ETV Bharat / state

তিনিদিনে সন্ধান নাই চিকিৎসক বিকাশ ৰঞ্জন দাসৰ, কি আছে আত্মহত্যা টোকাত ? - গুৱাহাটী চিকিৎসক ছুইচাইড নোট

আত্মহত্যাৰ টোকা লিখি থৈ নিৰুদ্দেশ হৈ আছে গুৱাহাটীৰ এগৰাকী চিকিৎসক ৷ চিকিৎসকগৰাকীৰ নাম ডাঃ বিকাশ ৰঞ্জন দাস ৷ চিকিৎসকগৰাকীৰ শেহতীয়াকৈ বিবাহ বিচ্ছেদ হোৱা বুলি জানিব পৰা গৈছে ৷

Guwahati doctor missing
তিনিদিনে সন্ধান নাই চিকিৎসক বিকাশ ৰঞ্জন দাসৰ
author img

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 8:43 PM IST

তিনিদিনে সন্ধান নাই চিকিৎসক বিকাশ ৰঞ্জন দাসৰ

গুৱাহাটী, ২৪ নৱেম্বৰ : আত্মহত্যাৰ টোকা লিখি নিৰুদ্দেশ হৈ আছে গুৱাহাটীৰ এগৰাকী চিকিৎসক ৷ চান্দমাৰী নিজৰাপাৰস্থিত ব্লুবেল ৰেঙনী নামৰ এপাৰ্টমেণ্টটোৰ নিবাসী ডাঃ বিকাশ ৰঞ্জন দাস নামৰ চিকিৎসকগৰাকীয়ে আত্মহত্যাৰ টোকা লিখি ২২ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

ইতিমধ্যে চিকিৎসকগৰাকীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত চান্দমাৰী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি ডাঃ বিকাশ ৰঞ্জন দাসৰ সম্ভেদ বিচাৰি অভিযান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত কোনো সম্ভেদ উলিয়াব পৰা নাই । আৰক্ষী সূত্ৰে জানিব পৰা মতে ব্লুবেল ৰেঙনী এপাৰ্টমেণ্টৰ দ্বিতীয় মহলাৰ আই-2 নং ফ্লেটৰ বাসিন্দা ডাঃ বিকাশ ৰঞ্জন দাসে বুধবাৰে পুৱাৰ ভাগত নিজৰ কোঠাত আত্মহত্যাৰ টোকা এৰি ওলাই যায় ।

সেইদিনাৰ পৰা চিকিৎসক ডাঃ বিকাশ ৰঞ্জন দাস সন্ধানহীন হৈ আছে । জানিব পৰা মতে অলপতে ডাঃ বিকাশ ৰঞ্জন দাসৰ বিবাহ বিচ্ছেদ হৈছিল । মূলতঃ পাৰিবাৰিক অশান্তিৰ বাবে চিকিৎসকগৰাকীয়ে আত্মহত্যাৰ টোকা লিখি চৰম পন্থা বাচি লোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

ফ্লেটটোত বসবাস কৰা একাংশ লোকে জানিবলৈ দিয়া মতে কিছুদিনৰ পৰা চিকিৎসকগৰাকীৰ মানসিক অৱস্থা সুস্থিৰ নাছিল । আনকি ফ্লেটটোৰ বাসিন্দাসকলকো মাতবোল কৰা নাছিল । বহুতেই পত্নীৰে হোৱা বিচ্ছেদৰ দুখত চিকিৎসকগৰাকীৰ এনেকুৱা মানসিক অৱস্থা হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছিল ।

আনহাতে বুধবাৰে পুৱাৰ ভাগত চিকিৎসকগৰাকী নিজৰ কোঠাৰ পৰা ওলাই যোৱাৰ পাচৰে পৰা পৰিয়ালৰ সৈতেও যোগাযোগ হোৱা নাই । আনকি চিকিৎসকগৰাকীৰ মোবাইল ফোনো অফ হৈ আছে । যাৰ বাবে দুঃচিন্তাত ভোগা ডাঃ বিকাশ ৰঞ্জন দাসৰ পিতৃ-মাতৃয়ে চান্দমাৰী আৰক্ষীৰ কাষ চাপে ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰজু কৰি চিকিৎসকগৰাকীৰ সন্ধানত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । চিকিৎসকগৰাকী কি কাৰণত কি পৰিস্থিতিৰ সন্মুখীন হৈ জীৱনৰ প্ৰতি বিৰাগ হৈ আত্মহত্যাৰ টোকা লিখি এনেদৰে নিৰুদ্দিষ্ট হ’বলগীয়া হ’ল, সেয়াই সচেতন মহলৰ মাজত চিন্তাৰ উদ্ৰেগ ঘটাইছে ।

লগতে পঢ়ক : আলফা স্বাধীনৰ শিবিৰত মৃত্যু মাহমৰাৰ বুবুল সন্দিকৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.