গুৱাহাটী, ৩০ এপ্রিল: বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত ১১টা বিৰোধী দল ঐক্যবদ্ধ হৈছে যদিও কংগ্ৰেছৰ চৰ্তই এই মিত্রতাত আউল লগোৱাৰ সম্ভাৱনা আছে (Preparation of Congress for Lok Sabha election) । বিৰোধী ঐক্যৰ এক বিশ্বস্ত সূত্রই সদৰী কৰা মতে, কংগ্ৰেছে লোকসভা নিৰ্বাচনত নিজৰ প্ৰাৰ্থী দিব বিচাৰিছে আৰু এইক্ষেত্রত বিৰোধী ঐক্যৰ সহযোগিতা কামনা কৰিছে । অৱশ্যে ইয়াৰ বিনিময়ত কংগ্ৰেছে ঐক্যবদ্ধ হোৱা বিৰোধী দলসমূহক ২০২৬ৰ বিধানসভাৰ নিৰ্বাচনত আসন এৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে ।
কংগ্ৰেছৰ এই চৰ্তই স্বাভাৱিকতে বিৰোধী ঐক্যত ভাঙোন অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে (Opposition party unity in Assam)। লক্ষণীয় বিষয় যে এ আই ইউ ডি এফক বাদ দি বাকী বিৰোধী শক্তিক এক কৰাৰ বাবে কংগ্ৰেছে ১১টা বিৰোধী ৰাজনৈতিক দলক লৈ ইতিমধ্যে দুবাৰকৈ বৈঠকত মিলিত হৈছে । বিৰোধী শক্তিয়ে একমাত্র বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত একলগ হৈছে যদিও কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিজাববীয়াকৈ ৰণকৌশল অৱলম্বন কৰিছে ।
কংগ্ৰেছে ১৪টাৰ প্ৰায় সংখ্যক সমষ্টিতে নিজা প্ৰাৰ্থী দিয়াৰ লক্ষ্যৰে প্ৰস্তুতি আৰম্ভ কৰিছে । কংগ্ৰেছ দলে এফালে ১০টাকৈ বিৰোধী দলৰে বৈঠক অনুষ্ঠিত কৰাৰ বিপৰীতে দখলত নথকা ১১টা সমষ্টিত তৎপৰতা আৰম্ভ কৰিছে । সমষ্টিৰ দলীয় নেতাসকলৰে পৃথকে পৃথকে বৈঠকত মিলিত হৈছে । লক্ষণীয় বিষয় যে কংগ্ৰেছে যিসমূহ ৰাজনৈতিক দলক লৈ বিজেপিৰ বিৰুদ্ধে লোকসভাৰ আগন্তুক নিৰ্বাচনত যুঁজ দিয়াৰ ৰণকৌশল প্ৰস্তুত কৰি আছে সেই ৰাজনৈতিক দলসমূহৰ অধিকাংশৰে সাংগঠনিক স্থিতিক লৈ সন্দেহৰ অৱকাশ আছে । ৰাইজৰ দল আৰু চি পি আই (এম) দলৰ এজনকৈ বিধায়ক থকাৰ বাহিৰে অসম বিধানসভাত অন্য দলৰ প্রতিনিধি শূন্য ।
লোকসভা বা ৰাজ্যসভাতো দলসমূহৰ কোনো প্রতিনিধি নাই । তেনে পৰিস্থিতিত কংগ্ৰেছে কৌশলপূৰ্ণভাৱে চি পি আই (এম), চি পি আই, চি পি আই (এম এল), আৰ জে ডি, জে ডি (ইউ), অসম তৃণমূল কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, অসম জাতীয় দল আৰু এন চি পিৰ বিভিন্ন লোকসভা সমষ্টিত থকা ভোট বেংকৰ সুবিধা লোকসভাৰ নিৰ্বাচনত ল'ব বিচাৰিছে ।
ইফালে, বিৰোধী ঐক্যত কংগ্ৰেছ দল বিগ ব্রাডাৰৰ ভূমিকা ল'ব বিচাৰিছে । সেয়ে কংগ্ৰেছ দলে বিজেপি বিৰোধী অন্য ৰাজনৈতিক দলসমূহে আগন্তুক লোকসভাৰ নির্বাচনত নিজে প্রতিদ্বন্দ্বিতা কৰাৰ পৰিৱৰ্তে কংগ্ৰেছকহে সহায় কৰাটো বিচাৰিছে । লোকসভাত কংগ্ৰেছক সহায় কৰিলে ২০২৬ৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলে মিত্র ৰাজনৈতিক দলসমূহক কিছু আসন এৰি দিব । এই ৰণকৌশলেৰে কংগ্ৰেছ দলে লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব বিচাৰিছে ।
কংগ্ৰেছৰ এই ৰণকৌশল কিমানদূৰ সফল হ’ব তাক লৈ সন্দেহ আছে । কাৰণ লোকসভা নিৰ্বাচনত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে নিজৰ প্ৰাৰ্থী থিয় কৰোৱাৰ কুচকাৱাজ ইতিমধ্যে আৰম্ভ কৰিছে । ৰাইজৰ দলৰ মূল লক্ষ্য যোৰহাট লোকসভা সমষ্টি হোৱাৰ বিপৰীতে অসম জাতীয় পৰিষদে ডিব্ৰুগড় সমষ্টিক লৈ যথেষ্ট তৎপৰ হৈ পৰিছে । ইফালে, অসম তৃণমূল কংগ্ৰেছ দলে নিৰ্বাচনৰ সময়ত মিত্রতা কৰিলেও আসন এৰা ধৰাৰ ক্ষেত্ৰত দলটোৰ শীৰ্ষ নেতৃত্বইহে চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব । তেনে ক্ষেত্ৰত কংগ্ৰেছে বিগ ব্রাডাৰৰ ভূমিকাত অৱতীৰ্ণ হৈ ১৪টা সমষ্টিত প্রার্থিত্ব দিয়াৰ পৰিকল্পনাত কিমানদূৰ সফল হ'ব সেয়া সময়েহে ক'ব ।
ইতিমধ্যে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত বিৰোধী ঐক্যই ত্যাগ স্বীকাৰ কৰিব লাগিব বুলি সদৰী কৰিছে । তেনেস্থলত কংগ্ৰেছক বাদ দি বাকী দলসমূহে ত্যাগ স্বীকাৰ কৰাটো কিমানদূৰ গ্ৰহণযোগ্য হ'ব সেয়া লক্ষণীয় হ'ব ।
লগতে পঢ়ক:Jal Jeevan Mission:মুকলি নৌহওঁতেই ফাটিল জল জীৱন মিছনৰ পানীৰ পাইপ