ETV Bharat / state

মুখ্যমন্ত্ৰীক সাক্ষাৎ ভাৰতীয় চিকিৎসা সন্থাৰ অসম ৰাজ্যিক শাখাৰ

author img

By

Published : Jun 5, 2021, 8:50 PM IST

হোজাইৰ উদালীত চিকিৎসক নিগ্ৰহৰ ঘটনাক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতে শনিবাৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে ভাৰতীয় চিকিৎসা সন্থাৰ অসম ৰাজ্যিক শাখাই ৷ সন্থাই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰও প্ৰদান কৰে ৷

doctors-meet-cm-himanta-biswa-sarma
মুখ্যমন্ত্ৰীক সাক্ষাৎ ভাৰতীয় চিকিৎসা সন্থাৰ অসম ৰাজ্যিক শাখাৰ

গুৱাহাটী, ৫ জুন: ভাৰতীয় চিকিৎসা সন্থাৰ অসম ৰাজ্যিক শাখাই শনিবাৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাক লগ ধৰি অভিনন্দন জনোৱাৰ লগতে মঙলবাৰে হােজাইৰ উদালী ক’ভিড সেৱা কেন্দ্রত কনিষ্ঠ চিকিৎসক এজন প্রহৃত হােৱা ঘটনাক গুৰুত্ব সহকাৰে লৈ তাৎক্ষণিক ব্যৱস্থা গ্রহণ কৰা বাবে ধন্যবাদ জনায় । যিহেতু সম্প্রতি অসমত স্বাস্থ্য সেৱা কর্মীসকল সঘনাই ৰােগীৰ আত্মীয় তথা কিছুমান দুষ্ট লােকৰ দ্বাৰা আক্ৰমণৰ সন্মুখীন হােৱাৰ ঘটনা বাঢ়ি যােৱা পৰিলক্ষিত হৈছে গতিকে এই ঘটনাসমূহৰ স্থায়ী সমাধানৰ বাবে সন্থাৰ তৰফৰ পৰা চৰকাৰলৈ কেইটামান পৰামৰ্শ আগবঢ়োৱা হয় ।

মুখ্যমন্ত্ৰীক প্ৰদান কৰা স্মাৰকপত্ৰত সন্থাই কেতবোৰ দাবী উত্থাপন কৰে ৷ দাবীসমূহ ক্ৰমে- সকলাে চৰকাৰী চিকিৎসালয়, স্বাস্থ্যসেৱা কেন্দ্র তথা ক’ভিড সেৱা কেন্দ্রসমূহত তাৎক্ষণিকভাৱে সশস্ত্ৰ নিৰাপত্তাৰক্ষী নিয়ােগ কৰা, সকলাে চৰকাৰী চিকিৎসালয় তথা স্বাস্থ্য সেৱা কেন্দ্ৰত দিনটোৰ চব্বিশ ঘন্টাই বিদ্যুৎ যােগান অব্যাহত থাকিব লাগে । সকলাে চৰকাৰী চিকিৎসালয় আৰু স্বাস্থ্য সেৱা কেন্দ্ৰত ২৪ ঘণ্টাই চিচিটিভিৰ ব্যবস্থা কৰিব লাগে । সকলাে চিকিৎসালয় আৰু স্বাস্থ্যসেৱা কেন্দ্ৰত " কোড গ্রে" ৰ ব্যৱস্থা কৰি নিয়মিত মকভ্রিল আৰু উচ্চ শব্দ যুক্ত সংকেত চাইৰেন-ৰ ব্যৱস্থা কৰিব লাগে । চিকিৎসক তথা চিকিৎসালয়ৰ ওপৰত অত্যাচাৰ কৰা ব্যক্তিৰ শাস্তি প্রদানৰ ক্ষেত্ৰত চৰকাৰ কঠোৰ হােৱা উচিত আৰু The Assam Medicare Service Institutions (Prevention of Violence and damage to property) আইন ২০১১ সংশােধন কৰি অধিক কঠোৰ কৰিব লাগে । তাৰে ভিতৰত ১০ বছৰলৈ জেইল, ৫ লাখ টকাৰ জৰিমনা আৰু ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি শাস্তি প্রদানৰ ব্যৱস্থা কৰিব লাগে ।

তদুপৰি আন কেতবোৰ দাবী স্মাৰকপত্রত উল্লেখ কৰে যেনে: এজন ৰােগীৰ সৈতে দুজনতকৈ অধিক আত্মীয়ৰ উপস্থিতিৰ ক্ষেত্রত কঠোৰ নিয়ম বলবৎ কৰিব লাগে । ৰাজ্যৰ সকলাে স্পর্শকাতৰ অঞ্চল সমূহ চিনাক্ত কৰি তাত নিয়ােগ কৰা কনিষ্ঠ চিকিৎসক জনক এজন জ্যেষ্ঠ চিকিৎসকৰ তত্বাৱধানত ৰাখিব লাগে । সকলাে ব্যক্তিগত চিকিৎসালয় তথা স্বাস্থ্য সেৱা কেন্দ্রতাে নিৰাপত্তাৰ দিশত গুৰুত্ব দিবলৈ নির্দেশ দিয়া উচিত ।

লগতে পঢ়ক: নগাঁৱৰ ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.