ETV Bharat / state

MLA Atul Bora on Polygamy: চৰাঞ্চলত সন্তান জন্ম দিয়া ইণ্ডাষ্ট্ৰী আছে বুলি ক’লেও চৰকাৰৰ বিষয়ে একো নকয় অতুল বৰাই

author img

By

Published : May 10, 2023, 10:56 PM IST

বহুবিবাহ সন্দৰ্ভত বিস্ফোৰক মন্তব্য বিজেপি বিধায়ক অতুল বৰাৰ ৷ অসমৰ চৰাঞ্চলত সন্তান জন্ম দিয়াৰ ইণ্ডাষ্ট্ৰী থকা বুলি উল্লেখ বিধায়ক বৰাৰ ৷ লগতে চৰকাৰৰ বিষয়ে বহু কথা ক’বলৈ আছে যদিও সমালোচনা কৰিবলৈ ভয় কৰা বুলি অকপটে স্বীকাৰ বিধায়কগৰাকীৰ (Dispur MLA Atul Bora reacts in price hike)৷

Dispur MLA Atul Bora press meet in Guwahati
মূল্যবৃদ্ধিৰ বাবে শাক-পাচলি কমকৈ খাই ভাত সৰহকৈ খোৱাৰ উপদেশ বিধায়ক অতুল বৰাৰ

গুৱাহাটী, 10 মে’: "সতি সন্ততি জন্ম দিয়াটো চৰ অঞ্চলৰ লোকৰ বাবে এটা ডাঙৰ ইণ্ডাষ্ট্ৰী । অসমৰ চৰ অঞ্চলত থকা লোকসকলৰ সন্তান জন্ম দিয়া ইণ্ডাষ্ট্ৰীসমূহ বন্ধ হ’ব লাগে । চৰৰ এজন মানুহে 20 টালৈ সন্তান জন্ম দিয়ে । ল’ৰা এটা জন্ম দিয়াৰ পিচত 8/9 বছৰ বয়সতেই গুৱাহাটীলৈ কণী বেচিবলৈ পঠিয়াই দিয়াটোৱেই তেওঁলোকৰ কাম । এজন পুৰুষৰ 10 গৰাকীলৈকে পত্নী থাকে ৷ এগৰাকী পত্নীয়ে 2 টাকৈ সন্তান জন্ম দিলেও 20 টা সন্তান হৈ যায় ৷ গতিকে চৰ অঞ্চলসমূহত সন্তান জন্ম দিয়াৰ ইণ্ডাষ্ট্ৰী থকাৰ পিচত বেলেগ ইণ্ডাষ্ট্ৰীৰ প্ৰয়োজন নাই ৷" বুধবাৰে বহু বিবাহ সন্দৰ্ভত দিছপুৰৰ বিধায়ক অতুল বৰাই এক সংবাদমেল আয়োজন কৰি এই মন্তব্য প্ৰকাশ কৰে (Dispur MLA Atul Bora press meet) ৷

ইফালে শিলসাঁকোত স্থিত এ আই ইউ ডি এফৰ সাংসদ বদৰুদ্দিন আজমলৰ বাসগৃহৰ লগতে জিঞ্জাৰ হোটেল উচ্ছেদ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়কগৰাকীয়ে কয় যে, চৰকাৰে কেৱল সাধাৰণ মানুহৰ ঘৰহে উচ্ছেদ কৰিলে কিন্তু এতিয়ালৈ পুঁজিপতিসকল থাকি গ'ল । সেয়ে আজমলৰ ঘৰৰ লগতে জিঞ্জাৰ হোটেল উচ্ছেদ কৰাৰ বাবে চৰকাৰক দাবী উত্থাপন কৰে । অসমত জনসংখ্যা বৃদ্ধিৰ একমাত্ৰ কাৰণ বাংলাদেশী লোকসকল বুলিও বিধায়কগৰাকীয়ে ব্যক্ত কৰে (Dispur MLA Atul Bora reacts on Silsako eviction)।

ইফালে বিজেপি চৰকাৰে আজিৰ দিনটোত দুবছৰ সম্পূৰ্ণ কৰা উপলক্ষে চৰকাৰৰ সফলতা বিফলতাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক অতুল বৰাই কয়, ‘‘চৰকাৰৰ বিষয়ে ক’বলগীয়া কথা বহু আছে, কিন্তু মই আজি একো নকওঁ । কেইদিনমান পিছত কম ।’’ বৰাই স্পষ্টকৈ কয়, ‘‘মই চৰকাৰক সমালোচনা কৰিবলৈ ভয় নকৰো ।’’

বজাৰত শাক-পাচলিৰ দাম বৃদ্ধি প্ৰসংগটো সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধায়ক বৰাই বজাৰত ৰাসায়নিক সাৰ প্ৰয়োগ কৰা শাক-পাচলি কিনাৰ পৰিৱৰ্তে ঘৰতেই উৎপাদন কৰি খোৱাৰ পৰামৰ্শ আগবঢ়াই । এইক্ষেত্ৰত জনসাধাৰণক পাচলি কমকৈ খোৱাৰ পৰিৱৰ্তে ভাত বেছিকৈ খোৱাৰ বাবে আহ্বান জনাই বিধায়কগৰাকীয়ে (Dispur MLA Atul Bora reacts in price hike)৷

লগতে পঢ়ক: Akhil Gogoi slams Himanta: কংগ্ৰেছ ব্যৰ্থ, আজমল‌ মুখ্যমন্ত্ৰীৰ পকেটত: অখিল‌ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.