ETV Bharat / state

নতুন দলে মাতিছে বিপদ- অগপ,বিজেপিত গৰাখহনীয়াৰ আশংকা

author img

By

Published : Sep 14, 2020, 5:06 PM IST

নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন হোৱাৰ পিচতে গৰাখহনীয়াৰ সৃষ্টি হ'ব পাৰে অগপ আৰু বিজেপি দললৈ ৷ ইতিমধ্যে, তৃণমূল পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্য়ায়ৰ বহু নেতা নতুন দলত যোগদান কৰাৰ কুচকাৱাজ চলিছে ৷ অতিশীঘ্ৰে অসম গণ পৰিষদৰ জিলা পৰ্যায়ৰ 11 খন কমিটীয়ে একেলগে অগপ ত্যাগ কৰি নতুন দলত যোগ দিয়াৰ সম্ভাৱনা প্ৰকট হৈছে ৷

Disgruntled BJP, AGP leaders might eye new political party in Assam
নতুন আঞ্চলিক দলৰ উত্থানে বিপদঘন্টা বজাব নেকি শাসকীয় দললৈ

গুৱাহাটী, 14 ছেপ্তেম্বৰ : যদিহে ভবামতে সকলো ঠিকে থাকে তেতিয়াহলে নতুন আঞ্চলিক দলৰ উত্থানে ভয়াৱহ গৰাখহনীয়াৰ দিশে ঠেলি দিছে অসম গণ পৰিষদ আৰু বিজেপি দলক । সোমবাৰে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত গঠিত হোৱা নতুন আঞ্চলিকতাবাদী ৰাজনৈতিক দল 'অসম জাতীয় পৰিষদ' ৰ কথা আনুষ্ঠানিকভাৱে ঘোষিত হোৱাৰ লগে লগে অগপ আৰু বিজেপিত গৰাখহনীয়াৰ সৃষ্টি হোৱাটো নিশ্চিত হৈ পৰিছে ।

বিশেষ সূত্ৰৰ তথ্য অনুসৰি,দুয়োটা শাসকীয় দলতে তাৰ নেতৃত্বৰ দ্বাৰা উপেক্ষিত আৰু অৱহেলাৰ বলি হৈ অহা তৃনমূল পৰা ৰাজ্যিক পৰ্যায়লৈ বিভিন্ন স্তৰৰ ভালে সংখ্যক নেতাকৰ্মীয়ে অতি শীঘ্ৰেই অসম জাতীয় পৰিষদত যোগ দিয়াটো নিশ্চিত হৈছে ।

আনহাতে,দুয়োটা শাসকীয় দলৰে কেইবাগৰাকীও বিধায়ক নতুন আঞ্চলিক দলত যোগ দিয়াটো প্ৰায় নিশ্চিত হৈছে । সূত্ৰটোৰ মতে,দিছপুৰ সমষ্টিৰ বিজেপি বিধায়ক অতুল বৰা আৰু পাটাছাৰকুছিৰ অগপ বিধায়ক পবিন্দ্ৰ ডেকা এই নতুন দললৈ অহাটো প্ৰায় নিশ্চিত হৈছে । একেদৰে,দলৰ দৃষ্টিত গুৰুত্বহীন হৈ থকা পুলকেশ বৰুৱা,বৃন্দাবন গোস্বামী,গিৰিন বৰুৱা,অলকা দেশাই শৰ্মা,গুনীন হাজৰিকা,উৎপল দত্ত আদিকে কৰি কেইবাগৰাকীও জোষ্ঠ নেতাই এই নতুন দলত যোগ দিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : এইবাৰ তিতাবৰত সহজ নহ'ব তৰুণ গগৈৰ নিৰ্বাচনী যুঁজ..

ইফালে, পুলকেশ বৰুৱাই বৰক্ষেত্ৰী সমষ্টি,গিৰিন বৰুৱাই নগাঁও সদৰ আৰু গুনীন হাজৰিকাই কলিয়াবৰ সমষ্টিত নতুন দলৰ পৰা নিৰ্বাচন প্ৰাৰ্থীত্ব আগবঢ়াব বুলিও বিশেষ সূ্ত্ৰৰ তথ্যত স্পষ্ট হৈছে । সূত্ৰটোৰ মতে,অগপ সভাপতি অতুল বৰাৰ বিৰুদ্ধে বোকাখাটত নতুন দলৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াব সমষ্টিটোৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে । একেদৰে,এই দলৰ গঠন প্ৰক্ৰিয়াত জড়িত হৈ পৰা দেশৰ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত ৰঞ্জিত শেখৰ মুছাহাৰীয়েও ৰঙিয়া সমষ্টিত নতুন দলৰ পৰা নিৰ্বাচন খেলিব বুলিও সূত্ৰটোৱে জানিবলৈ দিয়ে ।

উল্লেখ্যখনীয় যে,নতুন দলৰ দুই মুখ্য আহ্বায়ক কৃষ্ণ গোপাল ভট্টাচাৰ্য আৰু বসন্ত ডেকাই এই লোক সকলৰ সৈতে যোগাযোগ কৰি যোগদান পৰ্ব বাস্তবায়িত কৰাৰ বাবে তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । আনকি,নতুন দলে প্ৰাক্তন অগপ মন্ত্ৰী জগদীশ ভূঞাক সমন্বয়ক নিযুক্তি দিয়া কথাই বিশেষ তাৎপৰ্য বহন কৰিছে । ইটিভি ভাৰতৰ হাতত পৰা তথ্য অনুসৰি, অতিশীঘ্ৰে অসম গণ পৰিষদৰ জিলা পৰ্যায়ৰ 11 খন কমিটীয়ে একেলগে অগপ ত্যাগ কৰি নতুন দলত যোগ দিয়াৰ সম্ভাৱনা প্ৰকট হৈছে ৷

লগতে পঢ়ক : হোজাইৰ দেৱস্থানত জালনোটসহ আটক অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.