ETV Bharat / state

প্ৰাগজ্যোতিষপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীত প্ৰতিবাদ - ডঃ হিমন্ত বিশ্ব শৰ্মা

বিভিন্ন দল সংগঠনৰ লগতে সদৌ কলিতা ছাত্ৰ সন্থাইও লাষ্ট গেটত প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকৰ দাবী সমূহ সমাধানৰ বাবে চৰকাৰক হেঁচা প্ৰয়োগ কৰে।

প্ৰাগজ্যোতিষপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীত প্ৰতিবাদ

author img

By

Published : Mar 6, 2020, 2:59 PM IST

Updated : Mar 6, 2020, 3:08 PM IST

গুৱাহাটী, 6 মাৰ্চঃ প্ৰাগজ্যোতিষপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীত সদৌ কলিতা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। কলিতা জনগোষ্ঠীৰ উন্নয়নৰ হকে চৰকাৰে পদক্ষেপ গ্ৰহণ নকৰিলে ২০২১ বিধানসভা নিৰ্বাচিত নিজা প্ৰাৰ্থী প্ৰদানৰ হুংকাৰ। শুকুৰবাৰে ৰাজ্যৰ বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদনত উত্থাপন কৰে ৰাজ্যিক বাজেট। এফালে সদনত বিত্তমন্ত্ৰীৰ বাজেট উত্থাপন আনফালে লাষ্ট গেটত বিভিন্ন দল সংগঠনৰ উত্তাল প্ৰতিবাদ। বিভিন্ন দল সংগঠনৰ লগতে সদৌ কলিতা ছাত্ৰ সন্থাও লাষ্ট গেটত প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকৰ দাবী সমূহ সমাধানৰ বাবে চৰকাৰক হেঁচা প্ৰয়োগ কৰে। প্ৰাগজ্যোতিষপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন,কলিতা জনগোষ্ঠীক অনুসূচীত জনজাতিকৰণ আৰু কলিতা জনগোষ্ঠীক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত সদৌ কলিতা ছাত্ৰ সন্থাৰ সদস্য সকলে লাষ্ট গেটত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে অভিযোগ উত্থাপন কৰে যে ৰাজ্যৰ বিজেপি চৰকাৰখনে কলিতা জনগোষ্ঠীৰ সমস্যা সমূহ সমাধানৰ বাবে বাৰম্বাৰ আলোচনালৈ মতাৰ পিছতো কলিতা জনগোষ্ঠীৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই।

DISPUR LAST GATE KALITA STUDENTS UNION PROTEST ETV NEWS
সদৌ কলিতা ছাত্ৰ সন্থাৰ প্ৰতিবাদ
প্ৰতিবাদকাৰী সকলে তেওঁলোকৰ সমস্যা সমূহ অতি শীঘ্ৰে সমাধান কৰাৰ বাবে প্ৰতিবাদস্থলীৰ পৰা মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। চৰকাৰে কলিতা জনগোষ্ঠীৰ লোকসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ক্ষীপ্ৰতাৰে পদক্ষেপ গ্ৰহণ নকৰিলে আগন্তক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচিত কলিতা নিজা প্ৰাৰ্থী প্ৰদান কৰাৰ হুংকাৰ দিয়ে।
প্ৰাগজ্যোতিষপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীত প্ৰতিবাদ

লগতে চাওকঃ

কলগাছিয়াৰ চানপুৰ গাঁৱত ভস্মীভূত তিনিটাকৈ ঘৰ

Last Updated : Mar 6, 2020, 3:08 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.