ETV Bharat / state

গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত চিকিৎসক দিৱস পালন

author img

By

Published : Jul 1, 2021, 6:17 PM IST

পশ্চিমবংগৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী তথা বিশিষ্ট চিকিৎসক প্ৰয়াত ডাঃ বিধান চন্দ্ৰ ৰয়ৰ জন্মদিনটোত সমগ্ৰ দেশতে উদযাপন কৰা হয় চিকিৎসক দিৱস ৷ হেল্থ চিটি হাস্পতাল কৰ্তৃপক্ষই বিগত বৰ্ষবোৰৰ দৰেই এইবেলিও কেক কাটি ডাঃ বি চি ৰায়ৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে হাস্পতালখনৰ চিকিৎসকসকলক সম্বৰ্ধনা জনায় ।

doctors-day-is-celebrated-at-guwahati-health-city-hospital-
কেক কাটি উদযাপন কৰা হয় চিকিৎসক দিৱস

গুৱাহাটী, 1 জুলাই : ৰোগীসকলৰ বাবে চিকিৎসকসকল দেৱতা বা ভগৱানৰ লেখীয়া । এই চিকিৎসকসকলে মানৱ জাতিলৈ আগবঢ়োৱা মানৱীয় সেৱাৰ বাবে তেওঁলোকক কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্যে উদযাপন কৰা হয় এটা বিশেষ দিন । প্ৰতি বছৰৰ ১ জুলাইৰ দিনটো ‘চিকিৎসক দিৱস’(Doctors Day) হিচাপে পালন কৰি অহা হৈছে ৷ যিটো প্ৰতিজন চিকিৎসকৰ বাবে এটা বিশেষ দিন ।

ভাৰতত চিকিৎসক দিৱসৰ আঁৰত আছে এটা অতি আকৰ্ষণীয় কাহিনী । এই দিৱস ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্ম দিৱসত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে পালন কৰা হয় । এই বিখ্যাত চিকিৎসকজনৰ জন্ম হৈছিল 1882 চনৰ 1 জুলাইত আৰু মৃত্যু হৈছিল 1962 চনৰ 1 জুলাইত । ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ সৈতে সংগতি ৰাখি মহানগৰীৰ হেল্থ চিটি হাস্পতালত বৃহস্পতিবাৰে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

উল্লেখ্য যে, ভাৰতবৰ্ষৰ প্ৰবাদ প্ৰতীম চিকিৎসক ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্ম দিনটোক প্ৰত্যেক বছৰে নেছনেল ডক্টৰছ ডে' হিচাপে পালন কৰা হয় । হেল্থ চিটি হাস্পতাল কৰ্তৃপক্ষই বিগত বৰ্ষবোৰৰ দৰেই এইবেলিও কেক কাটি ডাঃ বি চি ৰায়ৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে হাস্পতালখনৰ চিকিৎসকসকলক সম্বৰ্ধনা জনায় । ক'ভিড প্ৰ'টকল মানি অনুষ্ঠিত কৰা চিকিৎসক দিৱসৰ অনুষ্ঠানত হেল্থ চিটি হাস্পতালৰ চিকিৎসা সঞ্চালক ডাঃ ভৱানী প্ৰসাদ চক্ৰৱৰ্তীয়ে কয়-' ভয়াৱহ ক'ভিড পৰিস্থিতিত নিজৰ জীৱনক তুচ্ছ কৰি চিকিৎসকসকলে যি আদৰ্শ আৰু সেৱাৰ মনোবৃত্তি প্ৰকাশ কৰি আহিছে, সেয়া ডাঃ বি চি ৰায়ৰ আদৰ্শকে প্ৰতিফলিত কৰে ।

বংগৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছতো মানৱ দৰদী ডাঃ ৰায়ে বিন্দুমাত্ৰ অৱহেলা নকৰাকৈ ৰোগীক চিকিৎসা সেৱা আগবঢ়াইছিল । তেওঁৰ জীৱনটোৱেই আছিল ৰোগীৰ বাবে উৎসৰ্গীকৃত ।' আনহাতে হেল্থ চিটি হাস্পতালৰ ফেচিলিটি ডাইৰেক্টৰ পৰাগজ্যোতি দত্তই চিকিৎসকসকলক হাস্পতালৰ প্ৰাণ বুলি আখ্যা দি কয়-' প্ৰতিজন চিকিৎসকেই অতি দায়বদ্ধতাৰে ৰোগীক সেৱা আগবঢ়াবলৈ ২৪ ঘণ্টাই সাজু হৈ থাকে ।

তথাপিও বহু সময়ত বহু চিকিৎসক ৰোগীৰ আত্মীয়ৰ দ্বাৰা আক্ৰমণৰ সন্মুখীন হোৱাটো দুৰ্ভাগ্যজনক' ৷ হেল্থ চিটি হাস্পতালৰ চিকিৎসা সেৱা সঞ্চালক ডাঃ অতনু বৰঠাকুৰ, অধীক্ষক ডাঃ হেমজিৎ তালুকদাৰৰ লগতে জ্যেষ্ঠ চিকিৎসকসকল উপস্থিত থকা অনুষ্ঠানত এইচডিএফচি বেংকৰ সহযোগত ১০ গৰাকী চিকিৎসকক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক: প্ৰতিষেধক নোপোৱাৰ বাবে ৰংপুৰত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.