ETV Bharat / state

উত্তৰ পূৱৰ ছাত্ৰ সকললৈ দেশৰ সৰ্বশ্ৰেষ্ঠ বৰ্ডিং স্কুল "ডুন স্কুল"ৰ সুৱৰ্ণ সুযোগ - 2 অক্টোবৰত ডুন স্কুলৰ বাচনি পৰীক্ষা

দেশৰ সৰ্বশ্ৰেষ্ঠ বৰ্ডিং স্কুল ডুন স্কুল(Doon school)য়ে উত্তৰ পূৱৰ ছাত্ৰ সকলৰ বাবে আগবঢ়াইছে এক সুবৰ্ণ সুযোগ ৷ বিদ্যালয়খনত নামভৰ্তিৰ বাবে বিদ্যালয়খনে গুৱাহাটী আৰু তেজপুৰত অনুষ্ঠিত কৰিব যোগ্যতা ভিত্তিক বাচনি পৰীক্ষা ৷ চলিত বৰ্ষৰ 2 অক্টোবৰ তাৰিখে অনুষ্ঠিত হ'ব এই পৰীক্ষা ৷

doon-school-offering-a-golden-opportunity-to-the-boys-student-of-north-east
উত্তৰ পূৱৰ ছাত্ৰ সকললৈ দেশৰ সৰ্বশ্ৰেষ্ঠ বৰ্ডিং স্কুল "ডুন স্কুল"ৰ সুৱৰ্ণ সুযোগ
author img

By

Published : Sep 6, 2021, 10:09 PM IST

গুৱাহাটী,6 ছেপ্টেম্বৰ: উত্তৰ পূৱৰ সুবিধা বঞ্চিত ছাত্ৰ সকলৰ বাবে এক সুৱৰ্ণ সুযোগ ৷ দেশৰ সৰ্বশ্ৰেষ্ঠ বৰ্ডিং স্কুল ডুন স্কুলে অচিৰেই অনুষ্ঠিত কৰিব যোগত্যা ভিত্তিক বাচনি পৰীক্ষা ৷ গুৱাহাটী আৰু তেজপুৰত অনুষ্ঠিত কৰা হ'ব এই পৰীক্ষা ৷ দুয়োখন চহৰতে চলিত বৰ্ষৰ 2 অক্টোবৰ তাৰিখে অনুষ্ঠিত কৰা হ'ব এই পৰীক্ষা ৷ এই পৰীক্ষা উত্তৰ পূৱৰ এই দুখন চহৰৰ লগতে শ্ৰী নগৰ, চেন্নাই আৰু কোইম্বাতোৰত অনুষ্ঠিত কৰা হ'ব ৷ এই ছাত্ৰ বৃত্তি পৰীক্ষাৰ বাবে পঞ্জীয়ন মাচুল 100 টকা নিৰ্ধাৰণ কৰা হৈছে ৷

এই সন্দৰ্ভত সোমবাৰে মহানগৰীৰ হোটেল নন্দনত এখন সংবাদমেল সম্বোধন কৰে বিদ্যালয়খনৰ উন্নয়ন আৰু প্ৰাক্তন শিক্ষাৰ্থী সম্পৰ্কৰক্ষী মুৰব্বী(Head of Development & Alumni Relations) অৰ্জুন সিং বাৰ্তাল, কৰ্মচাৰীৰ সঞ্চালক (Director of Personnel) অনুপমা যোশীৰ লগতে বৈচিত্ৰ সমিতিৰ অধ্যক্ষ(Chair of Diversity Committee) ৰবি সিংঘীয়ে ৷ লগতে বিদ্যালয়খনৰ বিষয়ে সবিশেষ জানিবলৈ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা ৷

doon-school-offering-a-golden-opportunity-to-the-boys-student-of-north-east
উত্তৰ পূৱৰ ছাত্ৰ সকললৈ দেশৰ সৰ্বশ্ৰেষ্ঠ বৰ্ডিং স্কুল "ডুন স্কুল"ৰ সুৱৰ্ণ সুযোগ

উল্লেখ্য যে, ডুন স্কুল হৈছে দেশৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ বৰ্ডিং স্কুল ৷ 1935 চনত এই বিদ্যালয় খন স্থাপন কৰা হৈছিল ৷ যিয়ে সদায় অসাধাৰণ গুণৰ ছাত্ৰ সকলক এক বিশেষ সুবিধা প্ৰদান কৰি আহিছে ৷ যিয়ে ভৱিষ্যতে দেশক উন্নতিৰ দিশত আগবাঢ়ি যোৱাত নেতৃত্ব দিব পাৰে ৷

