৰশাসনে ৷ মন্ত্ৰী শৰ্মাই এপাৰ্টমেণ্টটো পৰিদর্শন কৰাৰ পিছত আৱাসীসকলৰ লগত এক আলোচনাত মিলিত হয় । মন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে মহানগৰ জিলা প্ৰশাসনৰ বিষয়া আৰু জিলা উপায়ুক্ত বিশ্বজিৎ পেগু ।

লগতে চাওকঃ প্ৰধানমন্ত্ৰীৰ আহ্বানক সঁহাৰি জনাই ৰাজ্যবাসীয়ে জ্বলালে চাকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.