এই বিদ্যালয়ত সপ্তম আৰু অষ্টম শ্ৰেণীত নাম ভৰ্তি কৰা হয় ৷ ইয়াৰ বাবে ডিচেম্বৰ মাহত আয়োজিত কৰা হয় এক লিখিত পৰীক্ষা । যি পৰীক্ষাৰ পিছতে এক সাক্ষাৎকাৰ অনুষ্ঠিত হয় আৰু যোগত্যাৰ পিছত ছাত্ৰক ছাত্ৰবৃত্তি প্ৰদান কৰা হয় ৷ বিদ্যালয়খনে এই পৰীক্ষাৰ জৰিয়তে উত্তৰ-পূৱৰ প্ৰতিভাশালী ছাত্ৰ সকলক বিচাৰি উলিয়াবলৈ সক্ষম হ'ব বুলি আশাবাদী ৷

লগতে পঢ়কঃ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল এগৰাকী অসমীয়া চিকিৎসক

অনুষ্ঠিত হ'ব লগা এই পৰীক্ষাৰ জৰিয়তে শ্ৰেষ্ঠ 20 গৰাকী ছাত্ৰ নিৰ্বাচন কৰা হ'ব ৷ সেই 20 জন ছাত্ৰক ডিচেম্বৰ মাহত ডেৰাডুনত হ'ব লগা সাক্ষাৎকাৰৰ বাবে নিমন্ত্ৰণ জনোৱা হ'ব ৷ ইয়াৰ বাবে ছাত্ৰৰ লগতে এগৰাকী অভিভাৱকৰ সম্পূৰ্ণ অহা যোৱা আৰু ডেৰাডুনত থকা খোৱৰ খৰচ বহন কৰা হ'ব ৷

এই পৰীক্ষাৰ দ্বাৰা ডুন স্কুলে এইটোৱেই প্ৰমাণ কৰিব বিচাৰে যে, এই স্কুল খন কেৱল ধনী ঘৰৰ ছাত্ৰৰ বাবে নহয় ৷ যোগ্যতা থাকিলে সকলো ছাত্ৰই এই স্কুলত পঢ়িব পাৰিব ৷ বৰ্তমানে স্কুল খলত 16 শতাংশ এনে ছাত্ৰ আছে যি আৰ্থিকভাৱে দুৰ্বল হোৱাৰ পিছতো মেধাৰ ভিত্তিত ছাত্ৰ বৃত্তি লাভ কৰি শিক্ষা গ্ৰহণ কৰি আছে ৷

লগতে পঢ়কঃ চৰকাৰে শিক্ষানুষ্ঠান খোলাৰ দিনাই কিয় প্ৰতিবাদ কৰিলে ছাত্ৰ-ছাত্ৰীয়ে ?

লগতে যদিহে এই পৰীক্ষাত এনে ছাত্ৰ আহে যি বহুত প্ৰতিভাশালী পিছে আৰ্থিকভাৱে দুৰ্ৱল তেনে ছাত্ৰকো সম্পূৰ্ণ ছাত্ৰ বৃত্তি প্ৰদান কৰাৰো ব্যৱস্থা কৰা আছে ৷ বিদ্যালয় খনৰ ডাইভাৰ্চিটি কমিটিৰ অধ্যক্ষ ৰবি সিংঘীয়ে ছাত্ৰ সকলক এই লিখিত পৰীক্ষাৰ বাবে উৎসাহ যোগাবৰ বাবে বৰ্তমানে গুৱাহাটীত আছে ৷ যি পৰীক্ষা ডিচেম্বৰত অনুষ্ঠিত হ'ব লগা মূল পৰীক্ষাৰ চাবি কাঠি ৷ পৰীক্ষাৰ মুঠ সময়সীমা 3 ঘণ্টা ৷ বিষয় সমূহ ক্ৰমে, ভাষা (আঞ্চলিক-ইংৰাজী) আৰু ব্যৱহাৰিক জ্ঞান-বিজ্ঞান আৰু গণিত ৷

লগতে পঢ়কঃ তিতাবৰত ৰাজ্যৰ ভিতৰতে প্ৰথমটো সূতা বেংক প্ৰকল্প উদ্বোধন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.